পাঠাভত্তিক প্রশ্নোত্তৰ
পাঠ্যপুথিৰ পৃষ্ঠা নং : 15
_______________________
1. পদার্থ বুলিলে কি বুজায় ?
উঃ পদাৰ্থ হৈছে সামগ্ৰীৰ একোটা বিশুদ্ধ ৰূপ। কোনো ভৌতিক প্ৰক্ৰিয়াৰে এবিধ পদার্থক অন্য এবিধ পদার্থলৈ পৃথক কৰিব নোৱাৰি। পদাৰ্থৰ কিছুমান উদাহৰণ হৈছে চেনি, ছ'ডিয়াম ক্ল'ৰাইড, সোণ, হীৰা ইত্যাদি
2. সমসত্ব আৰু অসমসত্ব মিশ্রণৰ মাজৰ প্ৰভেদবোৰ লিখা।
উঃসমসত্ব আৰু অসমসত্ব মিশ্রণৰ মাজৰ প্ৰভেদসমূহ :
1)অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম নহয়।
আনহাতে, সমসত্ব মিশ্রণৰ সকলো অংশতে সংযুতি সুষম।
2) অসমসত্ব মিশ্ৰণৰ বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে |
আনহাতে, সমসত্ব মিশ্ৰণৰ বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নথাকে |
_______________________
পাঠ্যপুথিৰ পৃষ্ঠা নং : 18
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। পাঠসংলগ্ন প্রশ্নোত্তৰ চোৱা : (পাঠ্যপুথিৰ পৃষ্ঠা নংঃ15) প্রশ্ন নং 2 ৰ উত্তৰ
2.কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?
উঃ কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ পাৰ্থক্যসমূহ হ'ল :
(i) প্রলম্বন এটা অসমসত্ব মিশ্রণ।
দ্ৰৱণ এটা সমসত্ব মিশ্রণ
কলয়ড এবিধ অসমসত্ব মিশ্রণ।
(ii)কলয়ডীয় দ্ৰৱৰ কণিকাবোৰৰ আকাৰ 1 ৰ পৰা 1000 nm ৰ ভিতৰত। সেয়ে, ইহঁতক খালী চকুৰে দেখা নাযায়।
প্ৰলম্বনৰ কণিকাৰ আকাৰ 1000 nm তকৈ অধিক। গতিকে, ইহঁতক খালী চকুৰে দেখা যায়।
দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ 1 nm তকৈ কম । গতিকে, ইহঁতক খালী চকুৰে দেখা নাযায়।
(iii) কলয়ডীয় দ্ৰৱ সুস্থিৰ।
দ্ৰৱণ অতি অস্থিৰ।
প্ৰলম্বন অস্থিৰ।
3. 293k উষ্ণতাত 100 ml পানীত 36g ছ'ডিয়াম ক্ল'ৰাইড দ্রবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।
ইয়াত, দ্ৰাৱ্য ছ’ডিয়াম ক্ল’ৰাইড (NaCl) ৰ ভৰ = 36 g
দ্ৰাৱক (পানী)ৰ ভৰ = 100g
আমি জানো,
দ্ৰৱৰ ভৰ = দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ
= 36g + 100g
= 136g
দ্ৰৱটোৰ গাঢ়তা = দ্ৰাৱ্যৰ ভৰ/দ্ৰাৱ্যৰ ভৰ x 100
= 36/136 x 100
= 26.47%
_______________________
পাঠ্যপুথিৰ পৃষ্ঠা নং ঃ 24
1. কেৰাছিন আৰু পেট্ৰ'লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?
উ ঃ যিহেতু কেৰাছিন আৰু পেট্ৰ'লৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি সেয়ে মিশ্রণৰ পৰা সিহঁতক সৰল পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি ।
2. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা ।
(i) দৈৰ পৰা মাখন (butter)
(ii) সাগৰৰ পানীৰ পৰা নিমখ
(iii) নিমখৰ পৰা কৰ্পূৰ
উ ঃ (i) অপকেন্দ্রিক পদ্ধতি
(ii) বাষ্পীভৱন
(iii) উর্ধপাতন
2.স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়?
উ ঃ গোটা পদাৰ্থ আৰু তৰল পদাৰ্থৰ মিশ্ৰণক বাষ্পীভৱন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পৃথক কৰিলে ৰৈ যোৱা অৱশিষ্টত কিছুমান অশুদ্ধি থাকিব পাৰে। অশুদ্ধিমুক্ত গোটা পদার্থ পাবলৈ স্ফটিকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত স্ফটিকৰ ৰূপত বিশুদ্ধ গোটা পদাৰ্থ দ্ৰৱৰ পৰা পৃথক হৈ পৰে।
_______________________
পাঠ্যপুথিৰ পৃষ্ঠা নং : 24
1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন?
- গছ কটা।
- কেৰাহি এখনত মাখন গলি যোৱা।
- আলমাৰিত মামৰ ধৰা।
- পানী উতলাই জলীয় ভাপ কৰা।
- পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰ'জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।
- পানীত নিমখ দ্রবীভূত কৰা।
- কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা।
- কাগজ আৰু কাঠ পুৰিলে।
- কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা।
উঃ ভৌতিক পৰিবৰ্তন:
- গছ কটা।
- কেৰাহি এখনত মাখন গলি যোৱা।
- পানী উতলাই জলীয় ভাপ কৰা।
- কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা।
ৰাসায়নিক পৰিবর্তন:
- আলমাৰিত মামৰে ধৰা
- পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা
- কাগজ আৰু কাঠ পুৰিলে।
2. তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।
বিশুদ্ধ পদার্থ ঃপানী, চেনি, ছ’ডিয়াম ক্ল’ৰাইড, লো, ৰূপ, সোণ, কৰ্পূৰ ইত্যাদি।
মিশ্রণঃ মাটি, খনিজ পদার্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰ'লিয়াম, চাহ, কফি, কাপোৰ,শাক-পাচলি ইত্যাদি ।
_______________________
অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং 28)
1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা?
- (a) নিমখ পানীৰ প্ৰৱণৰ পৰা ছডিয়াম ক্ল'ৰাইড।
- (b) ছ'ডিয়াম ক্ল'ৰাইড আৰু এম নিয়াম ক্ল'ৰাইড মিশ্ৰণৰ পৰা এম নিয়াম ক্ল 'ৰাইড।
- (c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা
- (d) ফুলৰ পাহিৰ আকৰৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।
- (c)দৈৰ পৰা মাখন।
- (f) পানীৰ পৰা তেল।
- (g) চাহৰ পৰা চাহপাত।
- (h) বালিৰ পৰা লোৰ পিন।
- (i) চোকোৰাৰ পৰা গমৰ গুটি।
- (j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ।
উত্তৰ :
- (a) বাষ্পীভৱন।
- (b) উৰ্ধ পাতন।
- (c) পৰিস্রাৱণ।
- (d) বর্ণলেখন।
- (e) অপকেন্দ্রিক পদ্ধতি।
- (f)পাতন।
- (g) পৰিস্রাৱণ।
- (h) চুম্বকীয় পৃথকীকৰণ।
- (i) বা-দিয়া পদ্ধতি।
- (j) অপকেন্দ্রিক পদ্ধতি।
2.একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (steps) লিখা। দ্রবণ, দ্রাবক, দ্রাব্য, দ্রবীভূত, দ্রবণীয়, অদ্রবণীয়,পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।
উঃ কেটলিত অলপ পানী (প্ৰাৱক) লোৱা হয়। বার্ণাৰৰ ওপৰত ৰাখি ইয়াত তাপ প্রয়োগ কৰা হয়। উতলা পানীত অলপ চাহপাত দিয়া হয়। চাহপাত পানীত অদ্রৱণীয়। অৱশ্যে চাহপাতৰ ৰং আৰু স্বাদ দ্ৰাৱকৰ লগত মিহলি হয়। ইয়াক পৰিস্রাৱণ করা হয় আৰু পৰিশ্ৰুতখিনি এটা কাপত সংগ্রহ করা হয়। ব্যৱহৃত চাহপাতখিনি ছাকনীত অবশিষ্ট হিচাপে ৰৈ যায়। পৰিশ্ৰুতৰ লগত গাখীৰ (দ্ৰাব্য) মিহলি কৰি দ্ৰৱণৰ সৃষ্টি কৰা হয়। এতিয়া নির্দিষ্ট পৰিমাণৰ চেনি (দ্ৰাব্য) প্ৰৱণটোত যোগ কৰা হয়। চেনি পানীত দ্রৱণীয়। চেনিখিনি দ্রবীভূত নোহোৱা পর্যন্ত প্ৰৱণটো আৱৰ্তিত কৰা হয়। এনে কৰাৰ ফলত চাহ খিনি খাবৰ বাবে উপযোগী হয়।
4. উদাহৰণ দি ব্যাখ্যা কৰা—
(a) সংপৃক্ত দ্ৰৱ
(b) বিশুদ্ধ পদার্থ
(c) কলয়ড
(d) প্রলম্বন
(a) সংপৃক্ত দ্রবঃ নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱকত দ্ৰৱীভূত কৰিব পৰা দ্ৰাৱ্যৰ সৰ্বোচ্চ সীমা থাকে। যি দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাত সৰ্বাধিক পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত কৰা হয় তাকে সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। গতিকে, সংপৃক্ত দ্ৰৱত নির্দিষ্ট উষ্ণতাটোত অধিক দ্ৰাৱ্য্য দ্ৰৱীভূত কৰিব নোৱাৰি ।
উদাহৰণ ঃ মৃদু পানীয় আৰু মাটিৰ নাইট্ৰ'জেন।
(b) বিশুদ্ধ পদার্থঃ মাত্ৰ এবিধ কণাৰে গঠিত পদাৰ্থক বিশুদ্ধ পদার্থ বুলি কোৱা হয়। এটা বিশুদ্ধ পদাৰ্থৰ আটাইবোৰ উপাদান কণাৰ ৰাসায়নিক প্রকৃতি একে। এবিধ বিশুদ্ধ পদার্থক কোনো ভৌতিক পদ্ধতিৰে অন্য প্ৰকাৰৰ পদাৰ্থলৈ পৃথক কৰিব নোৱাৰি। বিশুদ্ধ পদাৰ্থৰ নিৰ্দিষ্ট গলনাংক আৰু উতলাংক আছে। সকলোবোৰে মৌল আৰু যৌগ বিশুদ্ধ পদার্থ।
উদাহৰণঃ ৰূপ, সোণ, পানী, ছ’ডিয়াম ক্ল’ৰাইড ইত্যাদি।
(c) কলয়ডঃ কলয়ড অথবা কলয়ডীয় সব এনে এবিধ অসমসত্ব মিশ্রণ য’ত বিস্তাৰিত প্ৰাৱস্থাৰ দশাৰ কলাবোৰ বিস্তাৰণ মাধ্যমত সুষমভাবে ব্যাপ্ত হৈ থাকে। উদাহৰণস্বৰূপে, গাখীৰ হৈছে এক কলয়ডীয় প্ৰৱ যতই পানীত ব্যাপ্ত হৈ থাকে। কলয়ৰ ধৰ্মসমূহ দ্ৰৱ আৰু প্ৰলম্বনৰ ধৰ্মৰ মধ্যবর্তী। উদাহৰণ: তেজ, গাখীৰ, চাবোনৰ দ্ৰ ইত্যাদি। কলয়ড বা কলয়তীয় দ্ৰৱৰ বৈশিষ্ট্যসমূহ হ'ল :
- (i) কলয়ডীয় ৰ কণিকাবোৰৰ ব্যাস 10m ৰ পৰা 107m ৰ ভিতৰত। সেয়ে, ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়। অৱশ্যে ইহঁতক অণুবীক্ষণ যন্ত্রৰ সহায়ত পর্যবেক্ষণ কৰিব পাৰি।
- (ii) কী ঈষৎ স্বচ্ছ বা অস্বচ্ছ |
- (iii) কলয়ডৰ প্ৰাব্য কণিকাবোৰ অপকেন্দ্রিক পদ্ধতি ব্যৱহাৰ কৰি পৃথক কৰিব পাৰি।
- (iv) কয়ডীয় ৰ মাজেদি অতিক্রম কৰা পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত হয় আৰু আৰু ইয়াৰ গতিপথ দৃশ্যমান হয় অর্থাৎ কলয়ডীয় দ্রবই টিণ্ডেল প্রভাব দেখুৱায়।
(d) প্রলম্বন: প্রলম্বন হ'ল এনে এবিধ অসমসত্ব মিশ্রণ য'ত দ্ৰাৱ্যৰ কণিকাবোৰে গোটেই মাধ্যমটোত দ্রবীভূত নোহোৱাকৈ বিস্তাৰিত হৈ থাকে। গতিকে, প্রলম্বনত প্ৰাৱ্যৰ কণিকাবোৰ দ্ৰৱীভূত নহয়। ইয়াৰ পৰিবৰ্তে ইহঁত গোটেই মাধ্যমটোত বিস্তাৰিত হৈ থাকে।
উদাহৰণ: বোকা পানী, চক আৰু পানীৰ মিশ্ৰণ ইত্যাদি।
প্ৰলম্বনৰ বৈশিষ্ট্যসমূহ হ'ল:
- (i) প্ৰলম্বনৰ কণিকাবোৰৰ ব্যাস প্রায় 10m । সেইবাবে ইহঁতক থালী চকুৰে দেখা যায়।
- (ii) প্রলম্বনবোৰ ঈষৎ স্বচ্ছ।
- (iii) প্ৰলম্বনৰ দ্ৰাব্য কণিকাবোৰ পৰিস্রাবণ প্রক্রিয়াৰে প্ৰলম্বনৰ পৰা পৃথক কৰিব পাৰি।
- (iv) প্ৰলম্বনে টিণ্ডেল প্রভাব নেদেখুৱায়।
5.তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভুক্ত কৰা।
ছ'ডাপানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ।
উত্তৰ :
ছ'ডাপানী: সমসত্ব মিশ্রণ
কাঠ : অসমসত্ব মিশ্রণ
বায়ু : সমসত্ব মিশ্রণ
মাটি: অসমসত্ব মিশ্রণ
ভিনেগাৰ: সমসত্ব মিশ্রণ
চেকিলোৱা চাহ: সমসত্ব মিশ্রণ
6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?
উঃ প্ৰতিটো বিশুদ্ধ পদাৰ্থৰ নিৰ্দিষ্ট উতলাংক আৰু গলনাংক আছে। প্রমাণ বায়ুণ্ডলীয় চাপ (1 এটমছফিয়েৰ)ত বিশুদ্ধ পানীৰ উতলাংক 100°c (বা 353k)। যদি বৰণহীন তৰলখিনি 100° cত উতলে, তেন্তে এয়া নিশ্চিত যে প্রদত্ত তলৰখিনি বিশুদ্ধ পানী। অশুদ্ধি থাকিলে তৰলৰ উতলাংক বৃদ্ধি পায়।
7.তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থৰ” শাৰীত পৰিব?
- (a) বৰফ
- (b) গাখীৰ
- (c)লো
- (d) হাইড্ৰ'ক্লৰিক এছিড
- (e) কেলছিয়াম অক্সাইড
- (f) পাৰা
- (g)ইটা
- (h)কাঠ
- (f)পাৰা
উ: সকলোবোৰ মৌল আৰু যৌগ বিশুদ্ধ পদার্থ। সেয়ে লো, পাৰা মৌলদ্বয় আৰু বৰফ, হাইড্ৰ'ক্লৰিক এছিড, কেলছিয়াম অক্সাইড এই যৌগকেইটা বিশুদ্ধ পদার্থ।
8. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা---
- a)মাটি
- (b) সাগৰৰ পানী
- c) বায়ু
- d)কয়লা
- e)ছডা পানী
উ: সাগৰৰ পানী, বায়ু আৰু ছ’ডা পানী হৈছে দ্ৰৱ।
9) তলৰ কোনটোৱে “টিণ্ডেল প্রভাৱ” দেখুৱায়?
- (a) লৱণৰ দ্ৰৱ
- b)গাখীৰ
- c)কপাৰ ছালফেটৰ দ্ৰৱণ
- d) ষ্টাৰ্চৰ দ্ৰৱণ
উ: গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ কলয়ডীয় দ্ৰৱ । গতিকে, ইহঁতে টিণ্ডেল প্ৰভাৱ প্ৰদৰ্শন কৰিব ।
10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্রেণীভুক্ত কৰা।
- a) ছ'ডিয়াম
- b) মাটি
- c) চেনিৰ দ্ৰৱণ
- d) ছিলভাৰ
- e)কেলছিয়াম কাৰ্বনেট
- f)টিন
- g)ছিলিকন
- h)কয়লা
- i)বায়ু
- j)চাবোন
- k) মিথেন
- l) কাৰ্বন- ডাই- অক্সাইড
- m)তেজ
উ: মৌল : ছ'ডিয়াম, ছিলভাৰ, টিন আৰু ছিলিকন যৌগ: কেলছিয়াম কাৰ্বনেট, মিথেন আৰু কাৰ্বন- ডাই- অক্সাইড । মিশ্ৰণ: মাটি, চেনিৰ দ্ৰৱন, কয়লা, বায়ু, চাবোন আৰু তেজ।
11. তলৰ কোন বিলাক ৰাসায়নিক পৰিৰ্ৱতন?
- a)উদ্ভিদৰ বৃদ্ধি
- b)লোত মামৰে ধৰা
- c)লোৰ গুড়ি আৰু বালি মিহলিকৰন
- d)খাদ্য ৰন্ধন
- e)খাদ্য হজম হোৱা
- f)পানী গোটমৰা
- g) মমবাতি জ্বলোৱা
উ: ৰাসায়নিক পৰিৰ্ৱতন:
- b) লোত মামৰে ধৰা
- c) খাদ্য ৰন্ধন
- e) খাদ্য হজম হোৱা
- f) মমবাতি জ্বলোৱা