Breaking News
This website is the best free notes provider in assamese medium. I you have caught any mistake please contact,

সমাজ বিজ্ঞান | ইতিহাসৰ প্ৰথম অধ্যায় | ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন।

Class 9 Social Science Question Answer | SEBA Class 9 Social Science Answer | Class 9 Social Science Solution | How to Download Class 9 Social Science Free Books PDF | Assamese Medium Class 9 Social Science Free Notes | Class 9 Social Science All Answer |Class IX Social Science Answer | নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ | Assam Board | 

সমাজ বিজ্ঞানৰ | ইতিহাসৰ প্ৰখম অধ্যায় | ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পর্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোন প্ৰথমে উপস্থিত হৈছিল?

 উত্তৰ : ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পর্তুগীজ নাৱিকজন হৈছে ভাস্ক-ডা-গামা।

     তেওঁ ১৪৯৮ খ্ৰীঃত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

 প্রশ্ন ২। জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজনকোন আছিল? 

উত্তৰ : জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন হ'ল ফ্রান্সিছ ড্রেক।

প্রশ্ন ৩। ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ ভাৰত ভূমিত পোন প্রথমে জেমচ মিলভেন নামৰ ইংৰাজ নাবিকে ১৫৯৯ খ্ৰীঃত প্ৰৱেশ কৰিছিল।

প্রশ্ন ৪। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক'ত গঠন হৈছিল?

উত্তৰ : ১৬০০ খ্ৰীঃত ইংলিছ ইণ্ডিয়া কোম্পানি লণ্ডনত গঠন হৈছিল। 

প্রশ্ন ৫। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। 

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল

(ক) বেহা-বেপাৰ বৰা। (খ) ভাৰতত ইংৰাজৰ শাসন প্রতিষ্ঠা কৰা।

প্রশ্ন ৬। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল ?

উত্তৰ : ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ হৈছিল।

প্রশ্ন ৭। 'ফর্ট উইলিয়াম' কি?

উত্তৰ : ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতাত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই বাণিজ্য কেন্দ্ৰটোৰ নাম 'ফৰ্ট উইলিয়াম'। (মছলিপট্ৰমত ১৬১১ খ্ৰীঃত স্থাপিত)

 প্রশ্ন ৮। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাৰ পাৰি সময় উল্লেখ কৰি লিখা। 

উত্তৰ : পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা হ'ল

(ক) প্ৰথমটো, মোগল সাম্রাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে। 

(খ) দ্বিতীয়টো, ১৮৫৮ খ্রী:ৰ পৰা ১৯৪৭ খ্রীতে ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।

প্রশ্ন ৯। 'ভাৰত চৰকাৰ আইন' কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল ? 

উত্তৰ: 'ভাৰত চৰকাৰ আইন' ১৮৫৮ খ্ৰীতে ২ আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্রণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল— ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া।

প্রশ্ন ১০। ভাৰতীয় পৰিষদ আইন' কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল?

উত্তৰ: 'ভাৰতীয় পৰিষদ আইন' ব্ৰিটিছ সংসদে প্রণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্রশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

____________________________

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।

উত্তৰ : ইংৰাজে ভাৰতৰ লগত বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে ১৫৯৯ খ্ৰী:ত জেমচ মিলভেন হল নামৰ ইংৰাজ নাৱিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ পোন প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰতত প্ৰৱেশ কৰিয়েই প্ৰাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্রী:ত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্রতিষ্ঠান লণ্ডনত গঠন কৰিছিল। এই প্রতিষ্ঠানটোকেই “ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি” বুলি জনা যায়।

         ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান (Magellan) প্রণালী পর্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল।

        ১৬০৮ খ্ৰী.ত ইংলেণ্ডৰ ৰজা প্রথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীবলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল। ১৬০৯ খ্ৰীৰ এপ্ৰিল মাহত হকিন্স, আগ্রাত উপস্থিত হৈ

