সমাজ বিজ্ঞান | ইতিহাসৰ দিতীয় অধ্যায় | ভাৰতীয় জাতীয়বাদৰ উন্মেষণ।
অনুশীলনীৰ প্ৰশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্রোহ। ঊনবিংশ শতিকাত।
প্রশ্ন ২। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰ : বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়।
প্রশ্ন ৩। 'সাৰে জাহাছে আচ্ছা.' গীতৰ গীতিকাৰ কোন?
উত্তৰ: উর্দু কবি মহম্মদ ইকবাল।
প্রশ্ন ৪। ভাৰতত পোন প্রথম ৰে'ল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰ: ১৮৫৩ চনত, বোম্বাই আৰু থানেৰ মাজত।
প্রশ্ন ৫। ভাৰতত পোন প্ৰথম টেলিগ্রাফ ব্যবস্থা কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰ : ১৮৫১ চনত, কলিকতা আৰু আগ্ৰাৰ মাজত।
প্রশ্ন ৬। ভাৰতত পোন প্রথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল ?
উত্তৰ : ১৭৯৭ খ্ৰীত, শ্ৰীৰামপুৰত।
প্রশ্ন ৭। কলিকতাৰ প্রেছিডেন্সি কলেজ প্রথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: ১৮১৭ চনত, হিন্দু কলেজ নামেৰে।
প্রশ্ন ৮। লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰ : লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰক কাৰ্য হ'ল–
(ক) সতীদাহ প্রথা আইন প্রক্রিয়াৰে বিলুপ্তি ঘটোৱা
(খ) স্ত্রী শিক্ষাৰ বিস্তাৰ সাধন কৰা।
প্রশ্ন ৯। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰ: বেংগল গেজেট।
চমু আৰু দীঘল প্রশ্নোত্তৰ
প্রশ্ন ১। চিপাহী বিদ্রোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰ : সম্রাট ঔরংজেৱৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযোগ বুজি ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ক্রমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্ৰয়োজন হোৱাত ইষ্ট ইণ্ডিয়া কোম্পানিব বিষয়া ৰবাৰ্ট ক্লাইৱে বংগৰ নবাব চিৰাজুদ্দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল। পলাচী যুদ্ধৰ এশ বছৰৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা প্ৰচণ্ড বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এই বিদ্ৰোহটোৱেই হ'ল ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহ।
১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহ আছিল একপ্ৰকাৰ বাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনৰ পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্যপূৰণ হোৱা নাছিল। যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূরপ্রসারী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপৰ ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল।
ইংৰাজ প্রশাসনে ভারতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰোৱাত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিবৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমির প্রতি দায়বদ্ধতা ভাব জগাই তুলিছিল। এই নবচেতনাকে নৱ জাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল ঠিক একেদৰে ঊনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল।
প্রশ্ন ২। উদৰ প্ৰেৰণ পত্ৰ'ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰ : ‘উদৰ প্ৰেৰণ পত্ৰ'ৰ মূল উদ্দেশ্যসমূহ হ'ল -
(ক) প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা।
(খ) নিম্ন পর্যায়ত দেশীয় ভাষাবে আৰু উচ্চ পর্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নির্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।
(গ) মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা।
(ঘ) প্রতিখন প্রদেশতে শিক্ষা বিভাগ বুলিবলৈ পৰামৰ্শ দিয়া।
প্রশ্ন ৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা।
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰক হ'ল—
(ক) ভাৰতীয় জাতীয় জাগৰণ তোলাত পাশ্চাত্য শিক্ষাৰ যথেষ্ট প্রভাৱ পৰিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল।
