সমাজ বিজ্ঞান | ইতিহাসৰ তূতীয় অধ্যায় | মোৱামৰীয়া গণ বিদ্ৰোহ।
অনুশীলনীৰ প্ৰশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :
প্রশ্ন ১। মায়ামৰা কি?
উত্তৰ ঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম।
প্রশ্ন ২। সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।
প্রশ্ন ৩। সংহতি কি?
উত্তৰ ঃ সংহতি হ’ল শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয়।
প্রশ্ন ৪। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰ ঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।
প্রশ্ন ৫। মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
প্রশ্ন ৬। কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰা বুলি অনুমান কৰা হয় ?
উত্তৰ : চুহুংমুঙ।
প্রশ্ন ৭। চুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল।
উত্তৰ : গুৰু নিত্যানন্দদেৱক ।
প্রশ্ন ৮। ৰূদ্ৰ সিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল।
উত্তৰ: চতুর্ভুজদেৱ মহন্তক।
প্রশ্ন ৯। আহোমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম লিখ।
উত্তৰ: ছোমদেউ।
প্রশ্ন ১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ?
উত্তৰ : আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।
প্রশ্ন ১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰ : আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত।
প্রশ্ন ১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?
উত্তৰ কৃষ্ণৰাম ভট্টাচার্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ আছিল
প্রশ্ন ১৩। কোনজন আহোম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰ: স্বৰ্গদেউ শিৱসিংহৰ দিনত।
প্রশ্ন ১৪। গাগিনি কোন?
উত্তৰ : মোৱামৰীয়া মহস্ত অষ্টভুজৰ পুত্র।
প্রশ্ন ১৫। মোৱামৰীয়াসকলে পোন প্রথমে কাক ৰজা পাতিছিল?
উত্তৰ : মাকাস্ত বা ৰমানন্দক।
প্রশ্ন ১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰ: ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনব মে' মাহলৈ অসম আছিল।
প্রশ্ন ১৭। অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
উত্তৰ : শদিয়া আৰু নগা পাহাৰত।
প্রশ্ন ১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল ?
উত্তৰ ঃ সেই সময়ত লোণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুষে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল।
চমু আৰু দীঘল উত্তৰৰ প্ৰশ্ন
প্রশ্ন ১। মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক'ব পৰ যায়?
উত্তৰ : মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক, অসমত থকা বিভিন্ন জনজাতি যেনে— কছাৰী, চুতীয়া, আহোম, কৈবত্ত আদি লোকৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্রিয়তার আঁৰত থকা এটা বিশেষ কাৰণ হ'ল এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্র সম্প্রদায়ভুক্ত আছিল। আগতে অসমৰ এই জনজাতি সকলক সমাজত হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। গতিকে শূদ্র সত্ৰাধিকাৰৰদ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মর্যাদা পাইছিল যাব বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহোম ৰাজশক্তির মাজত মনোমালিন্য ঘটিছিল। তাৰ পৰিণতিয়েই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুৰি সংঘটিত হোৱা ভয়াবহ "মোৱামৰীয়া গণ বিদ্ৰোহৰ আৰম্ভণী হৈছিল। এই বিদ্রোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কারণ আছিল ইয়াত যোগদান করা অজস্র সাধারণ প্রজা যাৰ ভিতৰত অধিক সংখাকেই সাধারণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক আছিল।
প্রশ্ন ২। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ করা।
উত্তৰ : মোৱামৰীয়া বিদ্রোহ অসম ইতিহাসত আটাইতকৈ দীঘলীয়া বিদ্রোহ। আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰম্ভ হোৱা এই বিদ্রোহে প্রায় ৩৫ বছৰ কাল জুৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক দিশত প্ৰভাৱ পেলাইছিল। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণটো হ'ল গুৰুৰ প্ৰতি মোৱামৰীয়া শিষ্যসকলৰ আছিল অগাধ ভক্তি। প্রয়োজনত তেওঁব হকে প্রাণ বিসর্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুরুত্ব বাহিৰে অন্যৰ ওচৰত মূব নোদোঁৱাইছিল। তেনে পৰিস্থিতিত শুকরে নিজকে মহাশক্তিশালী আনকি স্বৰ্গদেউৰ লগতো নিজকে তুলনা কৰাৰ দুঃসাহস কৰিছিল। গতিকে ৰজা আৰু গুৰুৰ মাজৰ দ্বন্দ্ব আছিল অৱধাৰিত। এবাৰ স্বৰ্গদেউ প্রতাপ সিংহই (১৬০৩-১৬৪১চন) মোৱামৰীয়া শিষ্যসকলৰ গুরুভক্তিক উপলুঙা কৰাৰ মানসেৰে সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে। সন্মুখত দুখন চোকা তৰোৱাল সিহঁতৰ ডিঙিৰ সমানকৈ পথালিকৈ বান্ধি ৰাখিলে। তেওঁ ভাবিছিল। মোৱামৰীয়া শিষ্য দুজনে মৃত্যুৰ ভয়ত শিৱত কৰিবলৈ বাধ্য হ'ব। কিন্তু সকলোকে হতচকিত কৰি দুয়ো শিষ্যই শিৰচ্ছেদ গ্ৰহণ কৰিলে কিন্তু নিজৰ মূৰ নোদোঁৱালে। এই ঘটনাই মোৱামৰীয়া মহত্তর মান, আত্মবিশ্বাস আৰু সাহস দুগুণ বৃদ্ধি কৰিলে।
