Breaking News
This website is the best free notes provider in assamese medium. I you have caught any mistake please contact,

সমাজ বিজ্ঞান | দ্বিতীয় খণ্ড- ভূগোল | প্রথম অধ্যায় ভূ-পৃষ্ঠৰ পৰিৱৰ্তন|

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

পাঠটোৰ মূলকথা

■ পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনশীল। সময়ৰ গতিত ভূ-পৃষ্ঠৰ সকলো পৰিৱৰ্তন ঘটে।

■ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা কাৰকবোৰৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। 

■ বাহ্যিক কাৰকবোৰৰ ভিতৰত প্ৰধানকৈ নদ-নদীয়ে বৰষুণ হোৱা ঠাইবোৰত, বতাহে মৰুভূমিত, হিমবাহে মেরু অঞ্চলত আৰু পৰ্বতৰ উচ্চাংশত আৰু সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলত ক্ৰিয়া কৰি পৰিৱৰ্তন সাধন কৰে।

 ■ নদ-নদীয়ে খনন, পৰিবহণ আৰু অৱক্ষেপণ প্রক্রিয়াৰে অৱবাহিত নানা ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে।

 ■ মরুভূমিৰ উপৰিভাগৰ গঠনত বতাহৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। মরুভূমিত সহজে দেখা পোৱা বালিয়ৰি, ইন্‌ছেলবার্গ, ইয়াবদাং আদিৰ সৃষ্টিত বতাহৰ ভূমিকা সৰ্বাধিক।

■ মেৰু অঞ্চলৰ লগতে ডাঙৰ পৰ্বতবোৰৰ উচ্চাংশত সৃষ্টি হোৱা অৱয়ববোৰ হিমবাহৰ ক্ৰিয়াৰ লগত জড়িত। পার্ব্যত্য হিমবাহে সৃষ্টি কৰা U-আকৃতিৰ উপত্যকা, জোঙা শৃংগ আৰু গ্ৰাববোৰে হিমালয়, আল্পছৰ দৰে পার্বত্য অঞ্চলত সুকীয়া ৰূপ দিছে। 

■ সাগব-মহাসাগৰৰ ঢৌৱে উপকূলত অহৰহ ক্ৰিয়া কৰি উপকূলৰ পৰিৱৰ্তন সাধন কৰে। উপকূল ৰেখা, থিয়গৰা, তট আদিৰ ঢৌৰ ক্ৰিয়াৰ ফলতে সৃষ্টি হয়। 

■ বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰৰ সমন্বিত ক্ৰিয়াই ভূ-পৃষ্ঠক বৰ্তমানৰ অৱস্থা পোৱাইছে। এই কাৰকবোৰৰ ক্ৰিয়াৰ ফলতেই ভৱিষ্যতেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তন হৈ থাকিব। কাৰকবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটিব।

চমু আৰু দীঘল প্রশ্নোত্তৰ

প্রশ্ন ১। ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। 

উত্তৰ : পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰে ৭১ শতাংশ মহাসাগৰ (জলভাগ) আৰু বাকী ২১ শতাংশ মহাদেশ (স্থলভাগ) আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, নদী-উপত্যকা, মরুভূমি, উপকূলীয় সমতল আদি দেখা যায়।

সেইদৰে মহাসাগৰ কেইখনো পানীত বুৰ গৈ থকা অৱস্থাত মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাঁদ, প্রবাল প্রাচীৰ আদি অৱয়ববোৰ আছে। তদুপৰি মহাসাগৰবোৰত সৰু ডাঙৰ বহুতো দ্বীপো আছে। ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিত এই অৱয়ববোব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অৱয়ববোৰৰ পৰিবর্তন ঘটে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ কাৰক।

