Breaking News
This website is the best free notes provider in assamese medium. I you have caught any mistake please contact,

সমাজ বিজ্ঞান | ইতিহাসৰ চতুৰ্থ অধ্যায় | মানৰ অসম আক্ৰমণ।

Class 9 Social Science Question Answer | SEBA Class 9 Social Science Answer | Class 9 Social Science Solution | How to Download Class 9 Social Science Free Books PDF | Assamese Medium Class 9 Social Science Free Notes | Class 9 Social Science All Answer |Class IX Social Science Answer | নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ | Assam Board |  

অনুশীলনীৰ প্ৰশ্নোত্তৰ

অতি চমু/চমু উত্তৰৰ প্ৰশ্ন ঃ

প্রশ্ন ১। ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল ?

উত্তৰ ঃ আৰাকান জয় কৰিছিল৷

প্রশ্ন ২। মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰপৰা শত্রুতা সৃষ্টি হৈছিল?

উত্তৰ ঃ মান আৰু ইংৰাজ দুয়ো পক্ষ একে আন্তৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পাছৰ পৰা।

প্রশ্ন ৩। মান উপদ্ৰৱত থাকিব নোৱাৰি শ্রীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰ: গোবিন্দ চন্দ্র।

প্রশ্ন ৪। কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?

উত্তৰ ঘিলাধাৰী যুদ্ধত।

প্রশ্ন ৫। বৈশালী হুকুং কি?

উত্তর : মান লিপিকাৰে লিখা মানব সামরিক অভিযানৰ এটা টোকাৰ নাম।

প্রশ্ন ৬। বৈশালী মুং-ডুন-চুন খাম কি?

উত্তৰ: মানৰ সামৰিক অভিযান সম্পর্কে মান লিপিকাৰে লিখা অন্য এটা টোকাৰ নাম।

প্রশ্ন ৭। বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্রী কোন আছিল?

উত্তৰ : পূৰ্ণানন্দ বুঢ়াগোহাঁই।

প্রশ্ন ৮। বদন চন্দ্ৰই কিমান সৈন্য লগত আনিছিল?

উত্তৰ : প্রায় ৬,০০০ মান সৈন্য।

প্রশ্ন ৯। বদনচন্দ্র অসমত সোমাইয়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল?

উত্তৰ : প্রায় ৮,০০০ 

প্রশ্ন ১০। বদনচন্দ্রক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্রী পাতিছিল?

উত্তৰ : মন্ত্ৰী বৰফুকন। 

প্রশ্ন ১১। মানৰ আক্রমণ কোন কোন চনত হৈছিল?

উত্তর : ১৮১৯ চনত।

প্রশ্ন ১২। কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?

উত্তর : ১৮১৭ চনত।

প্রশ্ন ১৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল?

 উত্তর: ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

(খ) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।

উত্তর : জগন্নাথ ঢেকিয়াল ফুকন কচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।।

 (গ) বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।

উত্তৰ : বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চনৰ আগষ্ট মাহত। 

(ঘ) ৰাজমা ও নুমলী চন্দ্রকান্ত সিংহ/পূৰ্ণানন্দ বুঢ়াগোহাঁই/ ব্রজনাথ গোহাঁইৰ মাতৃ আছিল।

উত্তৰ : বাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল।

(ঙ) য়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল। 

উত্তৰ : য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

ৰচনাধর্মী প্রশ্ন

প্রশ্ন ১। মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

 উত্তৰ : অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধত ব্রহ্মদেশৰ বজাই পশ্চিম দিশত ৰাজ্য বিস্তারে পাতনি মেলিছিল। ইংৰাজে বংদেশত পলাশী যুদ্ধ জয় কৰাৰ কেই বছৰমানৰ পূৰ্বেব্রহ্মদেশ ৰজা আলাংপায়াই মণিপুবলৈ এটি সামরিক অভিযান চলাইছিল। তেওঁ মণিপুৰৰ বিরুদ্ধে দ্বিতীয়টো সামৰিক অভিযান চলাইছিল ১৭৫৯ চনৰ শেষৰ পিনে। তেওঁক অনুকরণ কৰি ছিবুছিম বোলা মান বজাজনৰ আমোলত ১৭৬৫ চনত মান সেনাই পুনৰ মণিপুৰ আক্ৰমণ কৰি কেবা হাজাৰ মণিপুৰী লোকক ব্ৰহ্মদেশলৈ লৈ যোৱাৰ লগতে মণিপুৰৰ ৰজা জয়সিংহত দেশান্তৰিত কৰিছিল। তাৰ পিছতো মান সেনাই বাৰম্বাৰ মণিপুর আক্রমণ কৰি সেই দেখখন জুৰুলা কৰি তুলিছিল। এবা-ধৰাকৈ ১৭৮২ চনলৈ মণিপুৰৰ ওপৰত মান সেনাব আক্রমণ। চলিয়েই আছিল আৰু ১৭৯৮ চনৰ পৰাহে মণিপুরে শান্তিৰে থাকিব পাৰিছিল।

  ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আবাকান জয় কবি দখল কৰে। আৰাকান দখল কৰাৰ লগে লগে মান সেনাই মাওই দীপপুঞ্জৰপৰা চট্টগ্রাম সীমান্তর লগতে চট্টগ্রাম বন্দৰলৈ বিস্তৃত সমগ্র বংগোপসাগৰীয় উপকূল বেখাত প্রধান রাজনৈতিক শক্তিত পরিণত হয়। এই অৱস্থাই মানক ব্ৰিটিছৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ অংশীদারত পৰিণত কৰাৰ লগতে ৰাজনৈতিক প্রতিদ্বন্দ্বীত পরিণত করে। তেতিয়াৰ পৰাই দুয়োটা শক্তি পৰস্পৰ শত্ৰু হৈ পৰে। আৰাকানত থিতাপি লৈ মানবজা ক্রমান্বয়ে বিশেষকৈ বদৌপায়া আৰু তেওঁৰ নাতি বাগিদাওৰ ৰাজত্বকালত তেওঁলোকৰ ৰাজ্য বিস্তাবৰ নীতি মণিপুৰ আৰু অসমৰ পিনে সম্প্রসাৰিত কৰাত চেষ্টা করে।