[       মোগল সম্রাট জাহাংগীৰক তেওঁৰ ৰাজদৰবাৰত সাক্ষাৎ কৰে। এয়াই আছিল ইংৰাজৰ প্ৰথম ভাৰতৰ আগ্ৰাত প্ৰবেশ। কেপ্তেইন হকিন্সে প্রায় দুই বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্রাট জাহাংগীৰৰ পৰা বেহা-বেপাৰৰ কিছুমান সা-সুবিধা আদায়ৰ চেষ্টা কৰিছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্রাট জাহাংগীৰে মানি লোৱা নাছিল।

         ১৬১৫ খ্ৰীত ইংলেণ্ডৰ ৰজা প্রথম জেমছে ছাৰ টমাছ ৰ’ (Sir Thomas Roe) নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ পঠিয়াই দিছিল। টমাছ ৰ'ৱে আজমীৰত উপস্থিত হৈ সম্রাট জাহাংগীৰক দেখা কৰিছিল। টমাছ ব'ই কোনোধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰ সকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনর অনুমতি প্রদান কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্ৰচেষ্টা চলাই থাকিল আৰু ভিন ভিন ঠাইত বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিল।

        ১৭১৫ খ্ৰীত জন ছাৰমানৰ (John Surman) নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতি দলে মোগল সম্রাট ফাখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট ফাখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগত ভুগি থকা সম্রাট ফাকখছিয়াৰক ইংৰাজ সঁজাতি দলটোৰ চিকিৎসক ডাঃ হেমিলটনে চিকিৎসা কৰি তেওঁক বেমাৰৰ পৰা উদ্ধাৰ কৰিছিল। এই সঁজাতি দলটোৰ প্ৰতি সম্রাট ফাখছিয়াৰে সদব্যৱহাৰৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্র ভাৰতবৰ্ষত নিৰ্ভয়ে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। এনেকৈয়ে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা সমূহ সম্পূর্ণ হৈছিল।

প্রশ্ন ২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা। 

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰাৰ তিনিটা মূল কৌশল হল— 

(ক) ১৬১১ খ্রীত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্ৰমত আৰু ১৬৩৬ খ্ৰীত আৰমাগাৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। ১৬৩৯ খ্ৰী ত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি কেন্দ্ৰটোৰ নাম নতুনকৈ “ফৰ্ট ছেণ্ট জর্জ” নাম দিয়ে।

(খ) ১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীত ৫০,০০০ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্ৰধান কাৰ্যালয়ত পৰিণত হয়।

(গ) ১৬৯০ খ্ৰীত জব চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি ১২০০ টকাৰ খাজনাৰ বিনিময়ত কালীঘাটা (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম' ৰখা হৈছিল। 

প্রশ্ন ৩। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।

উত্তৰ : ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হৈছে ৰবাৰ্ট ক্লাইব। ৰবাৰ্ট ক্লাইৱে যি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল তাৰ চাৰিটা যুক্তি হ'ল 

(ক) ক্লাইৱে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

(খ) ৰবাৰ্ট ক্লাইৱে যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিব ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল।

(গ) বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসর্জন দিব লগা হৈছিল। (ঘ) পলাচী যুদ্ধত (১৭৫৭ খ্ৰীঃ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদদৌলাক ১৭৫৬-৫৭) ছল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

 প্রশ্ন ৪। চিপাহী বিদ্রোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।

উত্তৰ : ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক ভাৰত বুৰঞ্জীত এক যুগান্তকাৰী ঘটনা বুলি আখ্যা দিয়া হয়। এই বিদ্ৰোহৰ প্ৰধান কাৰণ সমূহ হ'ল— (ক) ৰাজনৈতিক কাৰণ, (খ) অর্থনৈতিক কাৰণ, (গ) সামাজিক কাৰণ, (ঘ) ধৰ্মীয় কাৰণ।

(ক) ৰাজনৈতিক কাৰণ : ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্রাজ্য প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা “স্বত্ববিলোপ নীতি’ আছিল চিপাহী বিদ্ৰোহৰ এটা ৰাজনৈতিক কাৰণ। এই নীতিমতে কোনো দেশীয় ৰাজ্যৰ ৰজাৰ মৃত্যু হ'লে তেওঁৰ যদি কোনো সতি-সন্ততি নাথাকে, তেতিয়া সেই ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত অন্তর্ভুক্ত কৰা হ'ব। লগতে কোনো দেশীয় বজাই তোলনীয়া পুতেকক সিংহাসনৰ উত্তৰাধিকাৰী কৰিব নোৱাৰিব। ডেলহাউচিয়ে এই নীতি প্ৰয়োগ কৰি,চাতৰা, বামি, নাগপুৰ, চম্বলপুৰ, জৈতপুৰ আদি ৰাজ্য ইংৰাজ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিছিল। ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় ৰজাসকলৰ মনত বিদ্ৰোহৰ পাতনি মেলিছিল।

(খ) অর্থনৈতিক কাৰণ : ৰজা আৰু জমিদাৰ শ্ৰেণীৰ মাজত দেখা দিয়া অর্থনৈতিক সংকটো চিপাহী বিদ্ৰোহৰ এটা অর্থনৈতিক কারণ। ৰজা আৰু জমিদাৰসকলৰ ৰাজ্যসমূহ ইংৰাজ সাম্ৰাজাৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত তেওঁলোকৰ আয়ৰ পথ বন্ধ হৈছিল। তেওঁলোকৰ পেঞ্চন, ভাট্টা আদি বন্ধ কৰি আৰ্থিক সংকটৰ সন্মুখীন কৰাইছিল। ইয়াৰ উপৰি ইংৰাজৰ মাটিৰ খাজনা বৃদ্ধি, "চিৰস্থায়ী বন্দোৱও নীতি' আদিয়ে কৃষক, জমিদাৰ আদি সকলো শ্ৰেণীৰ লোকক আঘাত কৰিছিল। আনহাতে, ইংলেণ্ডৰ আমদানি সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰি ইংৰাজ চৰকাৰে ভাৰতৰ পৰা অর্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। ভাৰতৰ পৰা কেঁচামালসমূহ কম দৰত কিনি নিজৰ দেশলৈ নি তেওঁলোকৰ দেশৰ উদ্যোগজাত সামগ্ৰীৰে ভৰাই পেলাইছিল। ফলত ভাৰতৰ থলুৱা উৎপাদিত সামগ্রীয়ে সেইবোৰৰ লগত ফেব মাৰিব পৰা নাছিল আৰু ফলস্বৰূপে ভাৰতৰ থলুৱা সামগ্রী ধ্বংসৰ পিনে অগ্রগতি লৈছিল। এনেবোৰ কাৰণতেই ৰজা, কৃষক আৰু জমিদাৰ সকলৰ মাজত বিদ্ৰোহৰ পাতনি মেলিছিল।

(গ) সামাজিক কাৰণ : অতি প্রাচীন কালৰ পৰাই ভাৰতবৰ্ষ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি আছিল। ইংৰাজসকলে ভাৰতত স্থায়ীভাবে বসতি কৰাৰ পাছৰ পৰা ভাৰতীয় সমাজত চলি থকা সতীদাহ, বাল্যবিবাহ, নববলি, বিধৱা বিবাহ প্ৰচলন, শিশুবধ প্ৰথাৰ অৱসান আদি প্রথাসমূহৰ বিৰোধিতা কৰা আৰু সেইবোৰৰ সাপেক্ষে মাত মতাৰ বাবে কিছুসংখ্যক ভাৰতবাসীৰ মনত ইংৰাজৰ প্ৰতি বেয়া মনোভাবৰ সৃষ্টি হৈছিল। ইংৰাজী শিক্ষাৰ প্ৰচলন, ডাক তাঁবৰ ব্যৱস্থা, বেলৈ পথ আৰু ভাপ জাহাজৰ আৱিষ্কাৰৰ আঁৰত কিবা অভিসন্ধি লুকাই আছে বুলি ভাৰতীয়সকলে সন্দেহ কৰিছিল। এইবোৰৰ পৰাও ভাবতীয় সকলৰ মনত চিপাহী বিদ্ৰোহৰ পাতনি মেলিছিল।

(ঘ) ধর্মীয় কাৰণ : ভাৰতবৰ্ষলৈ অহাৰ সময়ৰ পৰাই ইংৰাজসকলৰ এটা উদ্দেশ্য আছিল খ্রীষ্টান ধর্ম প্রচাৰ কৰা। ভাৰতীয় লোকৰ ধৰ্ম নষ্ট কৰাৰ উদ্দেশ্যে ইংৰাজসকলে ভাৰতৰ হিন্দু মুছলমান সম্প্রদায়ৰ লোকসকলৰ মাজত ধর্মীয় বিবাদৰ সৃষ্টি কৰিছিল। ভাৰতীয়ৰ ধর্মীয় বিবাদৰ কাৰ্যই ১৮৫৭ খ্ৰীৰ বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল। 

প্রশ্ন ৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।

উত্তৰ : চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হ'ল

 (ক) চিপাহী বিদ্ৰোহৰ ফলত ইষ্ট-ইণ্ডিয়া কোম্পানিব পৰা ভাৰতব শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়।

(খ) চিপাহী বিদ্ৰোহৰ ফলতেই ভাৰতীয় দেশীয় ৰাজ্যৰ ৰজাসকলক মহাৰাণীয়ে আশ্বাস দি কৈছিল যে ইষ্ট-ইণ্ডিয়া কোম্পানিব সৈতে তেওঁলোকে যিবোৰ চুক্তি কৰিছিল সেইবোৰ চৰকাৰে মানি চলিব। 

(গ) দেশীয় ৰজাসকলৰ অধিকাৰ, সম্মান, মর্যাদা আৰু ৰাজ্যৰ সীমা অক্ষুণ্ণ থাকিব। 

(ঘ) জাতি, ধর্ম বা বৰ্ণৰ ভিত্তিত মহাৰাণীৰ চৰকাৰে কোনো বৈষম্যমূলক আচৰণ নকৰে।

(ঙ) এই বিদ্রোহে ভাৰতত জাতীয়তাবাদৰ সূচনা করে। 

প্রশ্ন ৬। 'ভাৰত চৰকাৰ আইন'ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিবৰ্তন উল্লেখ কৰা।

উত্তৰ: 'ভাৰত চৰকাৰ আইন 'ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন হৈছে

(ক) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীৰ ২ আগস্ট তারিখে 'ভাৰত চৰকাৰ আইন' প্রণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন করার ক্ষমতা দিছিল।

 (খ) দ্বিতীয়তে, ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্রণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটিছিল।

(গ) তৃতীয়তে, নতুন আইন অনুসৰি ভারত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্রীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। ভারত শাসনৰ সৈতে প্রাক্ষভাবে জড়িত হোৱা মন্ত্ৰীজনক 'ভাৰত সচিব' বোলা হয়।

(ঘ) চতুৰ্থতে, "ভাৰত চৰকাৰ আইন' অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচব অর্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্রদান কৰা হয়। এই আইনে ভাইচৰয় আৰু প্রাদেশিক মুৰব্বীজনক (গৱৰ্ণৰ) নিযুক্তি দিয়াৰ ক্ষমতা ইংরাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানির সামরিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

প্রশ্ন ৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা। 

উত্তৰ: লর্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ হ'ল:

(ক) লর্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে 'উডৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্রত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।

(খ) লর্ড কেনিঙে সেনা বাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন জাতি আৰু বিভিন্ন ধর্মাবলম্বী সৈনিকক একগোট কৰি এটা মিশ্রিত ভাৰতীয় সেনা বাহিনীৰ গোট গঠন কৰিছিল। নতুনকৈ গঠন হোৱা গোটটোত ভালেসংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল।

প্রশ্ন ৮। 'ভাৰতীয় পরিষদ আইন'ৰ দুটা গুণ আৰু দুটা দোষ লিখা। উত্তৰ: ভাৰতীয় পরিষদ আইন'ৰ দুটা দোষ হ'ল—

(ক) এই আইনে ভাৰতীয়ক পোন প্ৰথমবাৰ বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্ৰত্যক্ষ সহযোগিতা আশা কৰিছিল। এক কথাত ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পদ দি ভাৰতত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সাঁচটো তৈয়াৰ কৰিছিল। প্রকৃত অৰ্থত ভাৰতীয় জনসাধাৰণৰ প্রতিনিধি আছিল বুলি ক'ব নোৱাৰি। তেওঁলোক আছিল উচ্চ বংশজাত আৰু সম্ভ্রান্ত ভূ-স্বামী শ্ৰেণীটোৰহে প্রতিনিধি।

(খ) এই আইনে কেন্দ্রীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্রতিরক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত অধিকৃত ৰাজাৰ সীমার সুরক্ষা আদি বিষয়ত পরামর্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকীক প্রয়োজন সাপেক্ষে বিধানমণ্ডলত প্রস্তাবিত আইন নতুবা দিহা-পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল।

"ভাৰতীয় পরিষদ আইন'ৰ দুটা গুণ হ’লঃ (ক) এই পাঁচজনীয়া সদস্যৰ এখন 'কার্যবাহী পৰিষদ' গঠনৰ প্ৰস্তাব দিছিল। ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক 'কার্যবাহী পৰিষদ ৰ বাবে বাছনি কৰিবলৈ কর্তৃত্ব প্ৰদান কৰিছিল। ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল। বাকী দুজন সদস্যক ব্ৰিটিছ সংসদে প্রত্যক্ষভাৱে নিয়োগ করার ক্ষমতা পাইছিল। তেওঁলোক দুজনৰ এজনক আইনী সদস্য আৰু আনজনক বিস্তীয় সদস্য হিচাপে কার্যবাহী পরিষদত স্থান দিয়া হৈছিল।

(খ) ভাই চৰয়ক কাৰ্যবাহী পরিষদখন সুচাৰূপে পৰিচালনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লর্ড কেনিঙে পোন প্রথমে কেন্দ্রীয় কার্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তবসমূহ ভগাই দি তেওঁলোকক নিজা নিজা দপ্তবসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল। 

প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিবর্তনসমূহ আলোচনা কৰা।

উত্তৰ : ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ হৈছে--

 (ক) লর্ড বিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থার পোষকতা কৰিছিল। তেওঁ স্থানীয় প্রশাসন ব্যবস্থাত এনে এক পৰিবৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্রহণ করার সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়সকলক আধুনিক প্রশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্রাথমিক কাম বিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুরুত্ব দিছিল।

(থ) লর্ড বিপনে ১৮৮২ খ্রী ত ঐতিহাসিক প্রস্তাব মতে প্রত্যেকটো মহকুমাত একোখনকৈ আঞ্চলিক পরিষদ গঠন করে। প্রয়োজন অনুসৰি প্রত্যেকখন লোকেল ব'ৰ্ডৰ (আঞ্চলিক পৰিষদ) অধীনত থকা গ্রামাঞ্চলব লাটসমূহত একোখনকৈ প্ৰাথমিক ব'ৰ্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লোকেল ব'ৰ্ডৰ অধিকাংশ সদস্যক নির্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।

(গ) লর্ড বিপনে স্বায়ত্ত শাসনৰ প্রস্তাবসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কার্যকৰী কৰিবলৈ নির্দেশ দিছিল। কিছুমান প্ৰদেশত জিলা পর্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত ব'ৰ্ডসমূহ গঠন কৰিছিল।

 (ঘ) গ্রামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্ৰীৰ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ মর্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকা নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নিৰ্বাচনৰ যোগেদি বাছনি কৰি লোৱাৰ ব্যৱস্থা কৰা হৈছিল।

(ঙ) ভাৰত সচিবে লৰ্ড বিপনৰ কেইবাটাও স্বায়ত্ত শাসন সম্পর্কীয় গুরুত্বপূর্ণ প্রস্তাব নাকচ কৰিছিল। বিশেষকৈ লোকেনব উসমূহত নির্বাচিত সদস্যৰ সংখ্যা বৃদ্ধি আৰু বেচৰকাৰী সদস্যক সভাপতির পদ দিয়াৰ বাবে বিপনে আগবঢ়োৱা প্রস্তাব ইংলেণ্ডব চৰকাৰে সমৰ্থন কৰা নাছিল। ১৮৮৫ খ্ৰীৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লোকেল ব'ৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। লর্ড বিপনে স্বায়ত্ত শাসনৰ সংস্থাবোৰ জনসাধাৰণৰ নিৰ্বাচিত প্রতিনিধিব হাতত অর্পণ কৰাটো এটা নীতি হিচাপে গ্ৰহণ কৰিছিল। ইংৰাজ চৰকাৰে বিপনৰ উদ্দেশ্য সম্পূর্ণরূপে কাৰ্যকৰী কৰাত বাধা প্রদান কৰিছিল। সেয়ে হলেও বিপনে পোন প্ৰথমবাৰৰ বাবে স্থানীয় শাসন ব্যৱস্থাক গণতান্ত্রিক পদ্ধতিৰ মাজলৈ টানি আনিছিল। প্রশ্ন ১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানির শাসন কালত ভাৰতবৰ্ষৰ লোকসেৱাৰ পদবীসমূহ কেৱল ইংৰাজৰ লোকসকলৰ দ্বাৰাহে পূৰণ কৰা হৈছিল। ১৮৫৮ খ্ৰীত যেতিয়া ভাৰত চৰকাৰ পৰিচালনাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায় তাৰ পিছৰ পৰা ভাৰতীয় শিক্ষিতসকলেও লোকসেৱাৰ পদবীত দেশীয় ব্যক্তিক অন্তর্ভুক্ত কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছিল। শিক্ষিত ভাৰতীয়সকলৰ মনত গঢ়ি উঠা এনে আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি ঊনবিংশ শতিকাৰ সম্ভবৰ দশকৰ পৰা ভাৰতীয় সকলকো লোকসেৱাৰ পদবীত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

      ১৭৯৩ খ্ৰীৰ নিয়ন্ত্রণকারী আইন (Regulating Act 1793) অনুসৰি ভাৰত প্রশাসনৰ উচ্চ পদবীসমূহ কোম্পানিৰ অংগীকারবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাব নিয়ম বলবৎ কৰা হৈছিল। তদানীন্তন গৱর্ণব জেনেবেল লর্ড কর্ণবালিচে (১৭৮৬ (৯৩) ভাৰতীয়ক প্ৰশাসনৰ বিষয়বাব নিদিবৰ বাবে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল। তেওঁৰ যুক্তি মতে ভারতীয়সকল আধুনিক প্ৰশাসনৰ সৈতে একেবারে অভ্যস্ত নহয় আৰু ভাৰতীয়ৰ হাতত শাসনৰ দায়িত্ব জাপি দিলে সেই প্রশাসন ইংৰাজৰ স্বাৰ্থৰ বিপৰীতে পরিচালিত হ'ব। কিন্তু উদাবচিতীয়া ইংরাজ চিন্তাবিদ ছাব থমাছ মনৰো আৰু ছাৰ জন মেলকমে কৰ্ণৱালিচৰ এই যুক্তি মানি লোৱা নাছিল।

     ১৮৩৩ খ্ৰীত চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। কোম্পানির ডাইৰেক্টৰসকলে এই সম্মতিৰ বিৰোধিতা কৰিছিল। কিন্তু বেগুলেটিং এই নামৰ আইনখনে ভাৰতীয়সকলৰ প্রতি আগবঢ়োৱা উদার মনোভাবক ইংরাজ শাসকসকলে সম্পূর্ণভাবে অৱজ্ঞা কৰিব পৰা নাছিল। সেয়েহে ১৮৩৩ খ্রীত ডেপুটি মেজিস্ট্রেট আৰু ১৮৪৩ খ্রীত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীর সৃষ্টি কৰি পদবী দুটাৰ বাবে উপযুক্ত ভারতীয় ব্যক্তিক নিযুক্তি দিছিল।

    ১৮৫৩ খ্রী চনদে লোকসেৱাৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় লোকসকলক অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি কম সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল।

      ১৮৫৮ খ্রী. ও মহাৰাণীৰ ঘোষণা-পত্ৰই দেশীয় লোককো লোকসেৱাৰ পদবীত নিয়োগ কৰাৰ আশ্বাস দিছিল। এই আশ্বাসৰ ভিত্তিত ভাৰত সচিবে এখন কমিটী গঠন কৰি দিছিল। কমিটীয়ে ভাৰতীয় লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল। কিন্তু ১৮৬২ খ্ৰীৰ চিভিল ছাৰ্ভিচ আইনৰ ধাৰা মতে লোকসেৱাৰ পদবী অংগীকারবদ্ধ ইংৰাজ ব্যক্তিৰ বাবেহে সংৰক্ষিত হৈ আছে। সেয়েহে ভাৰতীয় কমিটীৰ এই উপদেশ কার্যকরী নহ'ল।

        ১৮৬৫ খ্রীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সর্বোচ্চ বয়সৰ সীমা আছিল ২২ বছর। কিন্তু ১৮৬৬ খ্রীষ্টাব্দত এই সর্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ১৮৬৪ খ্ৰীত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্রনাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিছিল।

    লর্ড লিটনৰ কার্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবী অংগীকারবদ্ধ ইংৰাজ ব্যক্তিব কাৰণে সংৰক্ষিত আছিল সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ভাইচৰয় লর্ড লিটনে নিজাকৈ পদবীসমূহৰ বাবে উচ্চবংশজাত ভারতীয় ব্যক্তিক বাছনি করার নির্দেশ দিছিল। কিন্তু উচ্চ শ্রেণীভুক্ত ভাৰতীয়ক আকর্ষণ কৰিব নোৱৰাত গোটেই ব্যৱস্থাটো কাৰ্যকৰী কৰিব পৰা নাছিল।

প্রশ্ন ১১। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা।

উত্তৰ: ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাৰ মাজত থকা তিনিটা পার্থক্য হল—

(ক) ব্ৰিটিছ অধীন ভাৰতবৰ্ষত লোকসেৱাৰ পৰীক্ষাসমূহ লণ্ডনত অনুষ্ঠিত হৈছিল। কিন্তু স্বাধীনতাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষাসমূহ ভাৰতৰ প্ৰায় সকলো ৰাজাতে অনুষ্ঠিত কৰা হৈছিল।

(খ) ব্রিটিছর শাসন কালত লোকসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা ২২ বছৰ আছিল। কিন্তু স্বাধীনতাৰ পিছত লোকসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ সীমা ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।

(গ) ব্ৰিটিছৰ অধীনত সৰ্বভাৰতীয় পর্যায়ত লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। কিন্তু স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত সর্ব-ভাৰতীয় আৰু প্রদেশিক উভয় পর্যায়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

Md. Mahadi Hasan

Our primary goal is to give right and exact data to our perusers . In the wake of investigating a ton we gather the data and distribute to our site. This blog is made for information, sports, training, innovation, diversion content. The greater part of my substance are about innovation . Here you can likewise discovered Quotes, discourse, jokes too. I trust this blog is help for you. This blog likewise substance Assamese language substance...

Post a Comment (0)
Previous Post Next Post