প্রশ্ন ২। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।

উত্তৰ : পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনশীল। সময়ৰ গতিত ভূ-পৃষ্ঠৰ পৰিবৰ্তন ঘটে। ভূ-পৃষ্ঠত থকা বিভিন্ন অৱয়ববোৰৰ সৃষ্টিৰ অন্তৰালত বহুতো প্রাকৃতিক কাৰক বা প্রক্রিয়াই ক্রিয়া কবি এই কারবোৰে অন্বিতভাবে ক্রিয়া কৰি থকা ফলতেই ভূ-পৃষ্ঠৰ বিভিন্ন পরিবর্তন সাধন হয়।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা বাহ্যিক কাৰক (যেনে: সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আদি) সমূহৰ ধৰ্ম আৰু শক্তি সকলো স্থান আৰু কালত একে নহয়। ভূ-পৃষ্ঠৰ বেলেগ বেলেগ অঞ্চলত আৰু বেলেগ বেলেগ সময়ত সেইবোৰৰ ক্ৰিয়াৰ পাৰ্থক্য ঘটে। একোটা অঞ্চলব ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ একোটা প্রক্রিয়াইহে প্রাধান্য লাভ কৰে। সাধাৰণতে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্য অতি কম বৰষুণ হোৱা মৰভূমি অঞ্চলত বতাহৰ কাৰ্য, দুই মেরু অঞ্চলৰ লগতে অতি উচ্চ পার্বত্য অঞ্চলত হিমবাহৰ কাৰ্য আৰু সাগৰ-মহাসাগৰৰ উপকূল অঞ্চলত ঢৌৰ কাৰ্যই প্রধান ভূমিকা পালন কৰে। এইবোৰ কাৰকে সংশ্লিষ্ট অঞ্চলবোৰৰ ভূ-পৃষ্ঠৰ পৰিবর্তন সাধন কৰে। এই আটাইবোৰেই হৈছে ভূ-পৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক। 

প্রশ্ন ৩। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। 

উত্তৰঃ যিবোৰ কাৰকে ভূ-পৃষ্ঠত বাহিৰৰ পৰা ক্রিয়া কৰে সেই কাৰকবোৰক বাহ্যিক কাৰক বোলে। 

সৌৰ শক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ ঢৌ আদি বাহ্যিক কাৰকৰ অন্তর্গত। 

প্রশ্ন ৪। ভূমিকম্প আৰু আগ্নেয় উদ্‌গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? 

উত্তৰ ঃ ভূমিকম্প আক আগ্নেয় উদ্‌গীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, কাৰণ আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগব লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠব মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰাখে। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব বা বহি যাব পাৰে। আগ্নেয় উদ্‌গীৰণ সংঘটিত হ'লে ভূমিকম্প আৰু আগ্নেয়গিৰিৰো সৃষ্টি হয়।

প্রশ্ন ৫। নদী অববাহিকা বুলিলে কি বুজায়? নদী অববাহিকাৰ এটি চিত্র আঁকা। 

উত্তৰ : ভূ-পৃষ্ঠৰ বৃহৎ অংশত প্রৱাহিত বা নদ-নদীয়ে ক্রিয়া কবে। সাধাৰণতে অতি বেছি বৰষুণ হোৱা ঠাইবোৰত নদীৰ ক্ৰিয়া বেছি। সৰু বৰ সকলো নদীয়ে উপনদী, শাখানদী আদিৰ যোগেদি একো একোটা অৱবাহিকাৰ সৃষ্টি কৰে।

 সাধাৰণতে অৱবাহিকা হৈছে একোটা এলেকা য'ৰ পৰা নদী এখনে ইয়াৰ সৰু বৰ উপনৈৰ সৈতে বৰষুণ অথবা অন্য উৎসৰ পৰা লাভ কৰা পানী কঢ়িয়ায়।

প্রশ্ন ৬। উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা।

 উত্তৰ : সৰু নদী এখনে উৎসব পৰা সমভূমিব মাজেৰে বৈ আহি প্ৰধান নদীসমূহত মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে।

ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম হ'ল— (ক) পুঠিমাৰী (খ) মানাহ ।

