Breaking News
This website is the best free notes provider in assamese medium. I you have caught any mistake please contact,

অথনীতিৰ মৌলিক বিষয়সমূহ | Lesson 1 Economic | Class 9 Social Science Economic Science Question and answer Assam | Class 9 Economic Social Science Suggestion and Notes Assam |

 অথনীতিৰ মৌলিক বিষয়সমূহ | Lesson 1 Economic | Class 9 Social Science Economic Science Question and answer Assam | Class 9 Economic Social Science Suggestion and Notes Assam |

Lesson:1

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ


অতি চমু উত্তৰৰ প্রশ্নঃ

১ । অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?

উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক শব্দ `Oikonomia' ৰ পৰা অনা হৈছে।

২ । অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লােৱা হৈছে ?

উত্তৰঃ  অৰ্থনীতি শব্দটো 'Oikonomia' ৰ শব্দৰ পৰা লোৱা হৈছে।

৩ । অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল এডাম স্মিথ।

৪ । অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল।

৫। অর্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্ছেলে আগবঢ়াইছিল।

৬ | অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়'নেল ৰবিন্সে আগবঢ়াইছিল।

৭ । এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ এডাম স্মিথে  'An Enquiry into the Nature and Causes of the Wealth of Nations' ত ১৭৭৬ চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল।

৮ । আলফ্রেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ আলফ্ৰেড মাৰ্ছেলে  'Principles of Economics' ত   ১৮৯০ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

৯ । লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ লায়'নেল ৰবিন্সে 'An Essay on the Nature and significance of Economic Science' ত ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

১০ । এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল।

১১ । দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?

উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

১২ । কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?

উত্তৰঃ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়।

১৩ । উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?

উত্তৰঃ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।

১৪ । 'Micro ' আৰু  'Macro' শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে ?

উত্তৰঃ 'Micro' শব্দটো গ্ৰীক শব্দ 'Mikros' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল `সৰু'।

চম উত্তৰৰ প্ৰশ্নঃ 

১। এডাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ 'অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান' "Economics is the Science of Wealth" ।

২। মাৰ্ছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ মাৰ্ছেলৰ মতে, অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল   'মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি' ।  ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে , যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত । 

৩ ।  ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ ৰবিন্সৰ মতে, অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল 'যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি'।

৪। ছেমুৱেলছন আৰু নৰ্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছৰ মতে, অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল 'দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়'।

৫। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?
 উত্তৰঃ  ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ'লঃ
ক) মানুহৰ অভাৱ অসীম।
খ) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

৬ । ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত।

 ৭ । সমষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত।

 ৮ । আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা ।

উত্তৰঃ আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে - বিজুলীৰ পোহৰ, খাদ্য, বস্ত্ৰ আদি আৰ্থিক বস্তু।
                আনহাতে
 অনাআৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান। যেনে - সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্যাদি।

৯ । ৰাষ্ট্ৰীয় আয় কাক বােলে ?

উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মূদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় বোলে । 

১০।  জনমুৰি আয়ৰ সূত্ৰটো লিখা ।

উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।
       
           অৰ্থাৎ,
                  





দীঘল উত্তৰৰ প্রশ্নঃ  

১ । অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা ।

উত্তৰঃ অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ'লঃ
সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক। সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ কি? বিশ্বায়ন বা গোলকীকৰণ কি? ইয়াৰ সুফল আৰু কুফল সমূহ কি কি? অৰ্থনৈতিক বিকাশ কি? পৰিৱেশীয় অৰ্থনীতি কি? এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতিত অধ্যয়ন কৰা হয়।

২ । অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযােগ্য আৰু কিয় ! ব্যাখ্যা কৰা ।

উত্তৰঃ অৰ্থনীতিবিদ লায়'নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ 'An Essay on the Nature and significance of Economic Science' ত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে, 'যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি'।
এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছেঃ

১) মানুহৰ অভাৱ অসীম।

২)অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।

৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

        এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যা সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দি সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ (বাছনি) সমস্যা বোলা হয়। ৰবিন্সৰ সংজ্ঞাক দুষ্প্ৰাপ্ৰতা (নাটনি)ৰ সংজ্ঞা বুলি কোৱা হয়।
       এনেবোৰ কাৰণতে ৰবিন্সৰ সংজ্ঞাটোক অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হয়।

৩ । অর্থবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা ।

উত্তৰঃ অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আৰ্থিক কাৰ্যকলাপক সামৰি লয়। অনাআৰ্থিক কাৰ্যকলাপ অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত ধৰা নহয়। অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়সমূহ তলত উল্লেখ কৰা হ'লঃ
১) ভোগকাৰ্যঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

২) উৎপাদনঃ  উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।উৎপাদনৰ চাৰিটা উপাদান - ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়।

৩) বিতৰণঃ সামগ্ৰীৰ উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকাৰ্য সম্ভৱ হৈ উঠিব। বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ব 'বিতৰণ' বিষয়ৰ মাজত আলোচনা কৰা হয়।

৪) বিনিময়ঃ কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰে। এনেক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে, আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তজাৰ্তিক, বিনিময় হয়। অৰ্থনীতিত এই দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয়।

৫) মুদ্ৰাঃ দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু প্ৰকাৰ ইত্যাদিৰ বিষয়ে কৰা আলোচনা অৰ্থনীতি পৰিসৰৰ অন্তৰ্গত।

৬) আয়ঃ জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনৈতিক পৰিসৰৰ অন্তৰ্গত।

৭) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞানঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান।

৮) কল্যাণকামী অৰ্থনীতিঃ কেৱল ভোগকাৰ্য, উৎপাদন তথা বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব নোৱাৰে। এনেবোৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটো মন কৰিব লাগিব। অৰ্থনীতিবিদ এ চি পিগু, ভিলফ্ৰেড'  পেৰেট',  হিক্স  অৰ্মত্য সেন, কল্যাণকামী আদিয়ে অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছে।

৯) পৰিবেশীয় অৰ্থনীতিঃ এহাতে অৰ্থনৈতিক উন্নতি ক্ষিপ্ৰতৰ কৰাৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনোনিৱেশ আৰু আনহাতে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে। এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতি বিষয়ত অন্তৰ্ভুক্ত কৰা হৈছে। এই সংযোজনে অৰ্থনীতি বিষয়ত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

১০) দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয়।
       ওপৰোক্ত বিষয়সমূহ অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে। কিন্তু এটা কথা মন কৰিবলগীয়া যে বৰ্তমান গতিশীল পৃথিৱীত কোনো এটা বিষয়ৰ পৰিসৰ সীমাবদ্ধ হৈ নাথাকে।
সেয়েহে অৰ্থবিজ্ঞানৰ ভিতৰত গোলকীয় অৰ্থনীতিৰ নতুন ধাৰণা, বহনক্ষম উন্নয়ন আদি নতুন নতুন বিষয় অন্তৰ্ভুক্ত হৈ ইয়াৰ পৰিসৰো বৃদ্ধি হৈছে।
Md. Mahadi Hasan

Our primary goal is to give right and exact data to our perusers . In the wake of investigating a ton we gather the data and distribute to our site. This blog is made for information, sports, training, innovation, diversion content. The greater part of my substance are about innovation . Here you can likewise discovered Quotes, discourse, jokes too. I trust this blog is help for you. This blog likewise substance Assamese language substance...

Post a Comment (0)
Previous Post Next Post