অধ্যায়-1 | আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings) | Class 9 General Science | Lesson 2| Question and answere | Seba Question and answers Assamese | Assam question and answers| নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
_______________________
অধ্যায়-1
আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings)
_______________________
গুৰুত্বপূর্ণ শব্দাৱলী (মৌলিক ধাৰণা)
_______________________
পদার্থ (Matter): ভৰ আৰু আয়তন দুয়োটাই থকা কোনো বস্তুৰ উপাদান।
আন্তঃআণবিক স্থান (Intermolecular space): পদাৰ্থৰ কণিকাবোৰৰ মাজৰ স্থান।
আন্তঃআণবিক বল (Intermolecular force): পদাৰ্থৰ কণিকাবোৰক বাজ খুৱাই ৰখা আকর্ষণ বল।
ব্যাপন (Diffusion) : দুটা ভিন্ন প্ৰকাৰৰ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা প্ৰক্ৰিয়া
গোটা অৱস্থা (Solid state) : পদাৰ্থৰ এটা অৱস্থা যাৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে।
তৰল (Liquid): পদাৰ্থৰ এটা অৱস্থা যাৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নির্দিষ্ট আকৃতি নাথাকে।
গেছ (Gas): পদাৰ্থৰ এটা অৱস্থা যাৰ নিৰ্দিষ্ট আয়তন নতুবা নির্দিষ্ট আকৃতি নাথাকে।
অৱস্থাৰ পৰিবৰ্তন (Change of state) : পদাৰ্থৰ এটা অৱস্থাক আন এটা অৱস্থালৈ ৰূপান্তৰ কৰা প্রক্রিয়া।
বিগলন (Melting or fusion) : কিছুমান গোটা পদার্থত তাপ প্রয়োগ কৰিলে তৰল অৱস্থালৈ ৰূপান্তৰিত হয়। এই প্রক্রিয়াকে বিগলন বুলি কোৱা হয়।
গলনাংক (Melting point) : এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদার্থ গলি জুলীয়া অৱস্থাপ্রাপ্ত হয় সেই উষ্ণতাক সংশ্লিষ্ট পদাৰ্থটোৰ গলনাংক বুলি কোৱা হয়।
বিগলনৰ লীন তাপ (Latent beat of fusion) : এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিঃগ্রাঃ কঠিন পদার্থ জুসীয়া অৱস্থালৈ ৰূপান্তৰিত কৰিবৰ বাবে প্ৰয়োজন হোৱা তাপৰ পৰিমাণ।
বাষ্পায়ন (Vaporisation) : তৰল অৱস্থাৰ পৰা বাষ্প অৱস্থালৈ পৰিবৰ্তন।
উতনাংক (Boiling point) : বায়ুমণ্ডলীয় চাপৰ যি উষ্ণতাত জুগীয়া পদার্থ উতলিবলৈ আৰম্ভ কৰে তাকে উতনাংক বোলা হয়।
বাষ্পীভবনৰ দীন তাপ (Latent heat ofvaporisation) : এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক ,উষ্ণতাত একক ভৰৰ তৰল বাষ্পলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণ।
ঊর্ধপাতন (Sublimation): জুলীয়া অৱস্থালৈ ৰূপান্তৰিত নোহোৱাকৈ কঠিনৰ পৰা পোনপটীয়াকৈ গেছীয় অৱস্থালৈ হোৱা পৰিবৰ্তন বা গেছীয়ৰ পৰা কঠিন হোৱা প্রক্রিয়া।
বাষ্পীভৱন (Evaporation) : তৰল পদার্থই উতলাংকৰ তলৰ কোনো উষ্ণতাত বাষ্প অৱস্থালৈ ৰূপান্তৰিত হোৱা পৰিঘটনা।
আর্দ্রতা (Humidity) : বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ।
_______________________
পাঠ্যপুথিৰ পৃষ্ঠা নং : 3
1.তলৰ কোনবোৰ পদার্থ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।
উঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয় আদি পদার্থ।2.
2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা।
উঃ কঢ়াকৈ ভজা গৰম বস্তুৰ গোছ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
ব্যাপনশীল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বৃদ্ধি পায়। গতিকে, কঢ়াকৈ ভজা গৰম বস্তুৰ পৰা নিৰ্গত উত্তপ্ত গেছৰ কণিকাবোৰৰ বায়ুৰ কণিকাবোৰৰ সৈতে অধিক দ্রুত হাৰত ব্যাপন ঘটে ফলত কঢ়াকৈ ভজা গৰম বাৰ গোজ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
3. এজন ডুবাৰুৰে সাঁতোৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?
উঃ এই পর্যবেক্ষণে উপস্থাপন কৰিছে যে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে। অৱশ্যে এই ক্ষেত্ৰত পানীৰ কণিকাবোৰৰ আকৰ্ষণ বলৰ মান কম। গতিকে, এজন ডুবাৰুৱে সাঁতোৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব।
4.পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি?
উঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক হ'ল:
(i) ইহঁতৰ মাজত ব্যবধান থাকে। এই ব্যবধানক আসআণবিক ব্যবধান বুলি কোৱা হয়।
(i) ইহঁতে অনবৰতে গতি কৰি থাকে। ফলস্বৰূপে, ইহঁতৰ গতি শক্তি থাকে।
(iii) আন্তঃআণবিক বলৰ জৰিয়তে ইহঁতে পৰস্পৰক আকর্ষণ কৰে। পদাৰ্থৰ প্ৰকাৰ সাপেক্ষে আকর্ষণ বল ভিন্ন।
_______________________
পাঠ্যপুথিৰ পৃষ্ঠা নং : 6
1.পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। (ঘনত্বৰ)। তলৰ পদাৰ্থবোৰ ঘনত্বৰ উর্ধত সজোৱা :
বায়ু, চিননিৰ পৰা ওলোৱা ধোঁৱা, নৌ, পানী, চকমাটি, কপাহ আৰু লো। চিমনিৰ পৰা ওলোৱা ধোঁৱা, বায়ু, কপাহ, পানী, মৌ, চকমাটি আৰু লো।
2. (a) yet to upload.....sorry
(b)তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া ৷
দৃঢ়তা (Rigidity) : বাহ্যিক বল প্রয়োগ কৰাৰ ক্ষেত্ৰত পদাৰ্থৰ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰখাৰ প্ৰৱণতাকে দৃঢ়তা বোলা হয়। গোটা পদার্থবিলাক অতিশয় দৃঢ়। তৰল পদাৰ্থ প্রবাহিত হয় আৰু আকৃতি পৰিৱৰ্তন কৰে। গেছসমূহো অতি নিম্ন ঘনত্ববিশিষ্ট প্রবাহী।
সংকোচনশীলতা (Compressibility) : সংকোচনশীলতা হৈছে পদাৰ্থৰ এনে এক ধৰ্ম যাৰ জৰিয়তে ইয়াৰ ওপৰত চাপ হ্রাস বা বৃদ্ধি কৰি পদাৰ্থটোৰ আয়তন হ্রাস বা বৃদ্ধি কৰিব পাৰি। গোটা পদাৰ্থৰ সংকোচনশীলতা উপেক্ষণীয়।তৰল পদাৰ্থক সামান্য পৰিমাণে সংকুচিত কৰিব পাৰি। আনহাতে গেছসমূহ অতিশয় সংকোচনশীল। প্রবাহিতা (Fluidity) : ইয়াৰ অৰ্থ হৈছে প্ৰবাহৰ ধৰ্ম। কঠিন পদাৰ্থ প্ৰবাহী নহয়, কাৰণ ই প্রবাহিত হ’ব নোৱাৰে । তৰল আৰু গেছসমূহ প্রবাহী।
আকৃতি (Shape) : আকৃতিয়ে সুনির্দিষ্ট পৰিসীমা সূচায়। কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে কিন্তু তৰল আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে।
গতি শক্তি (Kinetic energy): গতি শক্তি হৈছে পদাৰ্থৰ কণিকাবোৰে সম্পন্ন কৰা গতিৰ বাবে কণিকাবোৰত নিহিত থকা শক্তি । কঠিন, তৰল আৰু গেছীয় পদাৰ্থবোৰৰ গতি শক্তিৰ মান ক্ৰমে কম, আধিক আৰু অত্যধিক। ঘনত্ব (Density) : পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰক ঘনত্ব বুলি কোৱা হয়। কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ ঘনত্ব ক্রমে অধিক, কম আৰু অতি কম।
3. কাৰণ দৰ্শোৱা
(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।
(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন।
(a) উঃ এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আকর্ষণ বল উপেক্ষণীয়। গতিকে কণিকাবোৰে মুক্তভাৱে সকলো দিশতে উচ্চ বেগত যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰিব পাৰে। সেয়ে, ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।
(b)উঃ গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি অতি বেছি। গতিকে, কণিকাবোৰে সকলো দিশতে দ্রুত বেগেৰে যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰে। এনে কৰোঁতে কণিকাবোৰে পৰস্পৰৰ লগত আৰু পাত্ৰৰ বেৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ফলস্বৰূপে ধাৰক পাত্ৰৰ বেৰত সিহঁতে কিছু বল প্রয়োগ কৰে। ধাৰক পাত্ৰটোৰ প্ৰতি একক ক্ষেত্রফলত গেছৰ কণিকাবোৰে প্ৰয়োগ কৰা বলেই হৈছে গেছটোৱে প্ৰয়োগ কৰা চাপ।
(c)উঃ কাঠৰ টেবুলৰ নিৰ্দিষ্ট আকৃতি আৰু নির্দিষ্ট আয়তন থাকে। ই বাহ্যিক বলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰাখে। সেয়ে, কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।
(d) উঃ এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আক্তঃআণবিক আকর্ষণ বল উপেক্ষণীয়। সেয়ে আমি বায়ুত আমাৰ হাতখন সহজে ঘুঘূৰাব পাৰোঁ। কিন্তু কাঠ এডোখৰৰ ক্ষেত্ৰত আন্তঃআণবিক বল অতি বৃহৎ আৰু কাঠডোখৰৰ কণিকাবোৰ দৃঢ়ভাবে বান্ধ খাই থাকে। সিহঁতক আঁতৰ কৰিবলৈ বৃহৎ পৰিমাণৰ বলৰ প্ৰয়োজন হয়। সেয়ে একেটা কাম কাঠ এডোখৰৰ মাজেৰে কৰিবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে-বৰফ পানীত ওপঙে; কিয় বাৰু?
উঃ পানী হিমীভূত হৈ বৰফ গঠন হওঁতে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান ৰৈ যায়। ইয়াৰ ফলত বৰফৰ ঘনত্ব (0.92 g cm) পানীৰ ঘনত্বকৈ (1-0gcm) কম হয়। ফলস্বৰূপে বৰফ পানীত ওপঙে।
_______________________
পাঠ্যপুথিৰ পৃষ্ঠা নং : 9
(1) তলত দিয়া উষ্ণতা বোৰ ছেলছিয়াছ ফেলত প্রকাশ কৰা:
a) 300K
=(300--273)C
=27°C
b) 573°K
= (573--273)C
= 300°C
2) তলত উষ্ণতাবিলাক পানীৰ ভৌতিক অৱস্থা কি হয়?
(a) 250°C - গেছীয় অবস্থা।
(b) 100°C - গেছীয়া অৱস্থা।
3) কোনো পদাৰ্থৰ ভৌতিক অৱস্থার পরিবর্তনৰ সময় চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰ: কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কাৰণ সেই উষ্ণতাটো অৱস্থাৰ পৰিবৰ্তনৰ বাবে আৱশ্যক ।
4)বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা এটা পদ্ধতি কোৱা |
উ: উচ্চ চাপ প্রয়োগ কৰি বায়ুমণ্ডলীয় গেছ জুলীয় কৰিব পাৰি।
পাঠ্যপুথিৰ পৃষ্ঠা নং : 10
1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উ: শুষ্ক গৰম দিনত পানীৰ বাষ্পীভৱনৰ হাৰ উষ্ণতা বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়। তদুপৰি, বায়ুৰ আৰ্দ্ৰতা কম হোৱা হেতুকে বাষ্পীভবনৰ হাৰ বৃদ্ধি পায়। গতিকে, বাষ্পীভৱনৰ বৰ্দ্ধিত হাৰৰ বাবে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।
2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উ: মাটিৰ কলহত বৃহৎ সংখ্যক ক্ষুদ্ৰ ৰন্ধ থাকে। এই ৰন্ধ্ৰবোৰৰ মাজেৰে পানীৰ কণিকাবোৰ বহিঃপৃষ্ঠলৈ ওলাই আছে। এই পানীখিনি বাষ্পীভবন হৈ বায়ুৰ লগত মিলিত হয়। বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ মাটিৰ কলহ আৰু অৱশিষ্ট পানীখিনিৰ পৰা শোষিত হয়। ফলস্বৰূপে, অৱশিষ্ট পানীখিনিৰ উষ্ণতা হ্রাস পায় আৰু এয়া ঠাণ্ডা হৈ থাকে।
3) হাতৰ তলুৱাত এচিট'ন, পেট্রল বা সুগন্ধি আতৰ ঢালি ল'লে ঠাণ্ডা অনুভব হয় কিয় ?
উ: হাতৰ তলুৱাত এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ ঢালি ল'লে বাষ্পীভৱনৰ বাবে প্রয়োজন হোৱা তাপ শক্তি আমাৰ হাতৰ তলুৱা বা চৌপাশৰ পৰা শোষণ কৰে। ফলস্বৰূপে, আমাৰ হাতৰ তলুৱাত শীতলতা অনুভৱ কৰোঁ।
4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?
উঃ পৃষ্ঠকালি বৃদ্ধি পালে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। মেটৰ পৃষ্ঠকালি কাপতকৈ বেছি। গতিকে বাষ্পীভৱনৰ বৰ্তিত হাৰৰ বাবে গৰম চাহ বা গাখীৰ প্লেটত সোনকালে ঠাণ্ডা হয়। ফলস্বৰূপে, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ।
5. গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উ: গ্রীষ্মকালত আমি কপাহী কাপোৰ পিন্ধা উচিত। গ্ৰীষ্মকালত আমাৰ দেহৰ পৰা যথেষ্ট ঘাম ওলায়। ঘামে আমাৰ দেহৰ পৰা তাপ শোষণ কৰে। কপাহী কাপোৰে ঘাম শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। ইয়াৰ ফলত আমাৰ দেহটো শুষ্ক আৰু শীতল হৈ পৰে।
_______________________
অনুশীলনী
1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা।
(b) 470 K = ( 470 - 273) C = 197 C
২.তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা-
a) 25°C = (25+273) K = 298 K
b) 373°C = (373 + 273) K =646 K
3. কাৰণ দৰ্শোৱা—
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
উ: (a) নেফথেলিন বলে উৰ্ধপাতনৰ পৰিঘটনা দেখুৱায়। ইহঁতে গোটা অৱস্থাৰ পৰা তৰল অৱস্থাৰ মাজেৰে অতিক্ৰম নকৰাকৈ পোনপটীয়াভাৱে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়।
(b) বায়ুৰ কণিকাবোৰৰ সৈতে আতৰৰ কণিকাবোৰৰ ব্যাপন হয় আৰু সকলো দিশে দ্রুতভাৱে গতি কৰে সেয়ে আমি দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ।
4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা – পানী, চেনি আৰু অক্সিজেন
উ: অক্সিজেন < পানী – চেনি
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অবস্থা কি?
উ: (a) 25°C
(a) জুলীয়া
(b) 0°C
b) গোটা
(c) 100°C ?
(c) গেছীয়
6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।
উঃ (a) সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ
(i) ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্তু নির্দিষ্ট আয়তন থাকে। ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰে আকৃতি লয়।
(ii) ই প্রবাহিত হ’ব পাৰে। সেয়ে ইয়াক প্ৰবাহী বুলি কোৱা হয় ।
(b) সাধাৰণ উষ্ণতাত লোব আলমাৰিটো কঠিন কাৰণ
(i) ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু নির্দিষ্ট আয়তন আছে।
(iii) ই দৃঢ় আৰু ইয়াক সহজে সংকুচিত কৰিব নোৱাৰি।
7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কবে কিয় ?
উ: গলনৰ লীন তাপৰ বাবে 273.K উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত থকা পানীতকৈ কম পৰিমাণৰ তাপ থাকে। 273 K উষ্ণতাত থকা 1kg বৰফ গলিবলৈ 3:35 × 10 জুল তাপ শক্তি লাগে, যিখিনি তাপ পদাৰ্থৰ পৰা শোষণ কৰা হয়। ফলস্বৰূপে, পদার্থটোৱে তাপ শক্তি হেৰুৱায়। গতিকে, 273K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে।
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উ: লীন তাপৰ বাবে 100°C উষ্ণতাত থকা পানীৰ ভাপৰ 100°C উষ্ণতাত থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে আৰু ছালৰ সংস্পৰ্শত অধিক পৰিমাণৰ তাপ নির্গত কৰে। গতিকে, 100°C উষ্ণতাত থকা পানীৰ ভাগে 100°C উষ্ণতাত থকা উতলা পানীতকৈ বেছিকৈ পুৰিব।