প্রশ্ন ৭। নদীৰ খনন কার্যৰ এটি আভাস দিয়া।

উত্তৰ : সাধাৰণতে নৈৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে বাহিকাৰ উপৰিভাগত খননকার্য সাধিত হয়। আচলতে বায়ুমণ্ডলত থকা জলীয় বাষ্প ব্ৰষুণ আকাৰে ভূ-পৃষ্ঠত পৰিলেই ক্ষয়কাৰ্য আৰম্ভ হয়। বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ | যায় তেতিয়া পানীৰ খনন শক্তি বাঢ়ে। নৈৰ খননকার্য অৱবাহিকাটোৰ—

(ক) উপৰিভাগৰ গঠন (খ) অন্তর্ভাগৰ শিলাস্তৰৰ কঠিনতা (ঘ) প্রৱাহিত পানীৰ পৰিমাণ আদি কাৰকৰ (গ) উদ্ভিদৰ আৱৰণ ওপৰত নিৰ্ভৰ কৰে। 

 নদীৰ খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যদিও নদীৰ গতিপথৰ ভূতাত্ত্বিক | গঠন আৰু পানীৰ খনন শক্তিয়েই প্রধান।

প্রশ্ন ৮। নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায়।

উত্তৰঃ নদী এখনে উচ্চভূমিৰ থিয় ঢালেৰে নামি আহি মৃদু ঢালযুক্ত ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ খননকাৰ্যৰ পৰিবর্তন ঘটে। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক আৰু দ হয়। ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে নদীৰ গতিবেগ হ্রাস পাই আহে আৰু সোঁতে কঢ়িয়াই অনা গেদবোৰ ক্ৰমে জমা হ’বলৈ ধৰে। ইয়াৰ ফলত নদীব গভীৰতা কমি আহে৷ গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ গতিতে নদীয়ে দুয়োপাৰত খননকার্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। এনে ধৰণৰ খননকাৰ্যক পাৰ খনন বা পার্শ্বখনন বোলা হয়। 

প্রশ্ন ৯। অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। 

উত্তৰঃ ভৈয়াম বা সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ যাওঁতে নদীৰ গতি পথ স্বাভাৱিকতে একা-বেঁকা হৈ পৰে। নদীৰ পাৰ্শ্বখনন কাৰ্যই ইয়াৰ গতিপথ আৰু অধিক একা-বেঁকা কৰি তোলে। নদীৰ এনে গতিক বক্রগতি বা সর্পিল গতি বুলি কোৱা হয়। কোনো কোন ঠাইত নদীৰ গতি ইমান ভাঁজযুক্ত হৈ পৰে যে এনে গতিপথে বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত কঢ়িয়াব নোৱৰাত পৰে তেতিয়াই নদীয়ে গতি পোন কৰি গতিপথৰ অতি ভাঁজ থকা অংশ এৰি দিয়ে। এৰি দিয় অংশই পিছত হ্রদ বা বিলৰ ৰূপ লয়। ঘোঁৰাব খুৰা আকৃতিৰ এনে হ্ৰদক অশ্বখুৰা হ্রদ বোলা হয়।

প্রশ্ন ১০। প্লাবনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰ : সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপারে । যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি বোলা হয়। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপানে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে। প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। অংশ উঠি আহিব বা বহি যাব পাৰে। আগ্নেয় উদ্‌গীবণ সংঘটিত হ'লে ভূমিকম্প আৰু আগ্নেয়গিৰিৰো সৃষ্টি হয়।

প্রশ্ন ৫। নদী অববাহিকা বুলিলে কি বুজায় ? নদী অববাহিকাৰ এটি চিত্র আঁকা।

উত্তৰ : ভূ-পৃষ্ঠৰ বৃহৎ অংশত বাহিত আল বা নদ-নদীয়ে ক্রিয়া কৰে। সাধাৰণতে অতি বেছি বৰষুণ হোৱা ঠাইবোৰত নদীৰ ক্ৰিয়া বেছি। সৰু বৰ সকলো নদীয়ে উপনদী, শাখানদী আদিৰ যোগেদি একো একোটা অৱবাহিকাৰ সৃষ্টি কৰে। উপনদীসাধাৰণতে অববাহিকা হৈছে একোটা এলেকা য’ৰ পৰা নদী এখনে | ইয়াৰ সৰু বৰ উপনৈত সৈতে বৰষুণ অথবা অন্য উৎসৰ পৰা লাভ কৰা পানী কঢ়িয়ায় ।

প্রশ্ন ৬। উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা। 

উত্তৰ : সৰু নদী এখনে উৎসব পৰা সমভূমিৰ মাজেৰে বৈ আহি প্রধান নদীসমূহত মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম হ'ল– (ক) পুঠিমাৰী (খ) মানাহ।

প্রশ্ন ৭। নদী খনন কার্যৰ এটি আভাস দিয়া।

উত্তৰ : সাধাৰণতে নৈব পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত খননকার্য সাধিত হয়। আচলতে বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাবে ভূ-পৃষ্ঠত পৰিলেই ক্ষয়কাৰ্য আৰম্ভ হয়। বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া পানীৰ খনন শক্তি বাঢ়ে। নৈৰ খননকার্য অৱবাহিকাটোর—

(ক) উপবিভাগব গঠন (গ) উদ্ভিদৰ আৱৰণওপৰত নিৰ্ভৰ কৰে।

(খ) অন্তর্ভাগৰ শিলাস্তবৰ কঠিনতা (ঘ) প্রবাহিত পানীৰ পৰিমাণ আদি কাৰকৰ নদীৰ খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যদিও নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিয়েই প্রধান।

প্রশ্ন ১১। নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা। 

উত্তৰ ঃ নদীৰ বুকুত বালি-বোকাবোৰ জমা হৈ হৈ বালিচৰৰ সৃষ্টি হয়। এই বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকার-আকৃতিৰ হয়। বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়। মাজুলী নামৰ বৃহৎ নদী-দ্বীপটোও একপ্ৰকাৰৰ বালিচৰ।

প্রশ্ন ১২। ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

 উত্তৰ : উপকূলৰ কাষৰীয়া নদীৰ মোহনাত ব-দ্বীপ গংগা নদীৰ মোহনাত ব-দ্বীপ অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ 'ব' বা ইংৰাজীব 1.D' আখৰৰ দৰে। সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত গংগা, | ব্রহ্মপুত্র, নীল, মিছিছিপি আদি নদীৰ | ব-দ্বীপ পৃথিৱী বিখ্যাত।

বিভিন্ন আকাৰ আকৃতিৰ বালিৰ পাহাৰ

প্রশ্ন ১৩। মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্রবল হয় লিখা।

উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ বাবে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আনঠাইলৈ  কঢ়িয়াই নিব পাৰে। অবনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধূলিৰ ধুমুহা উদ্ভব হয়। 

প্রশ্ন ১৪। অৱনমন বুলিলে কি বুজায় ?

উত্তৰঃ মৰুপৃষ্ঠত উদ্ভিদৰ আৱৰণ তেনেই পাতলীয়া হোৱা কাৰণে বতাহে সহজে | ধূলি-বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কার্যক অৱনমন বোলা হয়। 

প্রশ্ন ১৫। বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰ ঃ বতাহে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয় তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়। বতাহৰ ধৰ্ম, গতিপথ, শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ-আকৃতি বেলেগ বেলেগ হয়।

প্রশ্ন ১৬। ইনছেলবার্গ কি?

উত্তৰ ঃ সাধাৰণতে অপঘৰ্ষণৰ পৰিণতিতেই ইনছেলবার্গ সৃষ্টি হয়। ইনছেলবার্গ হৈছে মৰুভূমিত থকা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। জার্মান শব্দ ইনছেলবাগ'ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাথৰ ব৷ পৰ্বত। ইনছেলবাৰ্গবোৰ একোখন পৰ্বত ক্ষয় গৈ গৈ ৰৈ যোৱা কঠিন অংশ মাথোন।

প্রশ্ন ১৭। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা। 

উত্তৰ ঃ পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থক বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰ্বে নামি আহে। এনেদবে নামি তাহা বৰফৰে হিমবাহ বুলি কোৱা হয়। হিমবাহ আৰু নদীৰ মাজত থকা পার্থক্যসমূহ হ'ল

(ক) হিমবাহৰ গতি অতি লেহেম হয়।

(ক) নদীৰ গতি উচ্চভূমি অঞ্চলত ক্ষিপ্ত হয়।

(খ) হিমবাহৰ খননৰ গতি অতি লেহেমীয়া। 

(খ) নদীৰ খননৰ গতি অতি ক্ষিপ্ত হয়।

গ) হিমবাহে ভ্ৰামলিন, এস্কাৰ, কেম আদি

 (গ) নদীয়ে বালিচৰ, প্লাৱনভূমি, প্রাকৃতিক বান্ধ, ব-দ্বীপ আদি অৱয়বৰ সৃষ্টি কৰে।

(ঘ) নদীয়ে কেৱল ওপঙি থকা কিছুমান পদার্থহে কঢ়িয়াই আনে।

(ঘ) হিমবাহ কোনো উপত্যকাৰে নামি আহোঁতে বৰফৰ বাহিৰেও আন পদাৰ্থবোৰ কঢ়িয়াই আনে।

প্রশ্ন ১৮। গ্রাব কি ? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।

উত্তৰ : হিমবাহ কোনো উপত্যকাৰে নামি আহোঁতে বৰফৰ বাহিৰে অন্য যিবোৰ পদার্থ কঢ়িয়াই আনে সেইবোৰকে সামগ্ৰিকভাৱে গ্ৰাব বোলা হয়। গ্রাব চাৰি প্ৰকাৰৰ— (ক) পার্শ্বগ্রাব (খ) ভূমিগ্রাব (গ) মধ্যগ্রাব (ঘ) প্রান্তগ্রাব 

(ক) পাৰ্শ্বগ্রাব ঃ হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক পাৰ্শ্বগ্রাব বুলি কোৱা হয় 

(খ) ভূমিগ্রাব ঃ হিমবাহ উপত্যকাৰ তলিয়েদি বৈ অহা গ্রাবক ভূমিগ্রাব বোলা হয়।

 (গ) মধ্যগ্রাব ঃ কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰপৰা দুটা হিমবাহ মিলি দুয়োটাৰে পাৰ্শ্বগ্রাব সংযোজিত হৈ ডাঙৰ হিমবাহৰটোৰ মাজেৰে উটি যাবলৈ ধৰে। এনে গ্ৰাবক মধ্যগ্ৰাব বুলি কোৱা হয়।

(ঘ) প্ৰান্তগ্রাব : হিমবাহৰ শেষ সীমাত জমা হোৱা গ্ৰাবক প্রান্তগ্রাব বোলে।

প্রশ্ন ১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।

 উত্তৰ : পার্বত্য বা উপত্যকা হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ আপ্সছ, উত্তৰ আমেৰিকাৰ ৰ'কি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায়। এই হিমবাহবোৰ সাধাৰণতে দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নামি আহে। এনে হিমবাহে বৰফখণ্ডৰ লগতে সৰু-বৰ শিল, বালি, জৈৱিক পদার্থ আদি কঢ়িয়াই আনে। হিমবাহে কঢ়িয়াই অনা এই পদাৰ্থবোৰে গতিপথত সহজতে খননকার্য চলায়। কোনো এখন পৰ্বতৰ গাৰে এনে ধৰণৰ কেইবাটাও হিমবাহ বৈ গ’লৈ সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ শীৰ্যাংশই চোকা জোঙৰ ৰূপ লয়। এইবোৰক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয়। আল্লছ আৰু হিমালয় পর্বতত এনেধৰণৰ বহুতো ক্ষয়জনিত জোঙা শৃংগ আছে।

প্রশ্ন ২০। উপকূল কাক বোলে?

উত্তৰ: সাগৰ মহাসাগৰৰ পাৰ বা তীব্রক উপকূল (Coast) বোলা হয়।

প্রশ্ন ২১। বালিয়াট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা। 

উত্তৰ: সাগৰৰ ঢৌৱে ক্রিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাবিকভাবেই এক প্ৰকাৰৰ সমতল সদৃশ অবয়ব সৃষ্টি হয়। প্রধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অবয়বক বালিয়াতট বোলা হয়।

বালিয়াতটৰ গুৰুত্ব হ'ল--

সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। এই ধৰণৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হ'ব পাৰে। উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকর্ষণ কৰে। যেনে— চেন্নাইৰ মেৰিনা বালিয়াট। 

প্রশ্ন ২২। সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা। 

উত্তৰ : সাগৰ-মহাসাগৰৰ উপকূল অঞ্চল তিনিটা প্ৰধান কাৰকৰ দ্বাৰা ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। এই কাৰক তিনিটা হ'ল

(ক) বৰষুণ. (খ) বতাহ, (গ) সাগৰৰ টৌ এই তিনিটা কাৰকৰ ভিতৰত সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ যথেষ্ট পৰিৱর্তন সাধন কৰে। অৱশ্যে পৃথিৱীৰ সকলো উপকূলতে ঢৌৰ প্ৰভাৱ একে নহয়। উপকূলৰ ভূতাত্ত্বিক গঠন, কাষৰীয়া সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহৰ ক্ৰিয়া, উপকূলীয় উদ্ভিদৰ আৱৰণ আদি বহুতো কাৰকৰ ওপৰত ঢৌৰ ধৰ্ম আৰু প্ৰাৱল্য নিৰ্ভৰ কৰে। ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগর-মহাসাগৰৰ উপকূলত কিছুমান অৱয়বৰ সৃষ্টি হৈছে। উপকূলত সৃষ্টি হোৱা এই অৱয়ৱবোৰৰ কিছুমান ক্ষয়জনিত আৰু কিছুমান অৱক্ষেপণজনিত হয়। সাগৰ-মহাসাগৰৰ ঢৌৱে ক্ৰিয়া কৰি উপকূলৰ তট অংশত বালিয়াতট অৱয়বৰ সৃষ্টি কৰে। উপকূল অঞ্চল পাহাৰীয়া আৰু টান শিলেৰে গঠিত হ’লে ঢৌৱে থিয় গৰাৰ সৃষ্টি কৰে।

প্রশ্ন ২৪। ভূ-পৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা।

উত্তৰ ঃ ভূ-পৃষ্ঠত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে অবিৰতভাৱে ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে। সাধাৰণতে আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰে হঠাতে ভূ-পৃষ্ঠৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। এনে প্ৰক্ৰিয়াই (ভূমিকম্প, আগ্নেয় উদ্‌গীৰণ) প্ৰায়ে ভূ-পৃষ্ঠৰ সমতা নষ্ট কৰি ইয়াক ঠাইবিশেষে ওখ-চাপৰ কৰি তোলে।

আনহাতে বাহ্যিক কাৰকবোৰে নানা প্ৰকাৰে ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ ওখ ঢাপবোৰ কমাই আনি ইয়াক সমতা প্ৰদান কৰিবলৈ চেষ্টা কৰে। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে ক্ৰিয়া কৰি থকাৰ বাবে আমাৰ পৃথিৱীৰ উপৰিভাগে বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছে। এইবোৰ কাৰকে ভৱিষ্যতেও ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ ৰূপৰ পৰিৱৰ্তন সাধন কৰিব।

Md. Mahadi Hasan

Our primary goal is to give right and exact data to our perusers . In the wake of investigating a ton we gather the data and distribute to our site. This blog is made for information, sports, training, innovation, diversion content. The greater part of my substance are about innovation . Here you can likewise discovered Quotes, discourse, jokes too. I trust this blog is help for you. This blog likewise substance Assamese language substance...

Post a Comment (0)
Previous Post Next Post