প্রতাপ সিংহৰ পিছত পৰৱর্তী ৰজা চুৰুফা ভগাবজাৰ (১৬৪১-৪৪ চন) দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক বাজ আজ্ঞামতে হত্যা কৰা হৈছিল। মোৱামৰীয়াসকলে এই হত্যাকাণ্ডৰ বাবে আহোম বাজতন্ত্রকেই জগৰীয়া কৰিছিল আৰু তার প্রতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ হত্যাৰ পিছতো আৰু কেইবাটাও বাজ আতিশয্যর প্রমাণ পোৱা যায়। তার ভিতৰত গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদের মহন্তৰ হত্যা, ৰুদ্ৰসিংহৰ বাজসভাত চতুর্ভুজদেৰ মহত্তৰ প্রতি কৰা দুর্ব্যৱহাৰ, শিৱসিংহৰ, দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহস্তক জোৰকৈ বলিব ফোঁট ল'বলৈ বাধ্য কৰোৱা আদিয়েই প্রধান। এনে ধাৰাবাহিক নির্যাতনৰ পুঞ্জীভূত বেদনাৰ বহিঃপ্রকাশ ঘটিছিল এই মোৱামৰীয়া বিদ্রোহত।
প্রশ্ন ৩। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱর্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।
উত্তৰ : আহোমৰ ধৰ্মীয় নীতিৰ পৰিবৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য করা হয়। তাৰ কেইটামান কারণ হল-
(ক) আহোমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণীৰে পৰা তেওঁলোকে নিজস্ব ধর্ম পালন কৰি আহিছিল। ছোমদেউ আছিল তেওঁলোকৰ প্রধান উপাস্য দেবতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধর্মীয় পৰম্পৰাৰ প্রতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগবতী ধৰ্মৰ প্ৰতি ৰাজঅনুগ্ৰহ প্ৰদৰ্শন কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি-বাৰী, ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজতো বাজঅনুগ্রহ লাভৰ বাবে প্রতিযোগিতা চলিছিল।
(ঘ) গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্রতিপত্তি বোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱর্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি / তবধ মানিছিল আৰু সত্ৰবোৰ একো একোখন আহোম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজা বুলি পতিয়ন গৈছিল। সেয়েহে বজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছিল।
(গ) গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিষ্ঠির নোৱাৰি বৃহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহু কেইজন সত্ৰাধিকাৰক ধৰি আনি বাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্যে আহোমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ্ পিছৰজন ৰজা বদ্ৰসিংহই এই নীতিৰ পুনবাই পৰিৱৰ্তন কৰি পলাতক সত্ৰাধিকাৰ সকলক পুনৰ ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল।
(ঘ) আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মর্যাদা দি শূদ্র সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল। তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাবে প্রতিফলিত হোৱা দেখা যায়।
(ঙ) স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুৱৰী ফুলেশ্বৰী অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিছিল। এটা সময়ত বজাৰ আজ্ঞামতে শুরু মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিব তেজৰ ফোঁট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচাৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্রোহ।
প্রশ্ন ৪। পাইকৰ ভাগ দুটা কি কি? পাইক প্রথা মোৱামৰীয়া বিহা কমানদূৰ ভাগৰীয়া আছিল? তোমার নিজস্ব মতামত দাঙি ধৰা।
উত্তৰ : পাইকৰ ভাগ দুটা হ’লঃ কাড়ী পাইক আৰু চমুৱা পাইক।পাইক প্রথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিছু পরিমাণে দায়ী আছিল। ইয়াৰ কেইটামান কাৰণ হ'ল—
(ক) দেশত পাইকৰ সংখ্যা হ্রাস পাই অহাত, বিশেষকৈ স্বৰ্গদেউ বাজেশ্বৰ সিংহৰ দিনত, প্ৰজাৰ ওপৰত ৰাজকীয় শোষণৰ বোজা যথেষ্ট বৃদ্ধি পাইছিল। পূৰ্বতে চাবিজ্ঞান পাইকেৰে এটি গোট কৰাৰ ব্যৱস্থা থকাত তেওঁলোকৰ মাজৰপৰা এজনে পাল পাতি বছৰৰ -৩ মাহৰ বাবে বাধ্যতামূলক পাইকসেৱা দান কৰিব লাগিছিল। কিন্তু পাইকৰ সংখ্যা হ্রাস পাই অহাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৩ জন পাইকেবে এটিকে গোট গঠন করাত প্রতিজন পাইকে বছৰৰ ৪ মাহ পাইক খাটিব লাগিছিল। গতিকে প্রতিজন পাইকেরে ওপৰত এমাহকৈ শ্ৰমৰ বোজা বৃদ্ধি পাইছিল। এইদৰে একোজন মানুহক বছৰৰ চাবি মাহকৈ ৰাই পাইকরূপে লৈ যোৱাৰ ফলত কৃষি অর্থনীতির প্রভূত ক্ষতি হৈছিল। শারীরিক শ্রমৰ বোজা বৃদ্ধিক মাজেৰে প্ৰজা শোষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল। তেওঁলোকেও আহোম ৰাজতন্ত্রৰ বিরুদ্ধে ক্ষোভত ফাটি পৰিছিল আৰু বজাৰ বিরুদ্ধে প্রতিশোধ লোৱাৰ আশাৰে সুযোগৰ সন্ধানত বাট চাই আছিল।