   ১৮১৯-২৩ ৰ কালছোৱাত তেওঁলোকে মণিপুৰৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিক কর্তৃত্ব স্থাপন কৰি সুৰজিৎ সিং, গম্ভীৰ সিং আৰু সুৰজিৎ সিং বোলা তিনিওজন ৰাজকুমাৰক দেশৰপৰা বহিষ্কার করে। কাছাৰৰ বজা গোবিন্দ চন্দ্ৰই শ্রীহট্টলৈ পলাই গৈ ইংৰাজৰ সহায় ভিক্ষা করে। কিন্তু ইংৰাজে তেওঁক সহায় নকৰাত তেওঁ মান বজার শরণাপন্ন হয় আৰু মানসকলেও কাছাৰত নিজৰ আধিপত্য স্থাপনৰ আশাত ১৮২৩ চনত গোবিন্দ চন্দ্ৰৰ সমৰ্থনত মণিপুৰৰ ৰাজকুমাৰ গম্ভীব সিঙৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হয়।

প্রশ্ন ২। পূৰ্ণানন্দ বুঢ়াগোহাইৰ স্বেচ্ছাচাবিতাই কেনেকৈ বাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা।

উত্তৰ : আৰাকান, মণিপুৰ আৰু কাছাৰত ৰাজনৈতিক হস্তক্ষেপ করার পরিণতি স্বরূপে অতি সোনকালে তেওঁলোকে অসমৰ আভ্যন্তরীণ রাজনীতিতো হস্তক্ষেপ করার সুযোগ পায়। মানসকলে ১৮১৭চনৰ মাৰ্চ মাহত অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। মানে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰাৰ সময়ত দেশৰ প্ৰধানমন্ত্রী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। মানৰ এই হস্তক্ষেপ সংঘটিত হৈছিল বিশেষকৈ প্রধানমন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঁইৰ দৌরাত্ম্য আৰু স্বেচ্ছাচারিতার বিরুদ্ধে। এই ঘটনাৰ বাবে আপাততঃ বদন চন্দ্ৰ বৰফুকনক দায়ী কৰা হয় যদিও প্রধান দোষী আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই।

   ৰাজ্যৰ বুঢ়াগোহাঁই হিচাপে পূৰ্ণানন্দ আছিল অসীম ক্ষমতার অধিকারী। তেওঁ গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰ সূত্ৰে ১৭৮২ চনত বুঢ়াগোহাঁইৰ পদবীত অধিষ্ঠিত হয়। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰজা গুৱাহাটীলৈ পলায়ন কৰাত উজনি অসমত পূৰ্ণানন্দ সর্বেসর্বা হৈ পরে। ১৭৯৪ চনৰ মাৰ্চ মাহত গৌৰীনাথে কেপ্তেইন মাছ ওবেলছৰ সহায়ত পুনৰ সিংহাসনত আৰোহণ কৰিলে যদিও দেশ শাসনৰ শক্তি আৰু ক্ষমতা সকলো হেৰুৱাই পেলাইছিল। তেওঁ আছিল দুৰ্ঘোৰ কানীয়া। তেনে অৱস্থাতে ৰাষ্ট্ৰ পৰিচালনাৰ সকলো ক্ষমতা লাভ কৰে যদিও তেওঁ সিংহাসন প্রাপ্তির প্রায় এবছৰৰ ভিতৰত মৃত্যুবরণ করে।পূর্ণানন্দৰ স্বেচ্ছাচাবিতাৰ বাবে দেশৰ লোকে তেওঁক অকণো ভাল পোৱা নাছিল, আনকি বচাদয়াঙৰ লোকে তেওঁক চকুপাৰি দেখিবই নোৱাৰিছিল। তেওঁ গৌৰীনাথ সিংহৰ মৃত্যুর সংবাদটো গোপনে রাখি উত্তৰাধিকাৰৰ প্ৰশ্নটো নিজাববীয়াকৈ মীমাংসা কবি পেলাইছিল। তেওঁৰ মৃত্যুৰ সংবাদটো নিদি আনকি বজা গৌৰীনাথে মতা বুলি কৈ বাচ্চটীয়া ববববরাক ৰাজপ্রাসাদলৈ নি নিষ্ঠুরভাবে হত্যা কৰিছিল। বাঘটীয়া বৰবৰুৱাই পূর্ণানন্দ বুঢ়াগোহাঁইৰ মনঃপূত লোক এজনক সিংহাসনত বহুৱাওঁতে বাধা প্রদান কৰা বুলি সন্দেহ কৰিয়েই তেওঁ বৰবৰুৱাক সিপুৰীলৈ পঠিয়াইছিল।

বজাৰ মৃত্যুর সংবাদ সদৰী কৰি নতুন ৰজা এজনৰ নাম ঘোষণা কৰা কামটো বৰবৰুৱাৰ। অর্থাৎ ৰজাৰ মৃত্যু সংবাদ প্রকাশ কৰা আৰু নতুন ৰজা এজনৰ নাম ঘোষণা করা দায়িত্বটো বৰবৰুৱাৰ। সেয়ে পূর্ণানন্দই ৰোগশয্যাত পৰি থকা সন্দিকৈ পৰিয়ালৰ ভদবি বোলা এজনক ববববরা পদবীত নিযুক্তি দিয়ে। কিন্তু তেওঁ যিহেতু ৰোগশয্যাত পৰি আছিল সেয়ে ভদবি বৰবৰুৱাৰ হৈ কাম চলাবলৈ শিৱনাথ তামুলী ফুকনক দায়িত্ব অর্পণ কৰে। তেওঁৰ জৰিয়তে ৰজা গৌৰীনাথৰ মৃত্যু সংবাদ ঘোষণা কৰাৰ লগতে কোমল বয়সীয়া কিনাৰামক (কমলেশ্বৰ সিংহক) ৰজা বুলি ঘোষণা করায় ১৭৯৫ চনত। কমলেশ্বৰ সিংহৰ সিংহাসন প্রাপ্তির প্রায় লগে লগেই পূৰ্ণানন্দই ৰজাৰ আদেশ বুলি নগাঁৱৰ সিন্ধুৰা হাজৰিকাক তেওঁৰ পুতেকরে সৈতে গ্রেপ্তার কৰে আৰু পিছত দুয়োকে হত্যা করে। তেওঁ নগাঁৱৰ প্রায় ৫০০ লোকক অকল ধর্মীয় কাৰণতেই বিচারে হত্যা কৰি কলং নদীৰ মোৱামাৰী কুৰ বোলা অংশটোত পেলাই দিয়ে। তাৰ পিছত পূৰ্ণানন্দই বদন চন্দ্ৰক বৰফুকন পদবীৰপৰা অপসারিত কবি গেন্ধেলা ওরফে কলীয়া ভোমোৰা বোলা এজন লোকক বৰফুকন পাতে যদিও কলিয়া ভোমোৱাৰ মৃত্যুৰ পিছত পুনৰ তেওঁক বৰফুকন পাতিবলৈ বাধ্য হয়। তেতিয়াৰ পৰাই বদন চন্দ্ৰ আৰু পূৰ্ণানন্দৰ মাজত পাৰস্পৰিক সংঘাটৰ সৃষ্টি হয়।

প্রশ্ন ৩। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল?

উত্তৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দৌৰাত্ম্য সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটি বিদ্রোহ সংগঠিত কৰিছিল। এই বিদ্রোহস নেতৃত্ব দিছিল পানীমুৱা নামৰ এজন লোকে। সেয়েহে এই বিদ্রোহটোক পানীমুৱাৰ বিদ্রোষ বোলা হয়। পূৰ্ণানন্দই শ্রীনাথ বৰবৰুৱাৰ দ্বাৰা বহুলোকৰ বিৰুদ্ধে বিচারব্ব ভেকো-ভালো পাতি তেওঁলোকক কঠোৰ শাক্তি দি নৃশংসভাবে হত্যা কৰিছিল। ইয়াৰ উপৰি তেওঁৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অন্ত পৰা নাছিল।১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'বা এজনক আহোম বাজপাতত বছরায়। তেওঁ দেশ শাসনৰ একো ভু-ভা পোৱা নাছিল। তেওঁক ৰজা পতাৰ পিছৰ পৰা পূৰ্ণানন্দই আৰু দত্তালিবে ৰাজ্য শাসন কৰিবলৈ লৈছিল। চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত সংগ্ৰাম চাৰিঙীয়া ফুকনে বিদ্রোহৰ নেতৃত্ব দিছিল। এইবাৰৰ বিদ্রোহত দেশব প্রায় ৯৭ জন মুখিয়াল লোকে যোগদান কৰিছিল। কিন্তু পূর্ণানন্দই এই বিদ্ৰোহৰ লগত জড়িত থকা লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

             ১৮১৪ চনত তাবে ৭৭ জনক নিষ্ঠুরভাবে হত্যা কৰে আৰু বাকী ২০ জনৰ কোনোবাক কাণ কাটি, কোনোবাৰ নাক কাটি আৰু কোনোবাৰ চকু কাঢ়ি সমাজত এৰি দিছিল। যাতে পূৰ্ণানন্দৰ এনে কার্য দেখি কোনেও ভবিষ্যতে তেওঁর বিরুদ্ধে বিদ্রোহ কৰিবলৈ সাহস নকৰে।আনহাতে সংগ্ৰাম চন্দ্রকান্ত সিংহৰ বাল্য কালৰ বন্ধু আছিল বাবে তেওঁক হত্যা নকৰিব নামৰূপৰ হাবিলৈ খেদি পঠিয়াইছিল। বাকী গুৱাহাটীৰ বৰফুকন বদন চন্দ্ৰক ধৰিবলৈ চিপাহী, চাউদাং পঠিয়ায়। কিন্তু বদনে আগতেই পলাই গৈ বংগদেশৰ বংপুব পায়গৈ। ৰংপুৰত গৈ তেওঁ পূৰ্ণানন্দৰ বিৰুদ্ধে বজা চন্দ্রকান্ত সিংহ আৰু তেওঁর সমর্থনত ব্ৰিটিছৰ পৰা সামৰিক সাহায্য বিচাৰে। কিন্তু পূর্ণানন্দৰ বিরুদ্ধে কোম্পানিৰ চৰকাৰে ৰজা চন্দ্ৰকান্ত সিংহ আৰু বদন চন্দ্ৰ বৰফুকনক সামৰিক সাহায্য নিদিলে। উপায়হীন হৈ বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশলৈ গৈ তাব বজা বদৌপায়াৰ ওচৰত সামৰিক সাহায্য বিচাৰিলে। 

        বজা বদৌপায়াই পূর্ণানন্দৰ বিরুদ্ধে বদনৰ নেতৃত্বত প্রায় ৬,০০০ সৈনিকৰ যোগান দি অসম অভিমুখে যাত্রা কৰিবলৈ আদেশ দিলে। বদনে অসমত সোমায়েই নিজাববীয়াকৈ আৰু প্রায় ৮,০০০ মান অসমীয়া সৈন্য গোটাই লৈছিল। এই ৮,০০০ সৈন্যই পূৰ্ণানন্দৰ দৌৰাত্ম্যত অসন্তুষ্ট হৈ তেনে অৱস্থাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ৰজা চন্দ্ৰকান্ত সিংহ আৰু বদন চন্দ্ৰ বৰফুকনৰ প্রতি সহায়ত হাত আগবঢ়াইছিল। ১৮১৭ চনৰ মাৰ্চ মাহত বদনে মুঠ ১৪,০০০ সৈন্য লগত লৈ পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। বদনৰ আগমন ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্রেরণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক খিলাধাৰী যুদ্ধত পরাভূত হয়। খিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনাবাহিনীক পৰাজয়ৰ বাতৰি পাই তেওঁ মৃত্যুমুখত পৰে আৰু তেওঁৰ পুত্ৰ কচিনাথ বুঢ়াগোহাঁই পদবীত অধিষ্ঠিত হয়। কচিনাথে বদনক বাধা দিবলৈ গৈ কঠালবাৰীৰ যুদ্ধত বিফল হয় আৰু গুৱাহাটীলৈ পলাই যায়। ৰজাই বদনক প্রধানমন্ত্রী পাতি পুৰস্কৃত কৰে। এনেকৈয়ে পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিণতি শেষ হৈছিল। 

প্রশ্ন ৪। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল?

উত্তৰ:বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল। তাৰ কেইটামান কাৰণ হ'ল 

(ক) মান সৈনিকসকলৰ ব্ৰহ্মদেশৰ পৰা দেশৰ আভ্যন্তৰীণ কাজিয়া ৰোধ কৰিবলৈ বৰফুকনে মাতি আনিছিল।

(খ) বদন বৰফুকনে ব্ৰহ্মদেশৰ পৰা ৬,০০০ সৈনিক আনিছিল। অসমলৈ আহি তেওঁ পুনৰ ৮,০০০ সৈনিক গোটাই লৈছিল। এই অভিযানত অসমীয়া প্ৰজাই সমর্থন জনাইছিল। 

(গ) বৰফুকনৰ লগত অহা সেনাবাহিনীয়ে পূর্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থসকলক দমন কৰাৰ পিছত আহোম ৰজাই বদনক প্রধানমন্ত্রী পাতিছিল।

(ঘ) ঐতিহাসিকসকলৰ মতে অভিযান সামৰি লগে লগে মান সেনাসকলে নিজ দেশলৈ ঘূৰি গৈছিল। এই কালছোৱাত তেওঁলোকে সাধাৰণ মানুহৰ ওপৰত কোনো ধৰণৰ উপদ্ৰৱ চলোৱা নাছিল। মান সেনা অসমলৈ অহাৰ এমাহ পাছতেই নিজ দেশলৈ ঘুৰি গৈছিল। মানসকলৰ ১৮১৭ খ্রীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্রকান্ত সিংহক ৰক্ষা কৰা। সেইবাবে ১৮১৭ চনৰ মানৰ আক্ৰমণক প্ৰকৃতাৰ্থত মানৰ আক্রমণ বুলির নোৱাৰি।

প্রশ্ন ৫। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলোচনা কৰা। 

উত্তৰ : ১৮১৭ চনৰ মাৰ্চ মাহত বদনে মান সৈন্য লৈ পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। তেতিয়া তেওঁৰ নেতৃত্বত প্রায় ৬,০০০ মান সৈন্য আছিল। মান সৈন্যসকলক অসমলৈ পঠিওৱাৰ সময়ত মান সকলৰ ৰজা আছিল বদৌপায়া।

  বদনৰ আগমন ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পরাভূত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনাবাহিনীক পৰাজয়ৰ বাতৰি পাই তেওঁ মৃত্যু মুখত পৰে আৰু তেওঁৰ পুত্ৰ কঠিনাথ বুঢ়াগোহাঁই পদবীত অধিষ্ঠিত হয়। ৰুচিনাথে বদনক বাধা দিবলৈ গৈ কঁঠালবাৰীৰ যুদ্ধত বিফল হয় আৰু গুৱাহাটীলৈ পলাই যায়। ৰজাই বদনক প্রধানমন্ত্রী পাতি পুৰস্কৃত কৰে। বদনৰ সৈতে অহা মান সৈন্যৰ সৈতে ব্ৰহ্মদেশৰ দুজনমান লিপিকাৰো আছিল। তেওঁলোক দুজনে বদনৰ নেতৃত্বত মানৰ এই সামৰিক অভিযান সম্পর্কে একোটাকৈ টোকা লিখিছিল। এই টোকা দুটাৰ নাম হ’ল বৈশালী হুকং আৰু বৈশালী মুং-ডুন-চুন-খাম। এই অভিযানৰ ফলত পূৰ্ণানন্দ সিংহৰ পতন হৈছিল আৰু মান সৈন্য প্রায় এমাহৰ ভিতৰতে অসম এৰি নিজ দেশলৈ গুচি গৈছিল।

 বদনৰ নেতৃত্বত অহা মানসেনাই অসমত কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ করা নাছিল। ঐতিহাসিক ড’ সূর্য কুমাৰ ভূঞাৰ মতে ১৮১৭ চনৰ এপ্ৰিল মাহত মানসকলে যোৰহাটৰ সমীপৰ পৰা প্ৰত্যাৱৰ্তন কৰিছিল। বদন চন্দ্ৰই মান সৈন্যসকলক যোৰহাটৰ পূব অংশত তেওঁৰ কঠোর নিয়ন্ত্রণত সীমাবদ্ধ কৰি ৰাখিছিল আৰু তেওঁলোকে অসমীয়া প্রজাৰ ওপৰত কোনো ধৰণৰ উপদ্ৰৱ কৰা নাছিল। মান দেশৰ পৰা অহা লিপিকাৰ এজনে তেওঁৰ টোকাত লিখিছে যে বদনে মানৰ সেনাপতিজনক এগৰাকী আহোম গাভৰু, কেইটামান ঘোঁৰা, এটা হাঁতী, ভালেমান সোণ আৰু ৰূপ উপহার দি বিদায় দিছিল। গতিকে সকলো দিশৰ পৰা চালি-জাৰি চাই বদনৰ নেতৃত্বত অহা মান সৈনিকৰ এই সামৰিক অভিযানক কেতিয়াও আক্রমণ বুলি ক'ব নোৱাৰি। প্ৰকৃততে মানৰ আক্ৰমণৰ সূচনা হয় ১৮১৯ চনৰ পৰাহে।

প্রশ্ন ৬। মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰ : ১৮১৭ চনৰ পৰা ১৮২১ চনলৈ মানসকলে প্রায় তিনিবাৰকৈ অসম আক্ৰমণ কৰিছিল। এই আক্রমণৰ কাৰণসমূহ হ'ল

(ক) প্রথমতে, বদনচন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ডই মানৰ আক্ৰমণৰ মূল আৰু প্ৰধান কাৰণ। বদন চন্দ্র মন্ত্রী বৰফুকন হোৱাৰ কেইমাহমানৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে এটি গভীৰ ষড়যন্ত্ৰ তৈয়াৰ কৰা হৈছিল। এই ষড়যন্ত্ৰৰ কেন্দ্ৰীয় শক্তি আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু কচিনাথ বুঢ়াগোহাঁইৰ পৰিয়াল। এওঁলোকৰ বাবেই ভাৰাতীয়া আততায়ী কপচিং চুবেদাৰ আৰু বহমান খাঁ জামাদাৰে বদন চন্দ্ৰক প্ৰাতঃস্নান কৰি থকা অৱস্থাত হত্যা কৰিছিল। বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চনৰ আগষ্ট মাহত।

(খ) দ্বিতীয়তে বদন চন্দ্ৰৰ হত্যাৰ লগে লগে গুৱাহাটীত বাহৰ পাতি থকা ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰপৰা অপসাৰিত কৰি তেওঁৰ ঠাইত বিজয় বৰমূৰা গোহাঁইৰ পুত্ৰ ব্ৰজনাথ গোহাঁইক ৰজা পতাৰ চেষ্টাত ব্যস্ত হৈ পৰিছিল। ব্রজনাথ গোহাঁই বোলা এই লোকজনে পুত্ৰ পুৰন্দৰ সিংহৰ সৈতে ১৮০৯ চনৰ পৰা কোম্পানিৰ ৰাজ্যৰ চিলমাৰীত আশ্ৰয় লৈ আছিল। তেওঁলোক দুয়োজনে কোম্পানিৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি চিলমাৰীত সুখে-সন্তোষে কাল যাপন কৰি আছিল।

(গ) তৃতীয়তে, ৰজা চন্দ্ৰকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত কচিনাথৰ বিৰুদ্ধে এটি সেনাবাহিনী প্রেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটো কচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকাফুকন ৰাত নিহত হয়। ৰাজকীয় সেনাবাহিনীক পৰাভূত কৰি কচিনাথে সগৌৰৱে যোৰহাটত প্রৱেশ কৰে। যোৰহাটত উপনীত হৈয়েই তেওঁ চলাই-ভুলাই চন্দ্ৰকান্ত সিংহক ৰংপুৰৰপৰা যোৰহাটলৈ মাতি নিয়ে। প্রেমনাথ মবঙ্গীখোৱা গোহাঁই নামে কচিনাথৰ অন্য এজন ভ্রাতৃয়ে তাতেই চন্দ্রকান্তৰ কাণ এখন কাটি তেওঁক ভবিষ্যতে সিংহাসন প্ৰাপ্তিৰপৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰে। গতিকে ১৮১৭ চনৰ আগষ্ট মাহত বদন চন্দ্ৰ বৰফুকনক হত্যা কৰাৰ পৰা ১৮১৮ চনৰ ফেব্রুৱাৰী মাহত চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত আৰু লঘু-লাঞ্ছনা কৰাৰ কায়ই অসমত পুনৰ ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰে।

(ঘ) চতুৰ্থতে, বদন চন্দ্ৰৰ মৃত্যু আৰু চন্দ্ৰকান্তৰ সিংহানচ্যুত কথা মান দেশৰ ৰাজধানীত ওলাই পৰে। মান বজাই উক্ত ঘটনাত অসন্তুষ্ট হৈ অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত কৰে। তেওঁ কিয়ামিংগি ওৰফে আলুমিংগিৰ নেতৃত্বত প্রায় ১০,০০০ সৈন্য দি অসম আক্রমণ কৰিবলৈ পঠিয়ায়। এই সামৰিক অভিযানৰ পথ নির্দেশক আছিল মান দেশ প্রবাসী মোমাই বৰুৱা নামৰ অমসীয়া লোক এজন। মানব এই আক্ৰমণ আৰম্ভ হৈছিল ১৮১৯ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত। এইটোকে মানৰ প্ৰথম আক্রমণ বুলিব পাৰি। 

প্রশ্ন ৭। মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা। 

উত্তৰ: মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ হ'ল-

 (ক) প্রথমতে, এই আক্রমণে অসমত আহোম ৰাজত্বৰ অন্ত পেলাইছিল। মানৰ অসম আক্রমণৰ ফলশ্রুতিতেই ব্রহ্মপুত্র উপত্যকাত থকা আহোম ৰাজ্য তথা অসম মানৰ অধীনলৈ গৈছিল। ১৮১৯-১৮২৬ চনৰ কালছোৱাত অসমত মানৰ শাসন চলিছিল। অর্থাৎ অসম প্রায় ৬ বছৰৰ মানৰ অধীন হৈ আছিল। অসমে কেবা শতিকাৰ পিছত পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা হেৰুৱাইছিল।

(খ) দ্বিতীয়তে, মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বহুলাংশে বিপর্যস্ত হৈ পৰিছিল। বিশেষকৈ উজনি অসমৰ বহু লোকে নামনিলৈ, কাছাৰলৈ আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানিব দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল। ইয়াৰ ৰাজনৈতিক পৰিগাঁথনি সম্পূর্ণরূপে ভাগি গৈছিল। ৰাজ্যখনৰ অর্থনীতি সাময়িকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

(গ) তৃতীয়তে, মানৰ হাতৰ পৰা দেশ উদ্ধাৰ কৰি তাক পুনৰ স্বাধীন কৰিবলৈ যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল ইতিমধ্যে সেইটো নিঃশেষ হৈ আহিছিল। ইতিপূর্বে মাভ্যন্তৰীণভাৱে সংঘটিত মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ আহোম ৰজাই কোম্পানির সাহায্য প্ৰাৰ্থনা কৰিছিল। সেই মর্মে কেপ্তেইন থমাছ ওৱেলছে মোৱামৰীয়া বিদ্রোহ দমন কৰি আহোম ৰজা গৌৰীনাথ সিংহক পুনৰ সিংহাসনত থাপিছিল।

(ঘ) চতুৰ্থতে, সিংহাসন প্ৰাপ্তিৰ বাবে চলা উত্তৰাধিকাৰৰ সংগ্রামে কেতিয়াবাই আহোম ৰাজতন্ত্ৰ দুৰ্বল কৰি আনিছিল। এই অৱস্থা সপ্তদশ শতিকাৰ শেষৰ পৰা বিশেষকৈ গদাধৰ সিংহৰ ৰাজত্বকালৰপৰা (১৭৬১-১৭৬৯) সিংহাসনৰ প্ৰতিউত্তৰাধিকাৰৰ প্ৰশ্নক লৈ দেশত পুনৰ অস্থিৰতাই বিৰাজ কৰিছিল। এই অৱস্থাৰ ফলত ৰাষ্ট্ৰখনৰ ডা-ডাঙৰীয়াসকল বিবাদমান পৰস্পৰ বিৰোধী প্ৰশ্নত বিভক্ত হৈ পৰিছিল।

(ঙ) পঞ্চমতে, যিটো অভিজাত শ্রেণীয়ে আহোম ৰাজত্বৰ সূচনা পূৰ্বৰে পৰা ৰাজতন্ত্ৰৰ সৈতে একতা আৰু সংহতি স্থাপন কৰি ৰাজ্য শাসনত প্রধান আৰু মুখ্য ভূমিকা লৈ আহিছিল সেই অভিজাত শ্ৰেণীটো সপ্তদশ শতিকাৰপৰাই আভ্যন্তৰীণ কন্দল আৰু পাৰস্পৰিক ষড়যন্ত্ৰৰ ফলত নিশকতীয়া হৈ পৰিছিল। তেওঁলোকেও বাজনৈতিক নেতৃত্ব দিব পৰা দক্ষতা, ক্ষমতা আৰু শক্তি-সামর্থ্য একেবাৰে হেৰুৱাই পেলাইছিল। মোৱামৰীয়া বিদ্রোহে তেওঁলোকক পৰমুখাপেখী কৰি তুলিছিল। তেওঁলোকৰ নিজৰ ওপৰতেই আস্থা নোহোৱা হৈ পৰিছিল।

(চ) ষষ্ঠতে, অসমত মানৰ অৱস্থানে বংগদেশত থকা ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানির টোপনি হৰণ কৰিছিল। তেওঁলোকে ইতিপূর্বে কেপ্তেইন থমাছ ওরেলছে ১৭৯৪ চনত দাখিল কৰা গোপন ৰাজনৈতিক প্রতিবেদনৰ মাধ্যমত অসম সম্পর্কে বিস্তৃত খা-খবৰ লৈ খৈছিল। গতিকে তেতিয়াৰপৰাই ৰত্ন প্রসৱিনী অসমৰ ওপৰত ইংৰাজসকলৰ লুভীয়া দৃষ্টি আছিল। অসমৰ পৰা মানসকলক বিতাড়ন কৰিবলৈ ইংৰাজসকলে অনবৰত অজুহাত বিচাৰিয়েই আছিল। অর্থাৎ মানৰ আক্রমণে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিব বাবে অসম অধিকাৰ কৰাৰ কথা অধিক ত্বরান্বিত কৰি তুলিছিল। 

প্রশ্ন ৮। কোনটো বিদ্ৰোহক 'পানীমুৱা বিদ্ৰোহ' বুলি কোৱা হয়?

উত্তৰ: পূৰ্ণানন্দৰ দৌৰাত্ম্য সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোক তথা ডা ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত এটি বিদ্রোহ সংগঠিত কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুরা বোলা লোক এজনে। সেই বাবে এই বিদ্রোহক পানীমুৱা বিদ্রোহ বোলা হয়।

প্রশ্ন ৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ করা। 

উত্তৰ: ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল হ'ল-

 (ক) মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা ভবা নাছিল। বৰং তেওঁ পূৰ্ণানন্দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বৰফুকনক সামৰিক সাহায্যহে দিছিল।

(খ) মান ৰজা বদৌপায়াই মানসকলক অসমৰ সাম্ৰাজ্যত হস্তক্ষেপ কৰিবলৈ আদেশ দিয়া নাছিল। মান সেনাসকল অসমৰ পৰা ১ মাহৰ পিছতেই নিজ দেশলৈ ঘূৰি গৈছিল। মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা করা।

প্রশ্ন ১০। প্রথম ইংগ-বর্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 

উত্তৰ : প্রথম ইংগ-বার্মা যুদ্ধখন ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। এই যুদ্ধখন ইয়াণ্ডাবু নামে ঠাইত সংঘটিত হৈছিল। 

প্রশ্ন ১১। ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।

উত্তৰ : ইয়াণ্ডাবু সন্ধিব উল্লেখযোগ্য ফলাফলসমূহ হ'ল

(ক) ১৮২৫ চনৰ ১৭ চনৰ জানুৱারী তাৰিখে ইংৰাজে যোৰহাট দখল কৰে আৰু মানসকলক স্বদেশলৈ খেদি পঠিয়ায়। মানসকলে চিংফৌসকলৰ লগ লাগি অসমৰ পূব যণ্ডত উপদ্ৰৱ আৰম্ভ কৰে। তেতিয়া কেপ্তেইন নিউভিলে ১৮২৫ চনৰ জুন মাহত চিংফৌসকলক পৰাস্ত কৰে। আনফালে ইংরাজ সেনাই ব্রহ্মদেশৰ ইয়াণ্ডাবু চহৰ দখল কৰিলে। উপায়হীন হৈ ব্ৰহ্মদেশৰ ৰজাই ইংৰাজৰ লগত সন্ধি কৰিলে। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইংরাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত বিখ্যাত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হ'ল। এই সন্ধিৰ ফলত ইংগ-বার্মা যুদ্ধৰ অন্ত পৰিল। 

(খ) ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী গোভা ৰজাই ওচৰ-চুবুৰীয়া অসম ৰাজ্য আৰু অসমৰ তলতীয়া বাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে। লগতে আগলৈ সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্রতিশ্রুতিবদ্ধ হয়।

(গ) ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদৰ গইনা লৈ ইংৰাজে অসমত অধিকাৰ সাব্যস্ত কৰিলে। মানক খেদিবলৈ আহি তেওঁলোকেই এদিন অসমৰ অধিপতি হ'ল।

 (ঘ) মান সেনা আঁতৰি যোৱাৰ পিছত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানি এই দেশব এক প্ৰকাৰৰ শাসনকর্তা হৈ পৰে। আহোম ৰজা চন্দ্ৰকান্ত সিংহ আৰু যোগেশ্বৰ সিংহ কোনোজনকে ৰংপুৰত থাকিবলৈ দিয়া নহৈছিল। ১৮২৬ খ্ৰীষ্টাব্দৰ শেষ ভাগত যোগীঘোপাত যোগেশ্বৰ সিংহৰ মৃত্যু হয়। চন্দ্ৰকান্ত সিংহৰ কিছুদিন পিছতে গুৱাহাটীত মৃত্যু হয়।

প্রশ্ন ১২। ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰ : ইংৰাজে ব্ৰহ্মদেশর বিরুদ্ধে যুদ্ধ ঘোষণা কৰি অসম মণিপুৰ আৰু কাছাৰত মানসকলক সম্পূর্ণরূপে পৰাস্ত কবি ব্ৰহ্মদেশব বিখ্যাত বেঙ্গুণ আৰু প্রেম নগৰ অধিকাৰ কৰে। অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে ১৮২৫ চনত উজনি অসম ত্যাগ করে। উপায়হীন হৈ মানে ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্রুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ বজাই এখন সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এই সন্ধিখনকে ইয়াণ্ডাবু সন্ধি বোলা হয়। এই সন্ধিৰ জৰিয়তে প্রথম ইঙ্গ বার্মা যুদ্ধৰ সামৰণি পৰিছিল।

ইয়াণ্ডাবু সন্ধিৰ চৰ্ত বা গুরুত্বসমূহ হ'ল

(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানিক এক কোটি টকা পরিশোধ কৰিব লাগিব।

(খ) আরাকান আৰু তেনাছোৰিম প্রদেশ ব্ৰিটিছৰ হাতলৈ যাব।

(গ) অসম, কাছাব আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব।

(ঘ) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক বজা মানিবলৈ গাত লয়।

(ঙ) আভাত এজন ব্ৰিটিছ প্রেছিডেণ্ট থাকিব। মান বজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমতি দিছিল।

ইয়াণ্ডাবু সন্ধিয়ে অসমত মানব দিনৰ ওৰ পেলায়। এই সন্ধিৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাব গ্রহণ কবি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলিছিল।

 চমু টোকা লিখা

(ক) বদৌপায়া : বদৌপায়া মানসকলৰ ৰজা আছিল। বদনচন্দ্ৰ বৰফুকনে এই মান ৰজা বদৌপায়ান্ত আহোম ৰজাৰ বিৰুদ্ধে সামৰিক অভিযানৰ বাবে অনুৰোধ কৰিছিল। ১৮১৬ চনৰ শেষৰ ফালে প্রায় ৬,০০০ সৈনাৰ দল এটা দি বদৌপায়াই বদনচন্দ্ৰ বৰফুকনক অসমলৈ পঠায়। ১৮১৯ চনত বদৌপায়াৰ মৃত্যু হয়।

(খ) গম্ভীৰ সিং :মণিপুৰৰ ৰজা আছিল। মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ আছিল গম্ভীৰ সিং। পিতাকৰ মৃত্যুৰ পিছত তেওঁ মণিপুৰৰ ৰজা হয়। জয়সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ সুৰজিৎ সিং, মার্জিত সিং আৰু গম্ভীব সিঙৰ মাজত সিংহাসনক লৈ কাজিয়াৰ সৃষ্টি হয়। গম্ভীৰ সিঙে অতি চল-কৌশলেৰে মণিপুৰৰ সিংহাসন দখল কৰে। কিন্তু কিছুদিনৰ পিছত তেৱোঁ কাছাৰলৈ পলাবলগীয়া হয়। মানসকলে হাইলাকান্দিৰ বাহিৰে সমগ্র দক্ষিণ কাছাৰ দখল কৰি লয়। মানসকলে কাছাৰৰ পিনে অগ্রসর হৈ গম্ভীৰ সিঙক পুনব পৰাজিত কবি শাসনৰ পৰা বাহিৰ কৰি দিয়ে।

(গ) গোবিন্দ চন্দ্ৰ: কাছাৰৰ ৰজা আছিল। ভায়েক কৃষ্ণচন্দ্ৰৰ পিছত তেওঁ কাছাৰৰ ৰজা হয়। তেওঁৰ শাসন কালত মণিপুৰৰ বিদ্রোহী ৰজা মার্জিত সিঙে কাছাৰৰ সমতলভূমি দখল কৰে। পিছত মার্জিত সিঙে আন দুজন ভায়েক সুৰজিৎ সিং আৰু গম্ভীৰ সিঙৰ সহায়ত গোটেই কাছাৰখন দখল কৰে। তেতিয়া বাধ্য হৈ গোবিন্দ চন্দ্ৰই চিলেটলৈ পলাই যায় আৰু তাত থকা ইংৰাজৰ সহায়-ভিক্ষা বিচাৰে। কিন্তু ইংৰাজে তেওঁৰ অনুৰোধ অগ্রাহা কৰে। ফলত গোবিন্দ চন্দ্ৰই দক্ষ ৰজাৰ শৰণাপন্ন হ’ল। দক্ষ বজাই তেওঁক সহায়ৰ প্ৰতিশ্ৰুতি দি কাছাৰ দখল কৰে। মানসকলৰ এনে কাৰ্যত ইংৰাজসকলে মানব বিরুদ্ধে যুদ্ধ ঘোষণা কৰে। ইংরাজ সৈন্যৰ হাতত মানৰ পৰাজয় ঘটে। পিছত ইংৰাজৰ সহায়ত গোবিন্দ চন্দ্ৰ পুনৰ কাছাৰৰ দক্ষিণ অংশত বজা হয়। গোবিন্দ চন্দ্ৰই কাছাৰৰ শেষ ৰজা আছিল। তেওঁ সংস্কৃত ভাষাৰ এজন সু-পণ্ডিত আছিল। তেওঁ ৰচনা কৰা দুখন পুথি হ'ল 'গোবিন্দ কীর্তন' আৰু 'মহাবাজেব লীলামৃত”। তেওঁৰ পুথি দুখনৰ পৰাই তেওঁৰ পাণ্ডিত্যৰ কথা জানিব পাৰি।

(ঘ) দামান গগৈ: আহোম সেনাপতি আছিল। তেওঁৰ আহোমসকলৰ এজন দায়িত্বশীল সামৰিক বিষয়া আছিল। তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থক আছিল। মানসকলক ভেটা দিয়াৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈৰ নেতৃত্বত মানসকলৰ বিৰুদ্ধে এটি আহোম সৈন্য দল প্ৰেৰণ কৰে। কিন্তু দামান গগৈ নেতৃত্বাধীন আহোম বাহিনী মান সৈন্যৰ হাতত ঘিলাধাৰী নামে হোৱা যুদ্ধত পৰাজিত হয়।

(ঙ) হাও বৰা: আহোম ফৈদৰ সেনাপতি আছিল। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অহা মানসেনাক ভেটা দিবলৈ দামান গগৈৰ লগত হাও বৰাকো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এটি আহোম সৈন্য দলৰ নেতা হিচাপে প্ৰেৰণ কৰিছিল। কিন্তু হাও বৰাই মানসেনাক ভেটা দিবলৈ যাওঁতে দিলাধাৰী নামৰ ঠাইত হাও বৰা আৰু আহোম সেনাৰ পৰাজয় ঘটে।

(চ) ঘিলাধাৰী যুদ্ধ: উত্তৰ বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দৰ বিৰুদ্ধে সামৰিক সাহায্য বিচৰাত ব্ৰহ্মদেশৰ ৰজা বদৌপায়াই তেওঁক ৬,০০০ সৈনিক দি সহায় কৰে। আহোম সেনায়ো দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত মান সেনাক ভেটিবলৈ এটি সৈন্য বাহিনী প্রেরণ করে। দুয়োপক্ষৰ মাজত ঘিলাধাৰী নামৰ এখন ঠাইত যুদ্ধ হয়। সেয়েহে এই যুদ্ধখনক ঘিলাধাৰী যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত আহোম সেনাবাহিনী পরাজিত হয়। আহোমসকলৰ পৰাজয়ৰ বাতৰি পোৱাৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যু মুখত পৰে।

(ছ) ব্রজনাথ: বাজেশ্বৰ সিংহৰ আৰু বিজয়া বৰমূৰা গোহাঁইৰ পুত্ৰ আছিল। ব্রজনাথ যাতে ৰজা হ'ব নোৱাৰে তাৰ কাৰণে তেওঁক আগতেই অংগক্ষত কৰা হৈছিল। মানব অসম আক্ৰমণৰ সময়ত ব্রজনাথ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰ সিংহ ১৮০৯ চনৰ পৰা কোম্পানির বাজার ঘিলামৰীয়াত আশ্ৰয় লৈ আছিল। তেওঁলোক দুয়োজনে কোম্পানির চৰকাৰৰ পৰা পেঞ্চন লাভ কবি দিন কটাই আছিল। বদন বৰফুকনৰ হত্যাৰ পিছত ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা নমাই ব্রজনাথক আহোমৰ সিংহাসনত অধিষ্ঠিত কৰিব বিচাৰিছিল। এই উদ্দেশ্যৰে তেওঁ এটি সেনাবাহিনীর সহায়ত ব্রজনাথ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰক লৈ যোৰহাট অভিমুখে যাত্রা করে। কিন্তু রুচিনাথ বুঢ়াগোহাঁইৰ আশা পূরণ নহ'ল। কারণ আগতেই অংগক্ষত হৈ থকা ব্রজনাথে ৰজা হোৱাৰ যোগ্যতা হেৰুৱাইছিল। সেয়েহে কচিনাথে ব্রজনাথৰ পুত্ৰ দহ বছৰীয়া পুৰন্দৰ সিংহক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিয়ে।

(জ) পুৰন্দৰ সিংহ: ব্রজনাথ গোহাঁইৰ পুত্ৰ আছিল। কচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক আঁতৰাই ১০ বছৰীয়া পুৰন্দৰ সিংহক ৰজা পাতে। ১৮১৯ চনত অসম আক্ৰমণ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত করে।

(ঝ) লুকু ডেকা ফুকন : আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ সেনাপতি আছিল। চন্দ্ৰকান্ত সিংহৰ শাসনকালত লুকু ডেকাফুকন এজন বিষয়া আছিল। চন্দ্ৰকান্ত সিংহই ৰুচিনাথৰ ষড়যন্ত্ৰ কৰাৰ বাবে লুকু ডেকাফুকনৰ নেতৃত্বত এটি সেনাবাহিনী প্রেরণ কবি নিজে ৰংপুৰৰ পৰা আঁতৰি গৈছিল। রুচিনাথ বুঢ়াগোহাঁয়ে প্রেরণ কৰা সেনাবাহিনীর হাতত চন্দ্ৰকান্ত সিংহব সেনাবাহিনী পরাভূত হয় আৰু লুকু ডেকাফুকন রণত নিহত হয়।

(ঞ) আলুমিংগি : মান সেনাপতি আছিল। তেওঁৰ নেতৃত্বত ১০,০০০ সৈনাই অসম আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ ফলত আহোম সেনাৰ পৰাজয় হয় আৰু অসম প্ৰথমবাৰৰ বাবে মনৰ হাতলৈ যায়।


(ট) দোৱনীয়া :১৮১৯ চনত মানে অসম আক্রমণ করে। মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বহুতো লোকে ছদ্মবেশ ধৰি অসমীয়াৰ ওপৰত যথেষ্ট অত্যাচাৰ চলাইছিল। এই সকলক দোৱনীয়া বুলি কোৱা হয়।


(ঠ) ইয়াণ্ডাবু সন্ধি: ইংৰাজে ব্ৰহ্মদেশৰ বিরুদ্ধে যুদ্ধ ঘোষণা কৰি অসম, মণিপুৰ আৰু কাছাৰত মানসকলক সম্পূর্ণরূপে পৰাস্ত কৰি ব্ৰহ্মদেশৰ বিখ্যাত বেঙ্গুণ আৰু প্রেম নগৰ অধিকাৰ কৰে। অসমত ইংৰাজৰ হাতত পরাজিত হৈ মানে ১৮২৫ চনত উজনি অসম ত্যাগ করে। উপায়হীন হৈ মানে ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই এখন সন্ধিপত্ৰত স্বাক্ষর করে। এই সন্ধিখনকে ইয়াণ্ডাবু সন্ধি বোলা হয়। এই সন্ধিৰ জৰিয়তে প্রথম ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি পৰিছিল।

ইয়াণ্ডাবু সন্ধিৰ চৰ্ত বা গুরুত্বসমূহ হ'ল (ক) মান বজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানিক এক কোটি টকা পরিশোধ কৰিবলাগিব। 

(খ) আবাকান আৰু তেনাছোবিম প্রদেশ ব্ৰিটিছৰ হাতলৈ যাব।

(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব।

(ঘ) মানসকলে মণিপুৰৰ বজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।

(ঙ) আভাত এজন ব্রিটিছ প্রেছিডেণ্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমতি দিছিল। ইয়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায়। এই সন্ধিৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাব গ্রহণ কৰি ব্ৰিটিছৰ সাম্ৰাজাৰ পাতনি মেলিছিল।

Md. Mahadi Hasan

Our primary goal is to give right and exact data to our perusers . In the wake of investigating a ton we gather the data and distribute to our site. This blog is made for information, sports, training, innovation, diversion content. The greater part of my substance are about innovation . Here you can likewise discovered Quotes, discourse, jokes too. I trust this blog is help for you. This blog likewise substance Assamese language substance...

Post a Comment (0)
Previous Post Next Post