(খ) কোম্পানির শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ১৮৩৯ খ্ৰী ত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্রাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। ১৮৮৩ খ্ৰীত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে'ল যোগাযোগৰ আৰম্ভণি হয়। এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষণ ঘটাইছিল।
(গ) বংগদেশৰ প্ৰখ্যাত মনিব্য ৰাজা ৰামমোহন রায়ে ভাৰতত নৱজাগৰণ ভাগ। তুলিছিল। লর্ড উইলিয়াম বেন্টিকের সংস্কারকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমোহন রায়ে। ভাৰতত ভালেমান কু-সংস্কাৰৰ অৱসান ঘটাইছিল। এওঁরেই আছিল আধুনিক ভাৰতৰ জন্মদাতা।
(ঘ) ৰামকৃষ্ণ মিছন, আর্যসমাজ, প্রার্থনা সমাজ আদি সংস্থা সমূহে ভাৰতত জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল। প্রার্থনা সমাজে সংস্কারমুখী আন্দোলনৰ সৃষ্টি। কৰিছিল। আনহাতে মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশপ্রেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাবৰ বিকাশ ঘটাইছিল।
(ঙ) ১৮৮৫ খ্ৰীত 'ভাৰতীয় জাতীয় কংগ্ৰেছ'ৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল।
(চ) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা জগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।
প্রশ্ন ৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ ৪ টা প্রভাব হ'ল–
(ক) ১৮৫৪ খ্ৰী.ত চালৰ্চ উত্তৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ'ল। উডে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পর্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পর্যায়ত ইংৰাজী ভাষাবে শিক্ষা প্রদানৰ নিৰ্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।
(খ) পাশ্চাত্য শিক্ষাই বংগবাসীক পোন প্রথমে আলোড়িত কৰিছিল। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটো বংগবাসীৰ গৌৰৱৰ বিষয় হৈ পৰিছিল। তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতব মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈছিল। কছো, ভল্টেয়াৰ, বাৰ্ক, মেকলে আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ সন্তুষ্টিৰ ভাব জগাই তুলিছিল। তেওঁলোকৰ মনত একতাৰ ভাব গঢ়ি উঠিছিল।
(গ) কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনা বিকাশ ঘটিছিল। ইশ্বৰচন্দ্ৰ গুপ্তই পোন প্রথমে স্বদেশপ্রেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল। আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বংকিমচন্দ্র চট্টোপধ্যায়ে 'বন্দেমাতরম' গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। কবি ইকবালে স্যাবে জাহাছে আচ্ছা, হিন্দু-চাতা-হামাৰা' আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল।
(ঘ) ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। প্রথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে। একে সময়তে ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যবস্থা হাতত লৈছিল। ১৮৩৫ খ্রীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদ আইনৰ সদস্য তথ্য শিক্ষা সমিতিৰ সভাপতি লর্ড মেকলেই ইংৰাজী ভাষার মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগ বঢ়াইছিল। এই পৰামৰ্শৰ ভিত্তিত ১৮৪৪ খ্রীষ্টাব্দৰ পৰা কোম্পানির চৰকাৰে আধুনিক শিক্ষা প্ৰবৰ্তনৰ যো-জা চলাইছিল।
প্রশ্ন ৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।