(খ) ব্রহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডফলা-বহতীয়াৰূপে পৰিগণিত আহোম প্ৰজাসকলে সততে দুই ধৰণৰ কৰৰ বোজা মূব পাতি ল'ব লাগিছিল। তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্রতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডফলা জনজাতিসকলকো পচারূপে এবিধ কর আদায় দিব লাগিছিল। এই ধৰণৰ কৰৰ বোজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আহোম প্ৰজাসকলক অসন্তুষ্ট আৰু অতিষ্ঠ। কৰি তুলিছিল। স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়াসকলে বিদ্রোহ করার লগে লগে তেওঁলোকেও বিদ্রোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল।
(গ) সাধাৰণভাৱে দেশত মুদ্রা অর্থনীতির প্রচলন হোৱা নাছিল যদিও য'ত যেনেকৈ মানুহৰ অলপ-অচৰপ মুদ্ৰা পৰিছিল তাবেই সহায়ত তেওঁলোকে পাইক খটাৰপৰা বেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্রৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা বেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্রৱৰ্তন কৰিছিল। ধনব বিনিময়ত পাইক খটাৰপৰা বেহাই পোৱা পাইককে চমুৱা বোলা হৈছিল। এইদৰে কাঁড়ী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধারণ পাইকসকল অন্যান্য পাইকতকৈ মর্যাদাব ফালৰপৰাও সমাজত উচ্চ শ্রেণীব বুলি পৰিগণিত হৈছিল। চহকী পৰিয়ালৰ লোকে য'ত যেনেকৈ পাবে ধন-বিত সংগ্রহ কবি ৰজা ঘৰত জমা দি কাঁড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা তথা ভদ্রলোকৰ শ্ৰেণীলৈ উঠিছিল, বাকী আছিল। সমাজৰ নিম্ন আয়ৰ দুখীয়া লোকসকল। আনহাতে বহুতে চমুৱাৰ শাৰীলৈ উঠাত অৱশিষ্ট কাঁড়ী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি পাই আহিছিল।
(ঘ) এই ধৰণৰ প্ৰজা শোষণে আহোম বাজতন্ত্ৰৰ ৰাজহাড় জোকাৰি তুলিছিল। সাধারণ প্রজাসকল এনেয়েই দুখীয়া তাতে আকৌ সমাজতো নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত তেওঁলোকৰ মান-মর্যাদা বোলা বস্তুটো নাছিল, তেওঁলোক আছিল কেবল শ্রম কৰা যন্ত্র। ফলত দেশত সামাজিক দ্বন্দ্ব-সংঘাত বৃদ্ধি পাইছিল। গতিকে সমাজৰ নিজস্ব শ্ৰেণীৰ প্ৰজাসকলেও আহোম ৰাজতন্ত্রৰ বিরুদ্ধে বহু বছৰ ধৰি তীব্র ক্ষোভ আৰু অসন্তুষ্টি পুহি ৰাখিছিল। তেওঁলোকে বিদ্রোহ সমাগত হোৱাৰ লগে লগে আন বিদ্রোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰ হৈছিল।
প্রশ্ন ৫। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰ : মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ হ'ল
(ক) মোৱামৰীয়া বিদ্ৰোহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ক্ষতিকারক পৰিণতি হৈছে কেপ্তেইন থমাছ ওয়েলছে ১৭৯৪ চনৰ ফেব্ৰুৱাৰী মাহত কলিয়াবৰৰ পৰা কোম্পানির বংগ চৰকাবলৈ এটি গোপন প্রতিবেদন পঠিয়াইছিল। এই প্রতিবেদনে বত্ন প্রসবিনী অসমৰ প্রতি ব্ৰিটিছৰ আকর্ষণ বৃদ্ধি কৰিছিল। (খ) দ্বিতীয়তে, কেপ্তেইন ওরেলছে অসমৰ প্ৰশাসনিক বিষয়ত যি ধৰণে হস্তক্ষেপ কৰিছিল তাৰ ফলত আহোম ৰাজতান্ত্রিক শাসন ব্যৱস্থাটো বিদ্ৰোহৰ হেঁচাত সম্পূর্ণরূপে ভাগি পৰিছিল।
(গ) তৃতীয়তে, বিদ্ৰোহৰ নেতা বা বিদ্রোহীসকলেও দেশ শাসনৰ উন্নত আৰ্হি উদ্ভাবন কৰি আহোমৰ বিকল্প শাসন ব্যবস্থা এটি প্রবর্তন কৰিব পৰা নাছিল। বিদ্ৰোহৰ নেতাসকলে বিভিন্ন ঠাইত শাসন ক্ষমতা দখল কৰিলেও সেই শাসন ব্যবস্থা দীর্ঘ দিনলৈ বৰ্তি থকা নাছিল। মাত্র বেংমৰাত সৰ্বানন্দ সিংহৰ নেতৃত্বত স্থাপন কৰা বিদ্রোহী ৰাজতন্ত্র ১৮০৫ চনলৈ বৰ্তি আছিল। মুঠতে বিদ্রোহীসকলে কেন্দ্রীভূত শাসন ব্যৱস্থা স্থাপন কৰিদেশ শাসন কৰিবলৈ লোৱাৰ পৰিৱর্তে অঞ্চল বিশেষে পৃথক পৃথক ব্যক্তিৰ নেতৃত্বত শাসনৰ ব্যৱস্থা কৰি বিদ্ৰোহৰ বিভাজন কৰি দুৰ্বল কৰি
(ঘ) চতুৰ্থতে, বিদ্রোহীসকলে বহু ক্ষেত্রতে সামূহিক স্বার্থতকৈ ব্যক্তিগত স্বার্থক অগ্রাধিকাৰ দি কার্যক্ষেত্ৰত নামি পৰিছিল। বিশেষকৈ ন-দুৱাৰ আৰু দৰঙৰ স্বাধীনতাৰ বাবে সেই দুখন ৰাজ্যৰ ৰজাই বিদ্ৰোহৰ সুযোগ লৈ নিজ স্বার্থ পূৰণৰ বাবেহে কাম কৰিছিল, অসমৰ সামূহিক স্বাৰ্থৰ বাবে নহয়।
(ঙ) পঞ্চমতে, মোৱামৰীয়া বিদ্রোহে অসমত আহোম ৰাজতন্ত্রক যথেষ্ট নিশকতীয়া কৰি তুলিছিল। শাসন ব্যবস্থা অত্যন্ত দুর্বল হৈ পৰিছিল। কেপ্তেইন ওরেলছে বিদ্রোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ বাজ সিংহাসনত থাপিছিল। যদিও তেওঁৰ নেতৃত্বত প্রশাসন ব্যৱস্থাই শক্তি আহৰণ কৰিব পৰা নাছিল। কেওপিনে বিদ্রোহাত্মক পরিবেশ বিরাজ কৰিয়েই আছিল। সর্বানন্দ সিংহই বেংমৰাত ভালেমান বছৰলৈ চলাই থকা বিদ্রোহে আহোম ৰাজতবে প্রতি প্রজা সাধাৰণর আস্থা নিঃশেষ কৰি পেলাইছিল। আনহাতে বিদ্রোহ দমনৰ নামত পূর্ণানন্দই লোৱা ব্যৱস্থাসমূহে প্রজা সাধাৰণক অধিক অশান্ত আৰু ক্ষোভিত কৰি তুলিছিল।
(চ) ষষ্ঠতে, বিদ্রোহাত্মক পরিস্থিতির সুযোগ লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই অধিক ক্ষমতাশালী হৈ পৰিছিল। তেওঁ নিজ পৰিয়ালৰ লোকক গুরুত্বপূর্ণ পদৱীত নকৰল কৰি প্ৰকৃত আহোম ডাঙৰীয়া শ্রেণীর অন্যান্য যোগালোকক ন্যায়সংগত প্রাপাৰ পৰা সততে বঞ্চিত কৰি সন্দেহৰ আবৰ্তত সোমাই পৰিছিল। মুঠতে প্রশাসনত বজা আব্দ ৰাজ্যৰ স্বাৰ্থতকৈ ৰাজমন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বাৰ্থই সততে অগ্রাধিকাৰ লাভ কৰিছিল। ৰজাইনামতহে ৰাজত্ব কৰিছিল। পূৰ্ণানন্দই আছিল সর্বেসর্বা। ৰজাৰ নামত পূৰ্ণানন্দর এই স্বেচ্ছাচারী আচরণ দেশব ডা-ডাঙৰীয়াসকলে মানি লোৱা নাছিল, ফলত বিদ্রোহ আৰু ষড়যন্ত্রৰ অন্ত পৰা নাছিল।
প্রশ্ন ৬। মাৱামৰীয়া বিদ্রোহক তুমি সফলনে বিফল বিদ্রোহ বুলি ভাবা? মুক্তি দিয়া।
উত্তর : অসমত মোৱামৰীয়া বিদ্রোহ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্রোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক'ব পাৰি। তার কারণ কেইটামান হ'ল-
(ক) মোৱামৰীয়া বিদ্রোহীসকলে বংপুর অধিকার কৰি তাত ভরত সিংহ নামৰ এজনকবজা আৰু শুকুৰা বোলা এজনক বববববা পাতি দেশ শাসন কৰিবলৈ লৈছিল।
(খ) ব্রহ্মপুত্র উত্তর পাবে জাপবিভিঠাত ডফলা বহতীয়াসকলে তাতী নামৰ এজন ৰজাক বড়া পাতি দেশ শাসন কৰিবলৈ লৈছিল।
(গ) মাজুলীত মোৱামরীয়াসকলে ৰজা পাতিছিল হাউহা নামৰ এজন ডেকাক আৰু বেংমৰাত (বর্তমান তিনিচুকীয়া) হাতীচুঙ্গী মৰাণসকলে সর্বানন্দক ৰজা আৰু গোধাক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল। তেওঁ ১৭৮৮ চনৰ পৰা ১৮০৫ চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল।
(ঘ) শদিয়াত খামতিসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক বজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল।
(ঙ) নামনি অসমত দৰঙৰ ৰজা হংস নাৰায়ণক হল কৰি গুৱাহাটীলৈ মাতি আনি গৌরীনাথ সিংহই হত্যা করার পিছত তেওঁৰ পুত্র কৃষ্ণনাৰায়ণে বঙালী বৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰে। এনেদৰে তিনিবাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত আহোম শাসন ব্যবস্থার ভেটি কিছু পরিমাণে দুর্বল হৈ পৰিছিল।
প্রশ্ন ৭। কেপ্তেইন ওবেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল ?
উত্তরঃ গৌরীনাথ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ কেপ্তেইন ওবেলছ অসমলৈ আহিছিল। গৌৰীনাথ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্রোহীসকলে ৰাজকীয় সেনা বাহিনীর পৰাস্ত কৰি ৰাজ্যত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছিল। বিদ্রোহীসকল বাজধানী ৰংপুৰৰ সমীপত উপনীত হোৱাত নিৰাপত্তাৰ আশা কৰি আহোম ৰজা গৌৰীনাথ সিংহই ১৭৮৭ চনত গুৱাহাটীলৈ পলায়ন করে। গুৱাহাটীত উপস্থিত হৈ গৌবীনাথে মণিপুৰ, কাছাৰ আৰু জয়ন্তীয়া ৰজা সকলৰপৰা সহায় বিচাৰিলে। কিন্তু তেওঁলোকে কোনো ধৰণৰ সহায় নকৰিলে। আনফালে দৰঙৰ ৰজা দ্বিতীয় হংসনাৰায়ণে হৰদত্ত-বীবদত্ত ভ্রাতৃদ্বয়ৰ সৈতে লগ হৈ গৌৰীনাথৰ বিরুদ্ধে বিদ্রোহ কৰি দেশৰ ৰাজনৈতিক অবস্থা অধিক ভয়াৱহ আৰু সংকটমুখী কৰি তুলিছিল।
আহোম ৰজা গৌৰীনাথ সিংহৰ বিৰুদ্ধে দেখা দিয়া এনে বিপদৰ প্ৰতি লক্ষ্য ৰাখি মেধি বৰফুকনে গোৱালপাৰাত থকা কোম্পানিব বিষয়া হিউ বেইলীক কিছু বৰকান্দাজ সৈনিক দি গৌৰীনাথক সহায় কৰিবলৈ অনুৰোধ কৰে। হিউ বেইলীয়ে মেধি ফুকনৰ অনুৰোধ মতে গৌৰীনাথক ভালেমান বৰকান্দাজ পঠিয়াই দিয়ে। কিন্তু সেই বৰকান্দাজসকল বংগদেশৰ পৰা আহি থাকোতে আদবাটতে হংসনাৰায়ণৰ পুত্ৰ কৃষ্ণনাবায়ণে ছল-কৌশলেৰে সেইবোৰ আহোম ৰাজতন্ত্রর বিরুদ্ধে কামত লগায়।
ইফালে হৰদত্ত-বীরদত্ত আৰু কৃষ্ণনাৰায়ণৰ যুটীয়া বিদ্রোহে যথেষ্ট জনপ্রিয়তা লাভ কৰে। আনফালে দৰঙৰ, প্রজাসাধাৰণেও মোৱামৰীয়া বিদ্রোহীসকলৰ সৈতে মিলাপ্রীতি কৰিছিল। কামৰূপৰ সাধাৰণ প্ৰজাসকলেও আহোম ৰাজতন্ত্রৰ প্রতি কোনো সহানুভূতি কথা নাছিল। বহুত দিন ধৰি কোঁচসকলৰ অধীনত থকাত কামৰূপৰ প্ৰজাসকলে কোঁচসকলৰ প্ৰতিহে আনুগত্য প্রকাশ কৰিছিল। গতিকে, প্রায় সকলো ফালৰপৰা প্ৰজা বিদ্রোহ সন্মুখীন হোৱাত বংগদেশত থকা ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানিৰ সামৰিক সহায় ভিক্ষা কৰাৰ বাহিৰে আহোম ৰজা গৌৰীনাথ সিংহৰ বেলেগ কোনো উপায় নহলৈ। কোম্পানিৰ চৰকাৰৰ ওচৰত গৌৰীনাথে কৰা লিখিত আবেদনৰ ভিত্তিত তেওঁলোকে, ১৭৯২ চনৰ ছেপ্টেম্বৰ মাহত অসমলৈ ৰজাৰ সাহাযাে সামরিক অভিযান পঠিওৱাৰ সিদ্ধান্ত করে। সেইমতে বংগদেশত থকা কোম্পানির চৰকাৰে কেপ্তেইন থমাছ ওৱেলছৰ নেতৃত্বত এটা সামৰিক অভিযান পঠিয়ায়। এই সামৰিক অভিযানত ওৱেলছৰ নেতৃত্বত প্রায় ৫৫০ জন সৈনিক আছিল। কেপ্তেইন থমাছ ওৱেলছৰ নেতৃত্বত এই সামরিক বাহিনীটোৱে ১৭৯২ চনৰ ৮ নৱেম্বৰ তাৰিখে গোৱালপাৰাত উপস্থিত হয়। তাৰ পৰা তেওঁ ১৬ নবেম্বৰ তাৰিখে ব্রহ্মপুত্ৰৰে উজনিমুৱালৈ যাত্ৰা কৰে। কেপ্তেইন ওবেলছব এই অভিযানৰ প্রধান উদ্দেশ্য আছিল অসমৰ বিষয়ে সম্পূর্ণ খা-খবৰ আৰু তথ্যপাতি সংগ্রহ করা। সেয়েহে তেওঁলোকে মোৱামৰীয়া বিদ্রোহ দমন কৰি আহোম ৰজাক পুনৰাই সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। ১৭৯৩ চনত গৌরীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিমতে আহোম খাজাৰ শাসনৰ পুনৰ প্ৰতিষ্ঠা কৰা ইংৰাজৰ বাবে জৰুৰী হৈ পৰিছিল। এই চুক্তিৰ গুৰুত্ব বুজি পাই গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে অৱসৰ লোৱাৰ পিছত ছাৰ জন ছোবে এটা নতুন নীতি গ্ৰহণ কৰিছিল। এই নতুন নীতি আছিল “ পৰৰাজ্যত হস্তক্ষেপ বিৰোধী” নীতি। এই নীতিমতে আন দেশব লোকে নিজৰ দেশত হস্তক্ষেপ কৰিব নোৱাৰিব। সেইবাবে অতি সোনকালে ওরেলছে অসমত আধবরা অৱস্থাত অভিযান সামৰি ঘূৰি যায়।
প্রশ্ন ৮। মোৱামৰীয়া বিদ্রোহ দমনত ওৱেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা?
উত্তৰ : মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ কেপ্তেইন ওৱেলছে উজনি অসমৰ পিনে অগ্রসৰ হৈছিল। কেপ্তেইন ওৱেলছৰ নেতৃত্বত থকা সেনা বাহিনীৰ বন্দুকৰ আগত মোৱামৰীয়া বিদ্রোহীসকলৰ ধেনু-কাঁড়ে বিশেষ কাম দিয়া নাছিল। তেওঁলোকে লাহে লাহে কোম্পানিৰ সেনাবাহিনীৰ হাতত পৰাজয় বৰণ কৰিবলৈ ধৰিছিল আৰু ১৭৯৪ চনৰ ১৮মার্চ তাৰিখে তেওঁলোকে কোম্পানির সেনাবাহিনীৰ হাতত চূড়ান্তভাবে পরাভূত হয়। মোৱামৰীয়া বিদ্রোহ দমন কৰি কেপ্টেইন ওরেলছে ২১ মার্চ তাৰিখে ৰংপুৰত এখন দৰবাৰ পাতি বাজমন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঁই বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰফুকন, বৰবৰুৱা আদি দেশব উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত গৌৰীনাথ সিংহক আহোমৰ ৰাজসিংহাসনত পুনব অধিষ্ঠিত কৰায়।
এই সামরিক অভিযান উপলক্ষে কেপ্তেইন থমাছ ওরেলছে অসমত প্ৰায় ১৭মাহৰো অধিক কাল ধৰি অৱস্থান কৰিছিল। উক্ত সময়ছোৱাত তেওঁ অসমত শান্তি স্থাপনৰ প্ৰয়োজনত গৌৰীনাথ সিংহ তথা আহোম ৰাজতন্ত্ৰৰ বিৰোধী পক্ষক সম্পূৰ্ণৰূপে দমন কৰি গৌৰীনাথক প্রকৃত শাসনৰ অধিকাৰী হিচাপে পুনৰ সংস্থাপন কৰিছিল। তেওঁ অকল যে ৰাজতন্ত্রৰ শত্ৰুসকলকেই নিপাত কৰিছিল তেনে নহয়, দেশৰ অস্থিৰ ৰাজনৈতিক অৱস্থাৰ সুযোগ লৈ তেৱেঁই উক্ত সময়ছোৱাত দেশব সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ বহিছিল। তেওঁ সময়ে সময়ে ডা-ডাঙৰীয়া আৰু আহোমৰ কতলীয়া গোষ্ঠী প্রধানসকলৰ দৰবাৰ পাতি প্রশাসনিক ক্ষেত্ৰত দিহা-পৰামৰ্শ দিছিল, জয়নাথ বৰবৰুৱা, চিৰিং চোলাধৰা ফুকন আৰু মেধি বৰফুকনৰ দৰে উচ্চ পদস্থ বিষয়াক বরখাস্ত কৰিছিল। হলিৰাম আৰু তেওঁৰ মৃত্যুৰ পিছত শিৱদত্তক বৰফুকন আৰু লাহন পৰিয়ালৰ পানীচিলাক বৰবৰুৱাৰ পদবীত মকৰল কৰিছিল। এই ধৰণে কার্য পৰিচালনা কৰিবলৈ তেওঁ অসমত আহি উপস্থিত হোৱাৰ প্ৰায় দুমাহ মানৰ ভিতৰতে বংগদেশত থকা কোম্পানিৰ ঊর্ধ্বতন কর্তৃপক্ষৰপৰা সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰিছিল। সেই ক্ষমতাৰ দ্বাৰা শক্তিশালী হৈ তেওঁ ১৭৯৩ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে গৌৰীনাথক জয়নাথ বৰবৰুৱা আৰু চিৰিং চোলাধৰা ফুকনক নিজ নিজ পদবীৰপৰা বরখাস্ত কৰিবলৈ বাধ্য কৰাইছিল।
তাৰ পিছত সেই বছৰবে ৮ ফেব্ৰুৱাৰী তাৰিখে তেওঁ চাৰিটা চৰ্ত সম্বলিত এটি চুক্তিত স্বাক্ষৰ দান কৰিবলৈ গৌৰীনাথক বাধ্য কৰাইছিল। উক্ত চুক্তি সম্পাদন কৰাৰ পিছত কেপেইন থমাছ ওৱেলছ অসমত সৰ্বময় কৰ্তৃত্বৰ অধিকাৰী হৈ বহে। গৌৰীনাথ নামমাত্ৰ ৰজা হৈ থাকে, ৰাজ্য শাসনৰ সকলো কাম পৰিচালনা আৰু নিয়ন্ত্রণ কৰে কেপ্তেইন ওরেলছে। প্রায় বন্দী অৱস্থাত ৰাখিছিল। তেওঁ যোগান ধৰা সশস্ত্র চিপাহী-চন্তৰীয়ে তেওঁক অনবৰত বেঢ়ি ৰাখিছিল। তেওঁৰ পৰিচৰ্যাৰ বাবে তেওঁক মাত্র ১০০ জনমান লোকৰ যোগান ধৰা সকলো ক্ষমতাৰপৰা বঞ্চিত ৰজা গৌৰীনাথক কেপ্তেইন ওৱেলছে গুৱাহাটীৰ বাসভবনত হৈছিল। এইকেইজন লোকৰ ওপৰতহে কেৱল গৌৰীনাথৰ কৰ্তৃত্ব চলিছিল। কেপ্তেইন ওরেলছে ১৭৯৩ চনৰ ২৮ ফেব্রুৱাৰী তাৰিখে আহোম বজা গৌরীনাথ সিংহৰ ওপৰত মুঠতে ১৪ টা চর্ত জাপি দিছিল। গতিকে বংগ চৰকাৰে ১৭৯৪ চনৰ ১৯মার্চ তাৰিখে অসমৰ পৰা কেপ্তেইন থমাছ ওৱেলছব সামরিক অভিযান অন্ত পেলাবলৈ সিদ্ধান্ত কৰে। সেয়েহে কেপ্তেইন ওৱেলছে ১৭৯৪ চনৰ মে' মাহৰ শেষব পিনে আহোমৰ ৰাজধানী ৰংপুৰ ত্যাগ কৰি ব্ৰহ্মপুত্ৰৰে বংগদেশলৈ বুলি যাত্ৰা আৰম্ভ কৰে। গতিকে দেখা যায় যে কেপ্তেইন ওৱেলছ মোৱমৰীয়া বিদ্রোহ দমনত সাময়িকভাৱে সফল হ'ব পাৰিছিল। কিন্তু তেওঁ উভতি যোৱাৰ পিছতে এই বিদ্রোহে পুনব গা-কৰি উঠিছিল।
প্রশ্ন ৯। কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা করা।
উত্তৰ : কেপ্তেইন ওৱেলছ চাহাবে অসমব বিষয়ে এটা মূল্যবান টোকা লিখি সেই সময়ব ব্ৰিটিছ গৱর্ণব জেনেবেল ছাব জন ছোবলৈ প্ৰেবণ কৰিছিল। সেই বিৱৰণৰ পৰা ওঠব শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অর্থনৈতিক অবস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়।
ওৱেলছৰ টোকাত আহোম ৰাজ্যৰ বজা নির্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বর্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্রৰ পাঁচগবাকী প্রতাপী মন্ত্রী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্রিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিবিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওরেলছে কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিকভাবে বাজসিংহাসন লাভৰ পৰা বঞ্চিত করা, মোৱামৰীয়া মহস্তব হত্যা আৰু উচ্চপদবীধাৰী মন্ত্রী-আমোলাসকলৰ মাজত ক্ষমতা লাভব বাবে চলা অবাঞ্ছিত প্রতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। যি কি নহওক ওরেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বৃিটিছ সৈন্য কৃতকার্য হোৱা বুলি দাবী কৰাব লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কার্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ব্যৱসায়-বাণিজ্য সম্পর্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্রাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাবে গুরুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি বপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্রায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাবে ২৬,০০০ মান টকাহে বাজকোষত সোমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেইসময়ত অসমত লোণৰ বৰ আকাল আছিল। আমদানি বস্তুবোৰৰ ভিতৰত লোণেই আটাইতকৈ উল্লেখযোগ আছিল। বংগদেশৰ পৰা বছৰি প্ৰাৰ৷ ২০,০০০ মোন লোণ আমদানি কৰা হৈছিল। অসম ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোণ উৎপাদন হৈছিল যদিও তার মান নিম্নস্তৰৰ আছিল। লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল। অসমত যথেষ্ট পরিমাণে ধান উৎপন্ন হোৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল-পাণ, লা, লো, সোণ আদি উৎপন্ন হৈছিল।
সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ জুবি বিস্তৃত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল আৰু তাৰে তিনিটা ইউৰোপত তৈয়াৰী আছিল। ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এডোখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বর্ণনা দিছিল। ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ'ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুরক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰৰ দীতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাবত উৎপন্ন বস্তুর বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমথহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধারণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌরীনাথ সিংহই ব্ৰিটিছ সেনাব ভরণ-পোষণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।
প্রশ্ন ১০। চমুটোকা লিখা :
(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা (খ) মায়ামৰা সত্ৰ (গ) পূর্ণানন্দ বুঢ়াগোহাঞি (ঘ) কাড়ী পাইক আৰু চমুৱা পাইক (ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি (চ) বৰৰজা ফুলেশ্বৰী (ছ) পৰ্বতীয়া গোসাই, (জ) সৰ্বানন্দ, (ঝ) ভৰত সিংহ, (ঞ) ৰংপুৰ নগৰ।
উত্তর:
(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা : কীর্তিচন্দ্র বৰবৰুৱা এজন প্রবল প্রতাপী ৰজা আছিল। তেওঁৰ পিতৃৰ নাম ৰূপচন্দ্ৰ বৰবৰুৱা আছিল। ১৭১৮ চনত ৰূপচন্দ্ৰৰ মৃত্যু হোৱাৰ পিছত স্বৰ্গদেউ শিৱ সিংহই পুতেক কীর্তিচন্দ্ৰ বৰবৰুৱা পদবীত নিযুক্তি দিছিল। কীৰ্তিচন্দ্ৰৰ কু-চক্রান্তব বাবেই স্বৰ্গদেউ ৰূদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মোহনমালা দত্তৰ বিপৰীতে ভায়েক বাজেশ্বৰ সিংহই বাজ সিংহাসনত আৰোহণ কৰিব পাইছিল। বাজেশ্বৰ সিংহই ৰাজ্য পৰিচালনা কৰাতকৈ আমোদ-প্রমোদত দিন কটাবলৈ বেছি ভাল পাইছিল। তেওঁ ৰাজা শাসনৰ ভাব কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। কীৰ্তিচন্দ্ৰ বৰবৰৱাৰ ৰাজ্য শাসনৰ ভাব দিনক দিনে বাঢ়ি যোৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নোৱৰা হ'ল। কাৰণ কীৰ্তিচন্দ্ৰ সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগোহায়ে “চকৰীফেঁটী” নামৰ এখন বুৰঞ্জীপুথিত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক ‘জলম বঁটা' অর্থাৎ 'নকল আহোম' বুলি লিখি থৈ গৈছে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্রতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰি কৈছিল যে তেও সম্ভ্রান্ত আহোম পৰিয়ালৰ লোক হয়। এনে কাহি তেওঁৰ কিবা সন্দেহ থকা বুলি ভাবি ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ দিলে। উপায়হীন হৈবব্বৰৰাই কিছুমান বুৰঞ্জীত আপত্তিজার কথা থকা বুলি ভাবি বুৰঞ্জীবোৰ পৰীক্ষা কৰাৰ আগতেই পুৰি পেলায়। তেওঁৰ এনে কাৰ্যৰ বাবে জনসাধাৰণৰ মনত তেওঁ অপ্রিয় হৈ পৰে। কিছুমানে ষড়যন্ত্র কৰি তেওঁক বধ কৰিবলৈ চেষ্টা করে। কিন্তু তেওঁ কোনো রকমে পলাই প্ৰাণ ৰক্ষা কৰে।
(খ) মায়ামৰা সত্ৰ ঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তর্ভুক্ত। মূলতে মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। ইয়াৰ উপৰি অসমৰ বহুতো জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈবর্ত্ত আদি লোকব মাজতো এই সত্ৰই যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল। মায়ামৰা সত্ৰখনৰ এটা বিশেষত্ব হ’ল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল কেৱল ক্ষুদ্র সম্প্রদায়ভুক্ত আছিল। এই ‘মায়ামৰা' শব্দৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হৈছিল। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক জনসাধাৰণে এটা সুকীয়া মর্যাদা দিছিল। ইয়াৰ ফলত এই সত্ৰত শিষ্যর সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল। এই সত্ৰৰ শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে আন কাৰো ওচৰত মূব দোউৱা নাছিল। সেয়েহে গুরুরে এনে পৰিস্থিতিৰ বাবে নিজকে স্বৰ্গদেউৰ লগত তুলনা কৰিছিল। ইয়াৰ ফলত আহোম বাজশক্তি আৰু মোৱামৰীয়াসকলৰ মাজত মনোমালিন্য ঘটিছিল। তার পরিণতি স্বরূপেই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুবি সংঘটিত হোৱা ভয়াবহ বিদ্ৰোহ হৈছে 'মোৱামৰীয়া গণ বিদ্রোহ।
(গ) পূৰ্ণানন্দ বুঢ়াগোহাঞিঃ পূর্ণানন্দ বুঢ়াগোহাঞি আহোম ৰাজ্যৰ এজন ক্ষমতাশালী মন্ত্রী আছিল। তেওঁ ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ আছিল। গৌরীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তবাধিকার সূত্রে ১৭৮২ চনত তেওঁ বুঢ়াগোহাঁইৰ পদৱীত অধিস্থিত হয়। তেওঁ মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ দৃঢ়তা অৱলম্বন কৰিছিল যদিও বিশেষ একো কৰিব পৰা নাছিল। তেওঁ ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈ প্ৰায় ৩৪/৩৫ বছৰ ধৰি আহোম ৰাজ্যৰ বুঢ়াগোহাঁই তথা ৰাজমন্ত্ৰী আছিল। পূর্ণনিন্দৰ স্বেচ্ছাচারিতার বাবে দেশব লোকে তেওঁক অকণো ভাল পোৱা নাছিল। পূৰ্ণানন্দৰ দৌৰাত্ম্য সহা কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱা নামৰ এটা বিদ্রোহ সংগঠিত কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম সাম্রাজ্যৰ শেষ শক্তিশালী ব্যক্তি আছিল।
(ঘ) কাড়ী পাইক আৰু চমুৱা পাইক : কাড়ী পাইক আৰু চমুৱা পাইক পাইকসকলৰ দুটা ভাগ। কাড়ী পাইকৰ সংখ্যা অধিক। চমুৱা পাইকৰ সংখ্যা কম যদিও তেওঁলোক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। কিন্তু লাহে লাহে ৰাজ্যত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হোৱাত দামী পাইকৰ সংখ্যা কমিবলৈ ধৰে।
(ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি ঃ বৈৰাগী বজাব নেতৃত্বত কৈবর্ত সম্প্রদায়ব কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গৃহটোত জুই লগাই। দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনবাই পলাবলগীয়া হ'ল। ব্রহ্মপুত্ৰেৰে ভটিয়াই যাওঁতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওরেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওরেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগী ৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী করা হ’ল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁর ভেবোণীয়া সৈনিকৰ দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত করা হ’ল। হৰদত্ত চৌধুৰীৰ বিদ্রোহ দমন কৰি তেওঁলোকক আহোমৰ কতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হ'ল। দৰঙীয়া আৰু কামৰূপীয়া বিদ্রোহ আৰু বৰকান্দাজ সমস্যার অন্ত পেলাই ওরেলছে উজনিত আহোম ৰাজ্য নিম্নণ্টক কৰাৰ মানসেবে রংপুর অভিমুখে যাত্রা আৰম্ভ কৰিলে। কারণ ইতিমধ্যেই আহোম ৰজা গৌরীনাথ সিংহ আৰু কেপ্তেইন ওবেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। ১৭৯৩ চনৰ ৮ ফেব্রুৱাৰীত স্বাক্ষরিত হোৱা এই চুক্তিমতে,
(১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কর ধার্য কৰা হ'ল।
(২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্রান্তলৈ ৰপ্তানি করা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অর্থাৎ ১০% কর ধার্য করা হ'ল।
(৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
(৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কব আৰোপ কৰাৰ ব্যৱস্থা কৰা হ'ল।
(৫) ইংৰাজৰ বাহিৰে আন ইউরোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব। এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মোৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল। সকলো কথা গমি ওরেলছে গৱৰ্ণৰ জেনেৰেলক ছটা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰোধ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে পৰিস্থিতিৰ গুৰুত্ব বুলি ওরেলছৰ পত্ৰৰ সঁহাৰি জনাই অতিরিক্ত ফৌজ পঠাই দিছিল। ১৭৮৬ চনৰ পৰাই বুঢ়াগোহাঞি পূৰ্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে যোৰহাটৰ বাহিৰতে মোৱামৰীয়াসকলৰ গতিবোধ কৰি আছিল। এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন ব্ৰিটিছ ফৌজে আহোমৰ সৈন্যর মনোবল বহুগুণে বৃদ্ধি কৰিলে। বৃটিছ আৰু আহোমৰ সৈন্যব যুটীয়া আক্ৰমণত মোৱামৰীয়াসকল তিষ্ঠির নোৱাৰি ৰংপুর এবি পলাই যাবলৈ বাধ্য হ'ল। ভালেমান মোৱামৰীয়াৰ মৃত্যু হ'ল। ৰজা ভবতসিংহও বেয়াকৈ ঘুণীয়া হ'ল আৰু কোনোমতে প্ৰাণ লৈ পলাই গ'ল। ৰংপুর পুনৰ বিদ্রোহীৰ কৱলৰ পৰা উদ্ধাৰ হ'ল। ১৭১৪ চনৰ ২১ মার্চৰ দিনা গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে।
(চ) বৰজা ফুলেশ্বৰী : স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল ফুলেশ্বৰী কুঁৱৰী। তেওঁ এগৰাকী বিদ্যোৎসাহী মহিলা আছিল। তেওঁ লিখা-পঢ়াৰ সুবিধাৰ বাবে ৰাজ্যত বহুতো টোল পাতিছিল। তেওঁৰ নিৰ্দেশমতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নিৰ্মাণ কৰা হৈছিল। এওঁৱেই আছিল আহোমৰ ৰাজত্বকালত কাজকার্য পৰিচালনা কৰা প্ৰথম গৰাকী মহিলা। ফুলেশ্বরী কুঁৱৰীয়ে কৃষ্ণরাম ভট্টাচার্য নামৰ পুরোহিত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্মৰ শিক্ষা লৈছিল। সেই সময়ত ব্রাহ্মণ পণ্ডিতসকলে শিৱসিংহৰ ছত্ৰ ভংগৰ যোগ আছে বুলি কৈ ফুলেশ্বৰী কুঁৱৰীক ববজা' উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰৰ সৈতে জবিত সত্ত-মহন্ত, ভরত সকলোকে বহুতো লঘু লাঞ্ছনা কবি অশেষ নির্যাতন কৰিছিল। শাক্ত ধৰ্মত নতুনকৈ দীক্ষ লোৱা এই গৰাকী ৰাণীৰ বৈষ্ণৱ নির্যাতন কার্যত ইন্ধন যোগাইছিল কীর্তি চন্দ্ৰ বৰবৰৱাই। ৰাণী ফুলেশ্বৰীয়ে বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত আৰু ভকতসকল শক্তি পূজাৰ বিৰোধী আছিল কাৰণে ৰাণীয়ে দেৱী মন্দিৰত পূজাৰ আয়োজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সত্রানুষ্ঠানৰ সত্ৰাধিকাৰ আৰু মহন্ত ভকতসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰু বলিব তেজেৰে কপালত ফোট দিয়াই লঘু-লাঞ্ছনা ছিল। ইয়াৰ ফলস্বৰূপে সময়ত আহোম ৰাজ্যত ‘মোৱামৰীয়া বিদ্ৰোহ’ দেখা দিছিল। ১৭৩১ খ্ৰীত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।
(ছ) পৰ্বতীয়া গোসাঁই : স্বৰ্গদেউ বদ্রসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক বাজালৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণ ৰাম ভট্টাচৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষসকলক ‘পৰ্বতীয়া গোসাঁই নামেৰে জনা যায়।
(জ) সর্বানন্দ : সর্বানন্দ সিংহ মৰাণ সকলৰ নেতা আছিল। মোৱামৰীয়া সকলৰ নেতা ভৰত সিংহৰ মৃত্যুৰ পিছত সৰ্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। সেই সময়ত মোৱামৰীয়া সকলৰ ভিতৰত মৰাণ সকলেই সকলোতকৈ শক্তিশালী আছিল। সেয়েহে পূৰ্ণানন্দ বৰগোহাঁয়ে মোৱামৰীয়া নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূ-খণ্ড 'মটক ৰাজ্য' নাম দি নতুন স্বতন্ত্র ৰাজ্য স্থাপন কৰিলে। ১৭৮৮ চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যোৱাৰ পিছত বিদ্রোহীসকলে বেংমৰা হাতীচুংগীত সৰ্বানন্দক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিছিল। সৰ্বানন্দই ১৮০৫ চনলৈকে শাসন চলাইছিল।
(ঝ) ভবত সিংহ ঃ ভবত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল। তেওঁ এজন মোৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল। ১৮০১ চনত তেওঁৰ নেতৃত্বত এদল মোৱামৰীয়াই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰিছিল। তেওঁলোকে বিদ্ৰোহ কৰা ঠাইখন হ'ল বেংমৰা (বর্তমান তিনিচুকীয়া জিলা)। মোৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাব লগত দেশ শাসন কৰিছিল।
(ঞ) ৰংপুৰ নগৰঃ ৰংপুৰ আহোমৰ বাজধানী আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮। চনত এই ৰাজধানী নগৰ প্ৰতিষ্ঠা করে। ৰংপুৰৰ পুৰণি নাম মেটেকা। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সজাই ৰং-ৰহইচ কৰি নগৰ খন লোৱাৰ বাবে নামনিৰ ৰংপুৰৰ নামেৰেই এই নগৰৰ নাম ৰংপুৰ থয়। তেতিয়াৰে পৰা মোৱামৰীয়াসকলৰ বিদ্ৰোহত নগৰ উছন হোৱালৈকে ৰংপুৰ আহোমৰ ৰাজধানী আছিল। বৰ্তমানৰ শিৱসাগৰ নগৰখনেই আছিল পূৰ্বৰ ৰংপুৰ নগৰ। বৰ্তমান ৰংপুৰৰ পৰিসীমা প্রায় ১০ মাইল মান হ’ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়া সকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল।