Breaking News
This website is the best free notes provider in assamese medium. I you have caught any mistake please contact,

ভাৰতৰ ৰাজনৈতিক দল | Lesson 1 | Class 9 Social Science Political Science Question and Answer Assam | Class 9 Social Science Political Science Question and Answer Assam |

 ভাৰতৰ ৰাজনৈতিক দল | Lesson 1 | Class 9 Social Science Political Science Question and Answer Assam | Class 9 Social Science Political Science Question and Answer Assam |

Lesson: 1

 ভাৰতৰ ৰাজনৈতিক দল

অতি চমু পশ্নঃ

১.  একদলীয় শাসন ব্য়ৱস্থা থকা এখন দেশৰ নাম লিখা।

উত্তৰঃ 
চীন হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ।

২. আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্য়ৱস্থাটো কি ?

উত্তৰঃ 
  আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থা'টো  হ' ল দ্বিদলীয়।

৩.  ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য় লিখা ।

উত্তৰঃ
 ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য় হ'ল-
১) সংগঠন
২) নীতি-আদৰ্শ আৰু আঁচনি।

৪.  ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।

উত্তৰঃ
 জনমত গঠন কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য।

৫. অসমৰ এটা আঞ্চলিক  দলৰ নাম লিখা ।

উত্তৰঃ
 অসমৰ এটা আঞ্চলিক দলৰ নাম হ'লঃ অসম গণ পৰিষদ।

৬. ঝাৰখণ্ডত মুখ্য় আঞ্চলিক দলটো কি ?

উত্তৰঃ 
 ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'লঃ ঝাৰখণ্ড মুক্তি মৰ্চা।

৭. ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অথ লিখা । 

উত্তৰঃ
 ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অৰ্থ হল - United Progressive Alliance ।

৮.  ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো  ?

উত্তৰঃ
  ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'লঃ ভাৰতীয় জাতীয় কংগ্ৰেছ।

৯. কাৰ নেতৃত্বত 'দি ইণ্ডিয়ান এছ'চিয়েচন গঠন হৈছিল ?

উত্তৰঃ 
এছ. এন. বেনাৰ্জীৰ নেতৃত্বত 'দি ইণ্ডিয়ান এছ'চিয়েচন গঠন হৈছিল।

১০.  ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰঃ 
ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ।

চমু উত্তৰৰ প্ৰশ্নঃ
১. ভাৰতবৰ্ষৰ দলীয় ব্য়ৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য় কি ?

উত্তৰঃ 
ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'লঃ
ক) সংগঠন,
খ) নীতি-আদৰ্শ আৰু আঁচনি,
গ) ক্ষমতাৰ দখলৰ বাবে আকাংক্ষা,
ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।

২.গণতান্তিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্য়বস্থা বিশেষভাবে উপযোগী ?

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী কাৰণ গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়।

৩. ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য় চাৰিটা উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল
ক) সংগঠন
খ) নীতি-আদৰ্শ আৰু আঁচনি
গ) সমতাৰ দখলৰ বাবে আকাংক্ষা
ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান

4. পাচঁটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃপাচঁটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল-
 ডি. এম. কে., এ. আই. ডি. এম. কে. (তামিলনাডু), আকালি দল (পাঞ্জাৱ), তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ), শিৱসেনা (মহাৰাষ্ট্ৰ)।

5.মৰ্চা চৰকাৰ বুলিলে কি বুজা ?

উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বোলা হয়।

দীঘল উত্তৰৰ প্ৰশ্ন :

১.সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?

উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। সংযুক্ত চৰকাৰত যোগ দিয়া দল বিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দল বিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয়। এনেদৰে সংযুক্ত চৰকাৰ গঠন হয়।

১. সংযুক্ত অথবা মচা  চৰকাৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা?

উত্তৰঃ সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ তলত উল্লেখ কৰা হ'লঃ

১) পৰিস্থিতি আৰু সময় সাপেক্ষেঃ মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে। পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্ৰয়োজন।

২) জাতীয় ঐক্য সংহতি ৰক্ষাঃ মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজি কাম কৰে। ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়।
 
     সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা দুখ তলত উল্লেখ কৰা হ'লঃ

১) দুৰ্বল চৰকাৰঃ মৰ্চা চৰকাৰৰ সাধাৰণতে দুৰ্বল হয়। অংশ গ্ৰহণ কাৰী সকলো দলকে সন্তুষ্ট ৰাখিব লগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়ভাৰে আগবাঢ়িব নোৱাৰে।

২) দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতাঃ মৰ্চা চৰকাৰ স্থায়ীত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱা বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰাত জটিলতা উদ্ভৱ হয়।

৩. গণতন্তত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা ।
উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে।
          এখন গনতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আসনত থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'লঃ

১) জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে।

২) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

৩) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্য্যৱেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৪) জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।

৫) প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

৬) জনমত গঠন কৰা।

৭) চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা।

৮) জনগনক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৯) জনমতৰ প্ৰতি চৰকাৰে সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা।

১০) চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা।

১১) প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম-কাজক গতিশীলতা প্ৰদান কৰা।

৪. আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা ।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ তলত উল্লেখ কৰা হ'লঃ

ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি।

খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা।

গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতা ভাৱ।

ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা।

ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ।

চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা।

৫. গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ।

উত্তৰঃ প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ'ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।

৬. ৰাজনৈতিক দলৰ বৈশিষ্ট্য় আৰু কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক দলৰ বৈশিষ্ট্য হ'লঃ

ক) সংগঠন, 

খ) নীতি-আদৰ্শ আৰু আঁচনি, 

গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা, 

ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।

ৰাজনৈতিক দলৰ কাৰ্যাৱলী তলত উল্লেখ কৰা হ'লঃ

ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা,

খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা,

গ) জনমত গঠন কৰা,

ঘ) জনমতক সু-সংগঠিত ৰূপ দিয়া।

৭) সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।

উত্তৰঃ মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণ কেইটা হৈছেঃ

১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,
২) একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস,
৩) এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়,
৪) চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

Md. Mahadi Hasan

Our primary goal is to give right and exact data to our perusers . In the wake of investigating a ton we gather the data and distribute to our site. This blog is made for information, sports, training, innovation, diversion content. The greater part of my substance are about innovation . Here you can likewise discovered Quotes, discourse, jokes too. I trust this blog is help for you. This blog likewise substance Assamese language substance...

Post a Comment (0)
Previous Post Next Post