উত্তৰ : কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পরিবর্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্রস্তুত কৰা শিল্পজাত সামগ্রী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যবস্থা উন্নত কৰা হৈছিল। ১৮৩৯ খ্ৰীত কলিকতাৰ পৰা দিল্লীলৈ গ্রেও ট্রাংক রোড নির্মাণ কৰিছিল। দুটা বছৰৰ ভিতৰতে এই পথছোৱাৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱর্তন হয়। লর্ড ডেলহাউচিৰ কাৰ্যকালত এই পথটো পেচোৱাবলৈকে সম্প্রসাৰিত হৈছিল। ১৮৩২ খ্রীত ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতো ভাপ কলেবে বেল যোগাযোগ আৰস্ত কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। ১৮৫৩ খ্ৰীত বোম্বাই আৰু থানের মাজত ২১ কি.মি. পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্রথম বেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। ১৮৫৪ খ্রীত মাদ্রাজত বেলপথ নির্মাণ কৰে। ১৮৮৩ খ্রী অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে বেল যোগাযোগ আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই বেলপথটো নিৰ্মাণ কৰা হয়।
ৰেলপথৰ উপৰি দেশৰ মটৰ-গাড়ী চলাচল কৰিবৰ বাবে লর্ড ডেলহাউচিয়ে বাস্তা ঘাটৰো নিৰ্মাণ কৰিছিল। ১৮৫৪ চনত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ এটা বুলিছিল। এই বিভাগটোৱে ৰাস্তা, দলং আৰু খাল আদি নিৰ্মাণ কৰি যাতায়াত, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল।
১৮৩৯ খ্ৰী.ত কলিকতা আৰু ভায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথম টেলিগ্রাফ লাইনৰ ব্যৱস্থা প্ৰৱৰ্তন হয়। লর্ড ডেলহাউচিয়ে ১৮৫১ খ্ৰীত টেলিগ্রাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্রণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্রাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল। আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল।
প্রশ্ন ৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায়। বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্রহণ কৰা এইগৰাকী ব্যক্তিয়ে ধর্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাব কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল। প্রাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধর্মীয় সংস্কৃতি আৰু পাশ্চাত্য (ইউৰোপীয়) এই তিনিওটা সভ্যতাৰ লগত চিনাকি হোৱাৰ যোগ্যতা আহৰণ কৰি ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল। হিন্দু ধৰ্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্রাচীন ধর্মীয় গ্রন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। ভাৰতীয় প্রাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ যোগেদি তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি সাধন কৰাৰ লগতে গোড়া-ৰক্ষণশীল হিন্দু পুৰোহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কু-সংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্রবল আলোডনৰ সৃষ্টি কৰিছিল। হিন্দু ধৰ্মৰ মূল গ্রন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ বিশ্লেষণ আগবঢ়াই তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে প্রাচীন হিন্দুসকলেও একেশ্বৰবাদ বিশ্বাস কৰিছিল। তেওঁ বহু দেৱ-দেৱীৰ পূজা অপ্ৰয়োজন বুলি কোৱাৰ লগতে মূর্তিপূজাৰ অসাৰতাৰ বিষয়ে হিন্দু সমাজক বুজাইছিল। ৰামমোহন ৰায়ৰ মতে ঈশ্বৰ এজন আৰু ঈশ্বৰৰ কোনো ৰূপ বা আকাৰ নাই। ঈশ্বৰ পূজাৰ নামত আড়ম্বৰতা অর্থহীন।
ৰাজা ৰামমোহন ৰায় এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজে মাজে তেওঁ সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুরুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পর্দা প্রথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবর্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল। ভাৰতবৰ্ষত প্রচলিত সতীদাহ প্রথা সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা। একমাত্ৰ ৰায়ৰ সহযোগতেই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে এই কু-প্রথা সমূহ আইনী প্রক্রিয়াৰে অন্ত পেলাবলৈ সক্ষম হৈছিল।
ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানিৰ চৰকাৰক আহ্বান জনাইছিল। কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। বর্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আর্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল। ১৮৩৩ খ্ৰীষ্টাব্দত তেওঁ ব্ৰিটিছ হাউছ অব কমন্সত বাছনি কমিটীৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চন্দ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল।
ৰায়ে এচাম প্রতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ড্ৰেৰজিয় আদি। ৰাজা ৰামমোহন বায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। আধুনিকতাৰ পৰশ তেওঁ ক্ষেত্ৰলৈ সমানে ছটিয়াই দিব পাৰিছিল।
প্রশ্ন ৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ : ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদান লেখতলবলগীয়া। সংস্কৃত ভাষার পণ্ডিত স্বামী দয়ানন্দ সরস্বতীয়ে পঞ্জাৱত আর্য সমাজ প্রতিষ্ঠা কৰিছিল। আর্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূর্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। আর্য সমাজে ধর্মীয় উপাসনাৰ নামত বাহ্যিকতাক সমর্থন কৰা নাছিল। আর্য সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ, স্ত্রী-শিক্ষা বিস্তাৰৰ বাবে আৰ্য সমাজে আগভাগ লৈছিল।
স্বামী দয়ানন্দৰ মতে বেদত যি ধর্ম আছে সেয়াই ধর্ম। 'বেদলৈ উভতি যোৱা এই রাণী তেওঁ প্ৰচাৰ কৰিছিল। আর্য সমাজে ধর্মান্তৰকৰণ ব্যৱস্থা প্রৱৰ্তন কৰিছিল। ইয়াক ‘শুদ্ধি' বুলি জনা যায়। হিন্দু ধর্মত আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো প্রথা বা নিয়ম নাছিল। স্বামী দয়ানন্দই প্রথম ধর্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধর্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধর্ম গ্রহণত অনুমতি প্রদান কৰিছিল। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি বোধ কৰি এখন প্রগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্রণী ভূমিকা লৈছিল স্বামী দয়ানন্দ সরস্বতীয়ে। তেওঁ আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।
প্রশ্ন ৮। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশব চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশব চন্দ্ৰ সেনৰ অৱদান উল্লেখনীয়। কেশব চন্দ্র সেনে ব্রাহ্ম সমাজৰ আৰ্হিত মহাৰাষ্ট্ৰত ১৮৬৭ খ্রীষ্টাব্দত প্রার্থনা সমাজ প্রতিষ্ঠাবে সংস্কার আন্দোলনৰ সূচনা কৰিছিল। প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্র দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্রবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল ।
প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাগাডে। ৰাণাডেৰ একান্ত চেষ্টাত 'বিধৱা বিবাহ সংস্থা' আৰু 'দাক্ষিণাত্য শিক্ষা সমাজ' নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটির শিল্প অনুষ্ঠান গঠন কৰিছিল। দ্বিতীয়তে, দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্রম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্রার্থনা সমাজৰ সংস্কার আন্দোলনে সমগ্র দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল।
প্রশ্ন ৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পরমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ : ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। ৰামকৃষ্ণ পৰমহংস এগৰাকী সহজ-সৰল ব্যক্তি আছিল। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ। আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্র বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰৰ মৃত্যুৰ পিছত তেওঁ ১৮৮৭ খ্ৰীত এটা মঠ প্রতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধর্মের প্রকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। সাধনাৰ বিশেষত্ব আছিল–
(ক) ভাৰতীয়ৰ মনত স্বদেশপ্রেম সঞ্চাৰ কৰা, (খ) ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু
(গ) ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাবৰ বিকাশ ঘটোৱা।
স্বামী বিবেকানন্দই ভাৰতীয়ৰ মাজত ঐক্য-সম্প্ৰীতি ভাব গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা।
প্রশ্ন ১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ : ১৮৭৫ খ্ৰীত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্রতিষ্ঠা কৰা হয়। এই অনুষ্ঠানটোৰ নাম “থিয় ছফিকেল ছ'চাইটি”। এই অনুষ্ঠানটোৰ শাখা কার্যালয় ১৮৮৫ খ্ৰীত মাদ্ৰাজত মুকলি কৰা হয়। মাদ্রাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিয় ছফিকেল ছচাইটিক জনপ্রিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টৰ বিশেষ ভূমিকা। থিয় ছৈফিকেল
ছ'চাইটির সদস্য এনি বেছাণ্টে ১৮৯৩ খ্ৰীত এই ছ'চাইটিৰ কামত মাদ্ৰাজত উপস্থিত হৈছিল। এনিবেছাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিবেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতাক প্রাধান্য দি তেওঁ কেইবাখনো আদর্শ শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল। ১৮৯৮ খ্ৰীত বাবাণসীত এনি বেছাণ্টে প্রতিষ্ঠা কৰা ‘চেণ্ট্ৰেল হিন্দু স্কুল’ খনেই ১৯১৬ খ্ৰীত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়।
মিছেছ এনিবেছাণ্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ কর্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল। ১৯১৬ খ্রী ত বেছাণ্টে ‘হোমবল লীগ’ প্ৰতিষ্ঠা কৰি মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল। এনেকৈয়ে এনি বেছাণ্টে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যথেষ্ট সহায় কৰিছিল।
প্রশ্ন ১১। ‘আলিগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰ : ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাব চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয়।মুছলমানসকলক আধুনিক চিন্তা-চৰ্চ্চাৰে পুনৰুজ্জীৱিত কৰি পথ দেখুৱাই নিয়াৰ ক্ষেত্ৰত ছৈয়দ আহমদ খানর অবদান উল্লেখনীয়। তেওঁ মুছলমানসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে ১৮৬৪ খ্ৰীত গাজীপুৰত এখন ইংৰাজী আদর্শ বিদ্যালয় স্থাপন কৰে। ১৮৬৫ খ্ৰীতে বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান স্থাপন কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখনমান গ্ৰন্থ উর্দু ভাষালৈ অনুবাদ করে। ১৮৭৫ খ্ৰীত তেওঁ আলীগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্রতিষ্ঠা করে।
ছৈয়দ আহমদ খানে ১৮৭৫ খ্রী. আলিগডত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনার বিকাশ ঘটাইছিল। জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছৰ দৰে আন এটা জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ বাবে “আলীগড় মহম্মদ এংলো ইণ্ডিয়ান" কলেজে বিশেষ বৰঙণি আগবঢ়াইছিল। এই ক্ষেত্ৰত সেই কলেজখনৰ অধ্যক্ষ থিওডোৰ বেগে বিশেষ আগভাগ লৈছিল। এই অনুষ্ঠানবোৰৰ যোগেদি ভাৰতীয় মুছলমানসকলৰ পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্রহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। ১৯২০ খ্রীত 'আলীগড় মহম্মদ এলো ইণ্ডিয়ান' কলেজখন ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়'ত পৰিণত হৈছিল।
প্রশ্ন ১২। 'বাতৰি কাকত'ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্রেক ঘটাইছিল বর্ণনা কৰা।
উত্তৰ : ইংৰাজী ভাষাৰ মাধ্যমত প্রকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰৰ পাতনি মেলে। ভাৰতত জেমছ আগষ্টাচ হিক্কিৰ দ্বাৰা ১৭৮০ খ্ৰীত ইংৰাজী ভাষাত প্ৰথমখন সংবাদ-পত্র 'বেংগল গেজেট' প্রকাশ পায়। এই সংবাদ পত্র সমূহে কেৱল ইংৰাজী সমাজখনবহে মুখপাত্র হিচাপে কাম কৰিছিল। ভাৰতীয় সকলৰ জনমত এই সংবাদ-পত্র সমূহত একেবাৰেই নাছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ পত্ৰৰ গুৰুত্ব উপলব্ধি কৰি ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন বাতৰি কাকত প্ৰকাশ কৰিছিল।
আঞ্চলিক ভাষার সংবাদ-পত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল। সেই কাৰণেই চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰৰ ওপৰত নিয়ন্ত্রণ ব্যৱস্থা প্রবর্তন কৰিছিল। ১৭৯৯ খ্ৰীত 'প্ৰেছ ৰেগুলেচন' প্ৰয়োগৰ যোগেদি লর্ড বেলেছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা-নিষেধ প্রয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হ্ৰাস কৰিছিল । কিন্তু ১৮১৭ খ্ৰীত লর্ড হেষ্টিংছে ভাৰতীয় সংবাদ পত্ৰৰ ওপৰত থকা বাধা-নিষেধ কিছু পৰিমাণে কমাই দিছিল। ১৮২৩ খ্ৰীত পুনৰ ভাৰতৰ অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধানিষেধ আৰোপ কৰিছিল। ৰাজা ৰামমোহন ৰায়ে এই ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত লগোৱা বাধানিষেধবোৰৰ প্ৰতি তীব্ৰ বিৰোধিতা কৰিছিল। এই বিৰোধিতাৰ প্ৰতিবাদ হিচাপে ইংৰাজে
সাপ্তাহিক বাতৰি কাকত 'মিৰাট ইল আবাৰ 'ৰ প্ৰকাশ বন্ধ কৰিছিল। দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ ৰাজা ৰামমোহন ৰায়ে কলিকতা হাইকোট আৰু বংগৰ। গৱৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন দাখিল কৰিছিল৷ অৱশেষত ১৮৩৫ খ্রী. অস্থায়ী। গৱৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফে দেশীয় কাকতৰ ওপৰত আৰোপ কৰা বাধা নিষেধ উঠাই লৈছিল। বাধা-নিষেধ তুলি লোৱাৰ পিছত দেশীয় ভাষাত ভাৰতত ভালেসংখ্যক কাকত প্রকাশ পাইছিল।
দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত কঠোৰ সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এইবোৰৰ । ভিতৰত বংগদেশৰ পৰা প্রকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশৰ পৰা প্রকাশিত কাকত ‘বংগ দর্শন', সঞ্জীবনী, আৰ্য্য দৰ্শন, অমৃত বাজার পত্রিকা আদি কাকত কেইখনে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূর্ণ ভূমিকা লৈছিল।
১৮৬১ খ্ৰীৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। দুর্ভিক্ষৰ কবলত বহুতো ভাৰতীয়ই মৃত্যুক সাৱটি ল'বলগা হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্রাদেশিক শাসকসকলক বেয়াকৈ সমালোচনা কৰিছিল। লিটনে ইয়াৰ প্ৰতিশোধ হিচাপে পুনৰ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত বাধা-নিষেধ প্রয়োগ কৰিছিল। ভাৰতীয় কাকতৰ ওপৰত 'প্ৰেছ আইন' জাৰি কৰি বহুতো ভাৰতীয় কাকত প্ৰকাশ কৰাৰ পথ বন্ধ কৰি দিছিল। উপায়হীনহৈ এই 'প্ৰেছ আইন'ৰ পৰা ৰক্ষা পাবলৈ 'অমৃত বাজার পত্রিকা’ খন ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল। লিটনৰ প্ৰেছ আইন' আৰু ১৮৭৮ খ্ৰীৰ 'অস্ত্র আইনে’ ভাৰতীয় সকলক ক্ষুব্ধ কৰিছিল। ভাৰতীয়সকলে ক্রমান্নয়ে আত্মমর্যাদা লাভ কৰাৰ বাবে আগবাঢ়ি গৈছিল।
প্রশ্ন ১৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পর্কে এটি চমু টোকা লিখা। )
উত্তৰ : ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰপৰা ভাৰতবৰ্ষত প্রাদেশিক ভিত্তিত গঢ়ি উঠা নাগৰিক সভা বা সংগঠনবিলাকে দেশীয় লোকৰ মাজত আঞ্চলিক ভিত্তিত ৰাজনৈতিক শিক্ষাৰ প্ৰচাৰ ঘটাইছিল। সেইবিলাকৰ জৰিয়তে জনসাধাৰণৰ মাজত জাতীয় স্বাৰ্থৰ প্ৰতি আকর্ষণ বৃদ্ধি কৰিছিল। ৰাজনৈতিক কাম-কাজৰ জৰিয়তে এই সংগঠন বিলাকে লাহে লাহে বিভিন্ন অঞ্চলত বিভক্ত হৈ থকা ভাৰতীয় মানুহৰ মনত এটি সৰ্বভাৰতীয় মনোভাব গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল।
ইয়াৰ পৰিণতি স্বৰূপে গৱৰ্ণৰ জেনেৰেল লর্ড ডাফৰিনৰ কাৰ্যকালত অৱসৰপ্ৰাপ্ত ব্ৰিটিছ প্রশাসনিক বিষয়া এলেন অক্রোভিয়ান হিউমে ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল। ১৮৮৩ খ্ৰীৰ ১ মার্চ তাৰিখে হিউমে কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা স্নাতকসকলক এখন মুকলি চিঠিৰে তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। প্রায় ৫০ জন মান ছাত্ৰৰ সৈতে কলিকতাত ইণ্ডিয়ান নেচনেল ইউনিয়ন নামেৰে এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকখনত সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্রস্তাব লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। গৱৰ্ণৰ জেনেৰেল ডাফরিনে হিউমক উৎসাহ যোগাইছিল। ১৮৮৫ গ্ৰীৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুল দাস তেজপাল সংস্কৃত কলেজত সেই মহাসভাখন অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্রতিনিধিয়ে সভাখনত উপস্থিত হৈছিল। সভাপতিৰ বাবে নির্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ বন্দোপাধ্যায়ক। মহাসভাই প্রস্তাবিত জাতীয় অনুষ্ঠানটোৰ নাম ভারতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। এনেকৈয়ে ১৮৮৫ চনত এলেন অক্টোভিয়ান হিউমব উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল।
প্রশ্ন ১৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।
উত্তৰ : গৱৰ্ণৰ জেনেবেল লর্ড ডাফনির (১৮৮৪-৮৮) কার্যকালত এলেম অক্টোভিয়ান হিউম (১৮-২৯-১৯১২) নামৰ এজন অবসরপ্রাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল। হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিবে (১ মার্চ, ১৮৮৩ খ্রীষ্টাব্দত) তেওঁলোকক দেশমাতৃৰ দেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল।
১৮৮৫ খ্রীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুলদাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰপৰা ৭২ জন প্রতিনিধিয়ে অধিবেশনস্থলীত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্র বন্দোপাধ্যায়ক। মহাসভাই প্রস্তাবিত জাতীয় অনুষ্ঠানটোৰ নাম 'ভারতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। ভাৰতৰ সকলোবোৰ জাতি-গোষ্ঠী সম্প্রদায়ৰ জনমতব প্রতি সম্মান জনাই কংগ্ৰেছে আগুৱাই অহাৰ কৰ্মপন্থা স্থিৰ কৰিছিল।
এটা নৰমপন্থী অনুষ্ঠান হিচাপে জাতীয় কংগ্রেছে প্রথমতে আবেদন-নিবেদনৰ মাজেৰে ভারতীয় বিভিন্ন সমস্যার প্রতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। ইংৰাজ শাসক আৰু ব্রিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পর্ক বজাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয় প্রতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। এই আশাৰে ১৮৯০ খ্রীত জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সঁজাতি দলক ইংলেণ্ডলৈ পঠাইছিল। কিন্তু ১৮৯২ খ্ৰীত ভাৰত পৰিষদ আইনে ভাৰতীয়ক একো নিদিলে যাৰ ফলত জাতীয় কংগ্ৰেছ হতাশত ভুগিছিল। শান্তিপূর্ণভাৱে ব্ৰিটিছৰ পৰা একো নোপোৱাত কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিয়ে গা কৰি উঠিছিল। তেওঁলোকে আবেদন-নিবেদন পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ'বলৈ সকলোকে সকীয়াই দিছিল।
১৯০৫ খ্রী.ত ঘটি যোৱা দুটা উল্লেখযোগ্য ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচ'ৰাত এটা প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰথমটো আছিল জাপানৰ হাতত ৰুচিয়াৰ পৰাজয় আৰু আনটো বংগ-ভংগ। এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে শক্তিশালী ৰাষ্ট ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদীসকলৰ মনত সংগ্রামী চেতনা জাগ্ৰত কৰিছিল। আনহাতে কাৰ্জনৰ বংগ ভংগই অর্থাৎ বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্র ইংৰাজ বিরোধী মনোভাব জাগ্রত কৰিছিল।
১৯০৫ চনত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ ভাষণ বিপিনচন্দ্র পালে বিৰোধিতা কৰিছিল। তেওঁ হিংসা ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীর গুৰুত্ব দি জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল।১৯০৬ চনত দাদাভাই নৌৰজীব সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলিকতা আধিৱেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতিৰ কিছু পরিবর্তন ঘটে। কিন্তু ১৯০৭ খ্ৰীত ৰাম বিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছক দুটা শিবিৰত বিভক্ত কৰা হয়। ইয়াৰ এটা চৰ্মপন্থী আৰু আনটো হ'ল নমপন্থী। চমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি জীয়াই ৰাখিছিল। ১৯১৬ খ্ৰী লৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল।